প্ৰাৰ্থনা : হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ (পদ ছন্দ)

হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ |
অণু এক কৰা দায়া মায়া হৌক দূৰ ||৫৩৩
জয় জয় কৃপাময় দেৱ যদুপতি |
তোমাৰ চৰণে মাগো অমূল্য ভকতি ||৫৩৪
হে হে পৰমানন্দ প্ৰভু কৃপা-সিন্ধু |
ভকতি-আনন্দ-ৰস মাগো এক বিন্দু ||৫৩৫
পতিত পড়িয়া ৰৈলো এ ভৱ-সাগৰে |
পতিত-পাৱন নাম বৈল কিবা তৰে ||৫৩৬
অৰুণ চৰণে মই পাপীক তাৰিয়ো |
পতিত-পাৱন নাম সাফল কৰিয়ো ||৫৩৭
আতুৰ ভৈলোহো হৰি বিষয়-বিকলে |
কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে ||৫৩৮
হে কৃষ্ণ কৃষ্ণ নাথ কৰা পৰিত্ৰাণ |
তনু-নাৱ বুৰি আসে নাহিকে গিয়ান ||৫৩৯
নাম-ধন দিয়া মোকে কিনা বনমালী |
দাস পায়া নলৱা কমন ঠাকুৰালি ||৫৪০
নিজ দাস কৰি হৰি মোকে কিনা কিনা |
আন ধন নলাগয় নাম-ধন বিনা ||৫৪১
জয় জয় ৰাম কৃষ্ণ শৰণ তোহ্মাৰ |
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ ||৫৪২
দিয়ো দৰিশন পাৱে পশিলো শৰণ |
ভকতজনৰ ধন তুমি নাৰায়ণ ||৫৪৩


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত