|| পদ ||:
নমো নাৰায়ণ :: সংসাৰ কাৰণ ৷
ভকত তাৰণ :: তোমাৰ চৰণ ৷৷
তুমি নিৰঞ্জন :: পাতক ভঞ্জন ৷
দানব গঞ্জন :: গোপিকা ৰঞ্জন ৷৷
বেদান্ত গায়ক :: বংশীক বায়ক ৷
জগত নায়ক :: মুকুতি দায়ক ৷৷
ভকতৰ ঋদ্ধি :: কৰা সৰ্ব সিদ্ধি ৷
বিধাতাৰ বিধি :: দীন দয়া নিধি ৷৷
ভকতি ৰোচন :: দুখ সঙ্কোচন ৷
পাতক মোচন :: কমল লোচন ৷৷
দৈত্য অন্তকাৰী :: গোবৰ্দ্ধন-ধাৰী ৷
ভয়-ভৱ-হাৰী :: তুমিহি মুৰাৰী ৷৷
কালিক দমিলা :: পুতনা শুষিলা ৷
দেৱক তুষিলা :: ব্ৰজক ভূষিলা ৷৷
কেশী বত্স বক :: সমস্ত দৈত্যক ৷
লগাইলা চমক :: ডকাইলা যমক ৷৷
তুমি বাৰম্বাৰ :: হুয়া অৱতাৰ ৷
পৃথিৱীৰ ভাৰ :: খণ্ডিলা অপাৰ ৷৷
ইন্দ্ৰক দমিলা :: ব্ৰহ্মায়ো নমিলা ৷
বনত ভ্ৰমিলা :: গোপীক ক্ৰীড়িলা ৷৷
পশি ৰঙ্গশাল :: যত মহামাল ৷
কৰিয়া আস্ফাল :: বধিলা গোপাল ৷৷
তযু গুণনাম :: ধৰ্ম অনুপাম ৷
মোক্ষ অৰ্থ কাম :: সাধা প্ৰভু ৰাম ৷৷
মাৰি দশগ্ৰীৱ :: জনকৰ জীৱ ৷
পাইলা সদাশিৱ :: তুমি জগজীৱ ৷৷
তোমাৰ চৰিত্ৰ :: পাতকীৰ মিত্ৰ ৷
পৰম পবিত্ৰ :: কৰিলা বিচিত্ৰ ৷৷
পতিত পাৱন :: এভৱ ভাৱ্ন ৷
অসুৰ ধাৱন :: তুমিসি বামণ ৷৷
অগতিৰ গতি :: ত্ৰিজগতৰ পতি ৷
তোমাত ভকতি :: থাকোক সম্প্ৰতি ৷৷
শ্যামল শৰীৰ :: জলদ ৰুচিৰ ৷
গহীন গম্ভীৰ :: গুণৰ মন্দিৰ ৷৷
কুণ্ডলে মণ্ডিত :: অসুৰ দণ্ডিত ৷
পাতক খণ্ডিত :: তুমিসি পণ্ডিত ৷৷
দৰিদ্ৰ মৰ্দ্দন :: কৰুণা সদন ৷
বংশীবদন :: মুৰুতি মদন ৷৷
হাস্য দৰিশন :: পাপ কৰি ছন ৷
দোষ মৰিষণ :: কাম বৰিষণ ৷৷
জগত আধাৰ :: দৈৱকী কুমাৰ ৷
সংসাৰতে সাৰ :: চৰণ তোমাৰ ৷৷
তুমি ভগৱন্ত :: মহিমা অনন্ত ৷
তাৰিলাহা সন্ত :: পুৰুষ মহন্ত ৷৷
তুমি সুবত্সল :: পুৰুষ নিশ্চল ৷
নাহি কিছু চল :: ভকত বত্সল ৷৷
তুমি অৱতৰি :: অসুৰ সংহৰি ৷
সৃষ্টি যাহা ধৰি :: দেৱ শ্ৰীহৰি ৷৷
অঘাসুৰ ঘালী :: মহা বলশালী ৷
দমিলাহা কালি :: তুমি বনমালী ৷৷
কৰি পৰাভৱ :: খেদাইলা দানৱ ৷
ভকত বান্ধৱ :: তুমিসি মাধৱ ৷৷
কবি অবিচ্ছেদ :: দৈত্য কৰি ভেদ ৷
খণ্ডিলাহা খেদ :: উদ্ধাৰিলা বেদ ৷৷
জগতক বশ্য :: কৰিলা অৱশ্য ৷
ভৈলা মহা মত্স :: ব্ৰহ্মাৰ নমস্য ৷৷
তুমি মহাহংস :: আসি নিজ অংশ৷
হুয়া যদুবংশ :: বধিলাহা কংস ৷৷
জগত নিঃশেষ :: সবাতো প্ৰবেশ ৷
ভৈলা ঋষিকেশ :: নজানি উদ্দেশ ৷৷
তুমি পীতাম্বৰ :: কৰি আড়ম্বৰ ৷
বধিলা সম্বৰ :: প্ৰভু বিশ্বম্ভৰ ৷৷
তুমিসে অচ্যুত :: আনন্দে আপ্লুত ৷
ভকত বহুত :: কৰিলা মুকুত ৷৷
ধৰি মত্সকায় :: সত্যব্ৰত ৰায় ৷
প্ৰলয় অপায় :: তাৰিলা লীলায় ৷৷
কুৰ্ম কলেৱৰ :: ধৰিলা মন্দৰ ৷
মথিলা সাগৰ :: নভৈলা ভাগৰ ৷৷
বৰাহ শৰীৰি :: পৃথিৱী উদ্ধৰি ৷
হিৰণ্যক্ষবীৰি :: মাৰিলাহা ছিৰি ৷৷
নৰসিংহ ৰূপু :: ভৈলা দিব্যবপু ৷
বধিলাহা ৰিপু :: হিৰণ্যকশিপু ৷৷
ভৈলা অদিতিত :: বামণ উদিত ৷
মুৰুতি ললিত :: বলিক ছলিত ৷৷
জামদগ্নি ৰাম :: কাটি চামে চাম ৷
ক্ষত্ৰিয়ৰ নাম :: নথৈলা সংগ্ৰাম ৷৷
ভৈলা কৌশল্যা :: ত শ্ৰীৰাম জাত ৷
ৰাৱণ বিঘাত :: কৰিলা লঙ্কাত ৷৷
ৰাম হলধৰ :: ৰোহিণী কুমাৰ ৷
মাৰিলা ইতৰ :: দ্বিবিদ বানৰ ৷৷
বুদ্ধ ৰূপে ছন্ন :: কৰি বেদগণ ৷
মুহিলাহা মন :: তেজিয়া সজ্জন ৷৷
হুয়া কল্কী চণ্ড :: যতেক পাষণ্ড ৷
কৰি খণ্ড খণ্ড :: বিহিলাহা দণ্ড ৷৷
ধৰি বাৰম্বাৰ :: দশ অৱতাৰ ৷
পৃথিৱীৰ ভাৰ :: খণ্ডিলা অপাৰ ৷৷
কৃষ্ণক কিঙ্কৰে :: ৰচিলা শঙ্কৰে ৷
হৰি হৰি নৰে :: বোলা নিৰন্তৰে ৷৷