প্ৰাৰ্থনা : তুমি সৰ্ব্বসাখী আত্মা হৃষীকেশ (দুলড়ি ছন্দ)

তুমি সৰ্ব্বসাখী আত্মা হৃষীকেশ
জানাহা মোৰ চিত্তক |
শৰণাগতক মঞি আতুৰক
উপেক্ষা কৰা কিসক ||৩০৩
হে কৃষ্ণদেৱ মঞি আতুৰক
চৰণে কৰা উদ্ধাৰ |
তিনি তাপময় সংসাৰ-নিকাৰ
সহিতে নপাৰো আৰ ||৩০৪
বাহিৰে ভিতৰে তুমি হৰি গুৰু
আছাহা চৈতন্য-ৰূপে |
দিয়োক সুমতি তুমি বিনে গতি
নাহিকে কৈলো স্বৰূপে ||৩০৫
হৰি ও হৰি কৰুণা-সাগৰ
কৰিয়ো কৃপা আহ্মাক |
প্ৰিয়তম আত্মা সখা ইষ্ট দেৱ
মানিয়া আছো তোহ্মাক ||৩০৬
হে হৰি মোক দুৰাচাৰ বুলি
নকৰিবা পৰিহাৰ |
তুমি বিনে মহা- পতিত-পাৱন
কোন দেৱ আছে আৰ ||৩০৭
নমো নমো ৰাম কৃষ্ণ প্ৰভু দেৱ
তুমি মোৰ নিজ গতি |
হুয়োক সদয় যিমতে ৰহয়
তোহ্মাত নিৰ্ম্মল ৰতি ||৩০৮
নমো নমো কৃষ্ণ তোমাৰ ভকতি
মুকুতিতো কৰি বলে |
মোৰ তাকে মন দিয়োক শৰণ
অৰুণ-চৰণ-তলে ||৩০৯
চৰণত ধৰো কাতৰ কৰোহো
ইবাৰ নেৰিয়ো হৰি |
পতিত-পাৱন দেৱ নাৰায়ণ
নাহিকে তোহ্মাৰ সৰি ||৩১০
এ ভৱ-সাগৰে মজি নাৰায়ণ
আতুৰ ভৈলো আপাৰ |
দীন অনাথক তুমি কৃপাময়
চৰণে কৰা উদ্ধাৰ ||৩১১
হে হৰি তযু মায়ায়ে আমাক
ভাণ্ডিছে কৰি কপট |
দূৰ কৰা মায়া চাপোহো তোহ্মাৰ
চৰণ ছত্ৰ-নিকট ||৩১২
পতিত-পাৱন ৰাম নাৰায়ণ
চৰণে মোক উদ্ধাৰ |
আমি পতিতৰ পতিত-পাৱন
নামৰ পৰীক্ষা কৰা ||৩১৩
পতিত-পাৱন নাম নাৰায়ণ
প্ৰসিদ্ধ সমস্ত জনে |
আমি মহাপাপী শৰণে পশিলো
ৰাখিয়ো নিজ চৰণে ||৩১৪
হে হৰি মঞি অনাথক দায়া
কৰা হৰি একবাৰ |
কৃপা-ৰসে তিন্তি অৰুণ-বৰণ
চৰণ ভৈল তোহ্মাৰ ||৩১৫
কৃপাৰ সাগৰ দেৱকী-নন্দন
পূৰিয়ো মনৰ কাম |
ভকতৰ সঙ্গ সদা নুগুচোক
মুখে তুৱা গুণ নাম ||৩১৬
কোটি কোটি ঘোৰ অপৰাধ নিতে
কৰো আমি দুৰাশয় |
হে হৰি মোক দাস হেন মানি
ক্ষমিয়োক কৃপাময় ||৩১৭
অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ
তুমিসে নিত্য নিৰ্ম্মল |
গুচায়ো কুমতি ভজোহো কেৱলে
তোহ্মাৰ পদ-কমল ||৩১৮
হে ভগৱন্ত ভজোহো তোহ্মাৰ
অভয় পদ-কমলে |
মঞি অনাথক ৰাখিয়ো ঈশ্বৰ
অৰুণ-চৰণ-তলে ||৩১৯
হে কৃষ্ণ কৃপা- ময় প্ৰভু মোক
কৰা কৃপা এহিমান |
তোহ্মাৰ চৰণে ৰহোক আহ্মাৰ
সদায় নিৰ্ম্মল জ্ঞান ||৩২০
জয় জগবন্ধু জগত-কাৰণ
নাৰায়ণ নিৰাকাৰ |
কেৱলে তোহ্মাৰ চৰণ-পঙ্কজে
ৰহোক ৰতি আহ্মাৰ ||৩২১
দীন দয়াশীল দেৱ দামোদৰ
দীনক নেৰিয়ো মোক |
হেন কৃপা কৰা তযু পাৱে মোৰ
সহজে ৰতি মিলোক ||৩২২
তোহ্মাৰ চৰণ- সেৱাৰ গোবিন্দ
নজানো একো উপায় |
যিমতে সেৱাত ৰহিবো কৰুণা
কৰিতে হৰি যুৱাই ||৩২৩
হে প্ৰাণ-হৰি দান্তে-তৃণ ধৰি
মাগোহো তোহ্মাৰ পাৱে |
মোৰ মন মজি তোহ্মাৰ পাৱত
ৰহোক হৰি স্বাভাৱে ||৩২৪
জ্বৰ তাপ পীড়া মৰণ সময়ে
কৰা হৰি কৃপা মোক |
তযু গুণ-নাম- শ্ৰবণ স্মৰণ
বচন-গোচৰ হোক ||৩২৫
গোপিনীৰ ধন ব্ৰজৰ জীৱন
মোহন ৰাম গোবিন্দ |
পৰম সাদৰে শিৰে তুলি ধৰো
তযু পদ-অৰবিন্দ ||৩২৬


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত