প্ৰাৰ্থনা : ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম (লেছাৰি ছন্দ)

ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া-শয্যা মাজে আছয় ঘুমটি যাই |
তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯
ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি
কাল-সৰ্পে দংশি হৰিল চেতন তাৰ |
মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিত
দয়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ ||৬৬০
সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |
দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুঃখে আৰ্ত্তনাদ কৰি
নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||৬৬১

|| অনুতাপ ||
মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
তোমাৰ চৰণে শৰণ কৰিলোঁ সাৰ |
নমো দেৱ দীন-দুখ-হাৰী দয়াশীল দামোদৰ প্ৰভু
আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||৬৬২
হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |
প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত
কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩
হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ ত্যজি তযু পদ চিন্তি নিত
গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |
তাসম্বাৰ মুখপদ্ম বাজ হুইবে তযু কথামৃত-নদী
তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||৬৬৪


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত