ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম

|| ঘোষা ||: 

ত্ৰাহি ত্ৰাহি ৰাম কৰিলো প্ৰণাম


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কংসে পাৰে গালি ::  শুনি বনমালী ৷
দেৱে চাঙ্গ চালি ::  চৰিলা আটালি ৷৷
কেশত কংসৰে ::  ধৰি বাম কৰে ৷
টানি আড়ম্বৰে ::  পেহ্লাইলা ঈশ্বৰে ৷৷
পাচে দামোদৰে ::  তাহাৰ উপৰে ৷
জগতৰ ভৰে ::  পৰিলা সত্বৰে ৷৷
মৰি কংস ৰায় ::  ধৰি দিব্য কায় ৷
বৈকুণ্ঠক পাই ::  থাকিলা লীলায় ৷৷
পাছে যদুৰাই ::  কংসক ঘসাই ৷
ফুৰাইলা লীলাই ::  লোকক দেখাই ৷৷
তাৰ অষ্টভাই ::  ক্ৰোধে আসে ধাই ৷
দেখি যদুৰাই ::  মাৰিলা কোবাই ৷৷
পিতা মাতাৰ ::  নিহল লোহাৰ ৷
ছোড়ি বাৰম্বাৰ ::  কৰি নমস্কাৰ ৷৷
এন্তে চক্ৰপাণি ::  মনে অনুমানি ৷
দৰে দুয়ো প্ৰাণী ::  নোবোলন্ত বাণী ৷৷
মায়া আৱৰিল ::  কৃষ্ণক ধৰিল ৷
ক্ৰন্দন কৰিল ::  লোতক ঝড়িল ৷৷
কৃষ্ণত ভকতি ::  কৰি মহামতি ৷
উগ্ৰসেন তথি ::  ভৈলন্ত নৃপতি ৷৷
পাছে নন্দ পাশ ::  আসি শ্ৰীনিবাস ৷
কহে প্ৰিয় ভাষ ::  কৰিয়া আশ্বাস ৷৷
সুনা বজ্ৰপতি ::  চলা শীঘ্ৰ গতি ৷
শোক মোক প্ৰতি ::  তেজিয়ো সম্প্ৰতি ৷৷
দিন কতমান ::  থাকি ইটো স্থান ৷
তব সন্নিধান ::  কৰিবো প্ৰয়াণ ৷৷
শুনি গোপ কুল ::  হিয়ে যেন শূল ৷
কান্দিয়া আকুল ::  আসিয়া গোকুল ৷৷
গৰ্গ পুৰুহিত ::  শাস্ত্ৰৰ বিহিত ৷
যজ্ঞ উপবিত ::  দিলা হৰষিত ৷৷
ৰঙ্গে ৰাম হৰি ::  ব্ৰহ্মচৰ্য্য ধৰি ৷
অৱন্তি নগৰী ::  গৈলা লীলা কৰি ৷৷
গুৰুক বিনয় ::  কৰি কৃপাময় ৷
পঢ়িলন্ত তয় ::  যত শাস্ত্ৰচয় ৷৷
পাছে শাস্ত্ৰ জানি ::  গুৰু বাক্য মানি ৷
মৰা পুত্ৰ আনি ::  দিলা চক্ৰপাণি ৷৷
গোপীৰ প্ৰেমক ::  জানি উদ্ধৱক ৷
পঠাই গোকুলক ::  বজাইলা নন্দক ৷৷
কৃষ্ণক স্মৰিল ::  চেতন হৰিল ৷
ক্ৰন্দন কৰিল ::  লোতক ঝৰিল ৷৷
কৃষ্ণৰ বচন ::  শুনি গোপীগণ ৷
প্ৰেমত ক্ৰন্দন ::  কৰে অণুক্ষণ ৷৷
উদ্ধৱে বুজাইল ::  কিছু শ্ৰুতি পাইল ৷
কৃষ্ণ গুণ গাইল ::  দিবস গোৱাইল ৷৷
কৃষ্ণে কৰি লীলা ::  বাক্য সাম্ফলিলা ৷
কুঁজীকো তুষিলা ::  মথুৰা ভ্ৰমিলা ৷৷
গৃহে অক্ৰুৰৰ ::  গৈলা দামোদৰ ৷
অক্ৰুৰে বিস্তৰ ::  কৰিল সাদৰ ৷৷
মাগধ ৰাজ্যৰ ::  সেনা বাৰেবাৰ ৷
কৰিয়া প্ৰহাৰ ::  মাৰিলা অপাৰ ৷৷
দ্বাৰকা সকলে ::  নিৰ্ম্মিলাহা জলে ৷
প্ৰজাক সকলে ::  নিলা যোগ বলে ৷৷
কাল যবনৰ ::  আগে মনোহৰ ৷
দেখাই কলেৱৰ ::  যান্ত দামোদৰ ৷৷
যেন নৱঘন ::  তনু বিতোপন ৷
সুপীত বসন ::  কমল নয়ন ৷৷
কিৰীটি কুণ্ডলে ::  অলঙ্কাৰ জ্বলে ৷
হাৰ বক্ষস্থলে ::  পদ্মমালা গলে ৷৷
ৰত্নৰ মোলান ::  বাহু চাৰিখান ৷
নাহিকে সমান ::  সৰ্ব্বাঙ্গ সুঠান ৷৷
আজানু লম্বিত ::  মেখলা কটিত ৷
পাট ভুমি পীত ::  লোটয় মাটিত ৷৷
চৰণ পল্লৱ ::  নূপূৰৰ ৰৱ ৷
সুনন্তে উত্‍সৱ ::  চলন্ত মাধৱ ৷৷
যবনে দেখিল ::  পাছত খেদিল ৷
লাগক নেদিল ::  গহ‌বৰে পশিল ৷৷
মুচকুন্দ ৰায় ::  শুতিয়া তথায় ৷
আছে নিদ্ৰা যায় ::  তাঙ্ক গৈলা পায় ৷৷
মাৰিলা চৰণে ::  জাগিলা তেখনে ৷
চাহিল নয়নে ::  মাৰিল তেখনে ৷৷
দেখিল নৃপতি ::  পাছে যদুপতি ৷
কৰিলন্ত স্তুতি ::  অনেক ভকতি ৷৷
কৈলা উপদেশ ::  মাধৱে নিঃশেষ ৷
ৰাজা ছাড়ি দেশ ::  এৰাইলন্ত ক্লেশ ৷৷
কৃষ্ণ পদে ৰতি ::  কৰে মহামতি ৷
পাইলন্ত নৃপতি ::  ভগৱন্ত গতি ৷৷
বেৱত নৃপতি ::  দুহিতা ৰেৱতী ৷
বিহাইলন্ত তথি ::  বলো মহামতি ৷৷
ভীষ্মক দুহিতা ::  ৰূপে আনন্দিতা ৷
কৰে সুচৰিতা ::  কৃষ্ণপতি চিন্তা ৷৷
তান ভাই জ্যেষ্ঠ ::  ৰুক্মবীৰ দুষ্ট ৷
কৃষ্ণৰ অনিষ্ট ::  চিন্তয় অশিষ্ট ৷৷
ৰুক্মিণী শুনিল ::  ৰুক্ম দুষ্টশীল ৷
মাধৱে বঞ্চিল ::  শিশুপালে দিল ৷৷
শোক উথলিল ::  ক্ৰন্দন কৰিল ৷
চিত্ত প্ৰবোধিল ::  উপায় স্ৰজিল ৷৷
পত্ৰক গোপনে ::  লিখিয়া আপোনে ৷
পঠাইল ব্ৰাহ্মণে ::  দ্বাৰকা ভুবনে ৷৷
সেহি বাক্য ধৰি ::  পাছে দেৱ হৰি ৷
বিদৰ্ভ নগৰী ::  গৈলা শীঘ্ৰ কৰি ৷৷
দুষ্ট ৰাজাগণ ::  জিনি নাৰায়ণ ৷
ৰুক্মিণী হৰণ ::  কৰিলা তেখন ৷৷
ৰুক্মে যুদ্ধ দিল ::  মাধৱে জিনিল ৷
চক্ৰক ধৰিল ::  মৃণ্ডন কৰিল ৷৷
পাছে দেৱ হৰি ::  আসি নিজ পুৰী ৷
ৰুক্মিণী সুন্দৰী ::  বিহাইলা সাদৰী ৷৷
আৰাধি সূৰ্য্যক ::  পায়া স্যমত্নক ৷
সত্ৰাজিতে তাক ::  আনিলা গৃহক ৷৷
খোজে নাৰায়ণে ::  নেদিল দুৰ্জ্জনে ৷
পিন্ধিয়া প্ৰসেনে ::  চলি গৈল বনে ৷৷
সিংহে দেখিল ::  তাহাঙ্ক বধিল ৷
স্যমন্তক মিল ::  পৰ্ব্বতে চড়িল ৷৷
দেখি জাম্বৱন্ত ::  তাক মাৰিলন্ত ৷
মণিক লৈলন্ত ::  গৰ্ত্তক গৈলন্ত ৷৷
উঠি গৈল তঙ্ক ::  সত্ৰাজিত বঙ্ক ৷
কৃষ্ণক কলঙ্ক ::  দিলেক নিঃশঙ্ক ৷৷
জানিঅ নাৰায়ণ ::  লৈয়া সেনাগণ ৷
মণিৰ কাৰণ ::  প্ৰবেশিলা বন ৷৷
বুজি সবে তত্ব ::  গৰ্ত্তৰ বাজত ৷
থৈয়া সেনা যত ::  পশিল গৰ্ত্তত ৷৷
জিতি ঋক্ষপতি ::  দেৱ যদুপতি ৷
স্যমন্ত সহিতি ::  পাইলা জাম্বৱতী ৷৷
দ্বাৰকাক আইলা ::  মণিক দেখাইলা ৷
কলঙ্ক এৰাইলা ::  আনন্দক পাইলা ৷৷
সবাৰ সাক্ষাতে ::  মণিক তথাতে ৷
সত্ৰাজিত হাতে ::  দিলা জগন্নাথে ৷৷
পাছে সত্ৰাজিত ::  স্যমন্ত সহিত ৷
কন্যাৰ লগত ::  দিলন্ত হৰিত ৷৷
কালিন্দী সুন্দৰী ::  সাধে তপ কৰি ৷
জানি তাক হৰি ::  আনিলা সাদৰি ৷৷
মিত্ৰাবিন্দা সতী ::  অতি ৰূপৱতী ৷
পায়া যদুপতি ::  আইলা দ্বাৰাৱতী ৷৷
জিনি বৃষ সাত ::  দেৱ যদুনাথ ৷
সত্যাক তথাত ::  বিহাইলা সাক্ষাত ৷৷
আত অনন্তৰে ::  বিহাইলা সত্বৰে ৷
ভদ্ৰাক সাদৰে ::  দেৱ দামোদৰে ৷৷
বানক প্ৰহাৰি ::  লক্ষক বিদাৰি ৷
লক্ষণা কুমাৰী ::  আনিলা মুৰাৰী ৷৷
ৰূপে আসৰিসি ::  অষ্টম মহিষী ৷
বিইহাইলন্ত হৰি ::  বিক্ৰম দৰশি ৷৷
নৰকক মাৰি ::  আনন্দে মুৰাৰি ৷
ষোড়শ হাজাৰী ::  পাইলা দিব্য নাৰী ৷৷
শুনি প্ৰিয়াবাণী ::  জিনি বজ্ৰপাণি ৷
পাৰিজাত আনি ::  ৰুইলা চক্ৰপাণি ৷৷
সুধৰ্ম্মা সভাক ::  পঠাই দ্বাৰকাক ৷
বুলি স্তুতি বাক ::  গৈলা দেৱ্জাক ৷৷
দেৱৰ সম্পত্তি ::  দ্বাৰকাক প্ৰতি ৷
আনি যদুপতি ::  কৰিলন্ত ৰতি ৷৷
পৰিহাস কৰি ::  বুলিলন্ত হৰি ৷
ৰুক্মিণী সুন্দৰী ::  শুনি গৈল ডৰি ৷৷
কৃষ্ণ পৰিহাস ::  শুনিয়া নৈৰাশ ৷
ভৈলন্ত হতাশ ::  নোলাই উশাস ৷৷
মৰ্ম্ম গৈল জ্বলি ::  পৰিলন্ত ঢলি ৷
কেশৱে আকুলি ::  চাৰি বাহু মেলি ৷৷
ধৰিলন্ত তুলি ::  মলচিলা ধুলি ৷
প্ৰিয় বাক্য বুলি ::  বান্ধিলন্ত চুলি ৷৷
লভিয়া চেতন ::  বুলিলা বচন ৷
প্ৰেমে অনুক্ষণ ::  ঝৰয় নয়ন ৷৷
প্ৰিয়ায়ে সহিতে ::  সকৰুণ চিত্তে ৷
ক্ৰীড়িলা তহিতে ::  বদন হাসিতে ৷৷
ঐকৈক ভাৰ্য্যাত ::  দশ দশ জাত ৷
তনয় সাক্ষাত ::  জগত প্ৰক্ষাত ৷৷
কৃষ্ণ পুত্ৰ নাতি ::  ভৰিলেক আতি ৷
ৰঙ্গে দিলে ৰাতি ::  বঞ্চে যত জ্ঞাতি ৷৷
ষোড়শ হাজাৰ ::  মন্দিৰে অপাৰ ৷
কিৰূপে বিহাৰ ::  কৰে সৰ্ব্বসাৰ ৷৷
হেন বিমৰসি ::  পাছে দেৱঋষি ৷
দ্বাৰকাত পশি ::  চাহিয়া হৰিসি ৷৷
ঘৰে ঘৰে নৱ ::  ঐশ্চৰ্য্য বিভৱ ৷
কৰন্ত মাধৱ ::  দেখন্তে উত্‍সৱ ৷৷
গৃহৰ সম্পদ ::  দেখিয়া নাৰদ ৷
নয়ন তবধ ::  ভৈল নিশবদ ৷৷
প্ৰদুত্‍ন্ম তনয় ::  ভৈলন্ত দুৰ্জ্জয় ৷
অনিৰুদ্ধ তয় ::  অতি শোভনয় ৷৷
তান বিবাহত ::  বলোৰ হাতত ৷
আপোন ঘৰত ::  ৰুক্ম ভৈল হত ৷৷
ঊষাক হৰিল ::  বন্ধন কৰিল ৷
মাধৱে শুনিল ::  যুদ্ধক চলিল ৷৷
বানৰ কাতৰে ::  যুজিলন্ত হৰে ৷
বিজম্ভণ শৰে ::  মুহিলা শঙ্কৰে ৷৷
স্তুতি আৰম্ভিল ::  মাধৱে দেখিল ৷
যুদ্ধ উপেখিল ::  বানক ৰাখিল ৷৷
দানৱ মুগুধ ::  এৰিলন্ত যুদ্ধ ৷
দিল হুয়া শুদ্ধ ::  ঊষা অনিৰুদ্ধ ৷৷
কৃষ্ণে ৰঙ্গ পাইলা ::  দ্বাৰকাক আইলা ৷
বিবাহ কৰাইলা ::  বাজন বজাইলা ৷৷
বাম হাতে ধৰি ::  নৃগক উদ্ধাৰি ৷
দ্বাৰকাক নগৰী ::  ৰঙ্গে গৈলা হৰি ৷৷
হৰি দ্বেষী ধন্ধ ::  ৰাজা জৰাসন্ধ ৷
কৰিয়া প্ৰবন্ধ ::  নিপাতিলা স্কন্ধ ৷৷
পশিল শৰণ ::  যত ৰাজা গণ ৷
ছোড়াইলা বন্ধন ::  দেৱ নাৰায়ণ ৷৷
ৰূপে বিতোপন ::  দিলা দৰিশন ৷
দেখি ৰাজা গণ ::  হৰষিত মন ৷৷
পাৱত পৰিল ::  প্ৰেম উপজিল ৷
লোতক ঝৰিল ::  ক্ৰন্দন কৰিল ৷৷
পাছে হৃষীকেশ ::  গুচাই সব ক্লেশ ৷
ভুষিয়া অশেষ ::  পঠাই দিলা দেশ ৷৷
যুধিষ্ঠিৰ ৰাই ::  মাধৱক পাই ৷
অবনত কায় ::  অৰ্চ্চিল সদায় ৷৷
ৰাজা শিশুপালে ::  গৰ্জ্জিল আস্ফালে ৷
সেহি যজ্ঞশালে ::  বধিলা গোপালে ৷৷
কুৰু পাণ্ডুদল ::  খেলাই পাশা ছল ৷
মিলাইলা কন্দল ::  ভকত বত্‍সল ৷৷
মহা ভয়ঙ্কৰ ::  মিলাইলা সমৰ ৷
পৃথিৱীৰ ভাৰ ::  হৰিলা ঈশ্বৰ ৷৷
পৌণ্ডক ৰাজাৰ শুনি অহঙ্কাৰ ৷
শিৰ ছেদি তাৰ ::  চিন্তিলাহা মাৰ ৷৷
শালৱ নৃপতি ::  যুদ্ধক সম্প্ৰতি ৷
দ্বাৰকাক প্ৰতি ::  আসিল দুৰ্ম্মতি ৷৷
বেঢ়ি দ্বাৰকাক ::  হানি অস্ত্ৰজাক ৷
মিলাইল বিপাক ::  দেখি খেদি তাক ৷৷
হাতে চক্ৰ ধৰি ::  দেৱ শ্ৰীহৰি ৷
শাল্বক সংহৰি ::  ৰৈলা ৰঙ্গ কৰি ৷৷
দ্বাৰকাক থিৰ ::  কৰি মহাবীৰ ৷
কাশী নৃপতিৰ ::  ছেদিলন্ত শিৰ ৷৷
ৰিপু নৃপ যত ::  সমৰে শকত ৷
সবাকো ৰণত ::  কৰিলাহা হত ৷৷
বদতি শঙ্কৰ ::  শুনা সবে নৰ ৷
ইটো সাৰতৰ ::  বেদৰ উত্তৰ ৷৷
হৰি বিনে আৰ ::  নাহিকে নিস্তাৰ ৷
অসাৰ সংসাৰ ::  জানা সাৰেসাৰ ৷৷
পৰলোক ভয় ::  এভো নুপজয় ৷
ঘোৰ যমালয় ::  গমন নিশ্চয় ৷৷
কেনমতে তাত ::  যাতনাৰ হাত ৷
ঘোৰ উতপাত ::  এৰাইবা সাক্ষাত ৷৷
পাতক হৰণ ::  দুৰ্গতি তৰণ ৷
হৰিৰ চৰণ ::  পশিয়ো শৰণ ৷৷
ঘোৰ কলিকাল ::  অধৰ্ম্ম বিশাল ৷
এৰা আলজাল ::  ভজিয়ো গোপাল ৷৷
কৃষ্ণ গুণ নাম ::  ধৰ্ম্ম অনুপাম ৷
এৰি আন কাম ::  বোলা ৰাম ৰাম ৷৷