প্ৰাৰ্থনা : অচিন্ত্য অনন্ত শকতিৰ পতি (ঘোষা ছন্দ)

অচিন্ত্য অনন্ত শকতিৰ পতি
হৰি হৰি হৰি হৰি এ
তুমি কৃপাময় দেৱ অগতিৰ গতি |
তুমি সত্য সনাতন সদাশিৱ
হৰি হৰি হৰি হৰি এ
তোমাৰ চৰণে মাগোহোঁ নিৰ্ম্মল ৰতি ||৮১৫
হে হৰি মোৰ মুখে নছাড়োক
হৰি হৰি হৰি হৰি এ
পৰম নিৰ্ম্মল তযু গুণ-নাম-যশ |
কৰা কৃষ্ণ কৃপা মনত মিলোক
হৰি হৰি হৰি হৰি এ
তযু পদ-সেৱা-পৰম-অমিয়া-ৰস ||৮১৬
জয় জয় ৰাম কৰুণা সাগৰ এ
মোক নাৰায়ণ ইবাৰ কৰিয়ো দায়া |
অভয় চৰণে শৰণ পশিলোঁ এ
প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া ||৮১৭
যাদৱ যদু-নন্দন গোৱিন্দ মুকুন্দ মুৰবিনাশী |
অবিদ্যা-সাগৰে মজিলো মাধৱ
উদ্ধাৰ কৰিয়ো আসি ||৮১৮
জীৱন যাদৱৰায় সেৱোহো তোমাৰ পায়
ৰাম নেৰিবা নফৰ-দায় |
তুৱা পাৱে ৰতি যিমতে কৰিবো
দিয়োক নাথ উপায় ||৮১৯
যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো |
শ্ৰৱণ-কীৰ্ত্তন নিৰ্ম্মল ভকতি
কাকূতি কৰিয়া মাগো ||৮২০
দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি |
দান্তে তৃণ কৰোঁ চৰণত ধৰোঁ
নেড়িবা মোক মুৰাৰি ||৮২১
কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু |
তোমাৰ কৃপাৰ আমি নোহো পাত্ৰ
তুমি পুনু দীনবন্ধু ||৮২২
ৰাম কৃষ্ণ হৰি গোৱিন্দ
দীন-দায়াশীল স্বামী |
তোমাৰ চৰণে সহজ বাসনা শৰণ মাগোহো আমি ||৮২৩
জয় যদুপতি যাদৱ তুমি অগতিৰ গতি |
দান্তে তৃণ ধৰি তোমাৰ চৰণে
মাগোহো সাধু-সঙ্গতি ||৮২৪
ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰে |
অভয় চৰণে শৰণ পশিলোঁ চুৰিয়ো মায়া হামাৰে ||৮২৫
গোৱিন্দ গোপাল গোপীনাথ
দয়া নছাড়িবা মোৰে |
অপাৰ সংসাৰ আৰ নাহি পাৰ
মজিলো এ দুখ ঘোৰে ||৮২৬
হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ |
কৰা হৰি মোৰ মায়া উপশাম নাৰায়ণ নাৰায়ণ ||৮২৭
গুপীনাথ ইবাৰ মোক নেড়িয়ো |
তযু মায়াজাল জঞ্জাল গুচায়া
চৰণে শৰণ দিয়ো ||৮২৮
গোপাল গোপাল পালয় কৃপাময় |
তুৱা পাৱে মোৰ মতি ৰতি যেন নছাড়য় ||৮২৯
ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতিৰ গতি না এ
তুৱা পদ-কমলৰ মকৰন্দ-ৰসে ৰতি
কৰিয়া থাকোক মোৰ মতি না এ ||৮৩০
জয় যাদৱ যদুপতি এ
তুৱা পাৱে পশিলোঁ শৰণ না এ |
ভাল কথা শুনি আছে মনে লৈলো সাৰ বাছি
তুৱা নাম পতিত পাৱন না এ ||৮৩১
প্ৰাণ-বান্ধৱ মাধৱ এ দায়াশীল দৈৱকী-নন্দন না এ
তুমি দেৱ দীন-বন্ধু কেৱলে কৰুণাসিন্ধু
কৰোঁ তযু চৰণে বন্দন না এ ||৮৩২
মোৰ প্ৰাণ-বন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো |
আন একো কাম নমাগো তোমাৰ
ভৃত্যৰ সঙ্গত থৈয়ো ||৮৩৩
চিদানন্দ ৰাম সদানন্দ হৰি |
নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি ||৮৩৪
হৰি ও তুমি আনন্দ-সিন্ধু |
হামো ভিক্ষাৰী মাগো এক বিন্দু ||৮৩৫
মধু-ৰিপু ৰাম ৰঘু-পতি |
তোমাৰ চৰণে মোৰ গতি ||৮৩৬
অৰুণ চৰণে দিয়ো ছায়া ৰাম |
তেৱেসে তৰিবো তযু মায়া ৰাম ||৮৩৭
দান্তে তৃণ ধৰি হৰি চৰণত লাগো |
তযু কৃপাৰসৰ কণিকা এক মাগো ||৮৩৮
দয়া কৰা দয়া কৰা মোৰে হে ৰাম |
তোমাৰ চৰণ হৰি হৃদয়-পঙ্কজে ধৰি
মুখে লৈবো তুৱা গুণ-নাম যদুমনি এ ||৮৩৯
ৰাম-কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ |
অনাথক দয়া কৰা কৃপাময় এ হৰি নাৰায়ণ ||৮৪০
নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ |
তোমাৰ অৰুণ চৰণ-পঙ্কজে নিমজোক মেৰি মন ||৮৪১
নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ |
মজোক মন জয় ৰাম ||৮৪২


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত