কহ হৰি ৰাম নকৰা বিৰাম

|| ঘোষা ||: 

কহ হৰি ৰাম নকৰা বিৰাম


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

লৈয়া গোপ সঙ্গ ::  কৰি মখ ভঙ্গ ৷
বাসৱৰ খঙ্গ ::  তোলাই ভৈলা ৰঙ্গ ৷৷
ইন্দ্ৰে ক্ৰোধিলা ::  মেঘ পাঞ্চি দিলা ৷
শিলা বৰষিলা ::  প্ৰলয় মিলিলা ৷৷
ইন্দ্ৰৰ দৰ্পক ::  নাশি মন্দৰক ৷
তুলি উপৰক ::  ৰাখিলা ব্ৰজক ৷৷
গৰ্ব পৰ্বতৰ ::  নামি পুৰন্দৰ ৷
কৰিয়া কাতৰ ::  চলি গৈলা ঘৰ ৷৷
শৰত শীতল ::  শশাঙ্ক ধৱল ৷
বৃন্দাবন স্থল ::  দেখি কুতূহল ৷৷
আতি সুললিত ::  ৰঙ্গে গাইলা গীত ৷
গোপিকা সহিত ::  কৰিলন্ত নৃত্য ৷৷
লৈয়া গোপী মিলি ::  কৰি ঠেলা ঠেলি ৷
কন্ঠে বাহু মিলি ::  কৰিলন্ত কেলি ৷৷
যৈচন মাতঙ্গে ::  হস্তিনীৰ সঙ্গে ৷
আতি অঙ্গে ভঙ্গে ::  ফুৰে লীলাৰঙ্গে ৷৷
কৃষ্ণৰ মূৰুতি ::  আতি আসকতি ৷
গোপৰ যুৱতী ::  প্ৰেম ভৈল মতি ৷৷
বসি ঠাৱে ঠাৱে ::  কৃষ্ণগুণ গাৱে ৷
আতি প্ৰেমভাৱে ::  দিৱস গৱাৱে ৷৷
সৰ্পেক মিলিল ::  নন্দক গিলিল ৷
পাৱে পৰশিল ::  সিও নিস্তৰিল ৷৷
শঙ্খচূড় মাৰি ::  গোপৰ কুমাৰী ৷
আনিলা উদ্ধাৰি ::  ঈশ্বৰ মুৰাৰি ৷৷
বৰুণ কিঙ্কৰে ::  নন্দক সত্বৰে ৷
নিল আড়ম্বৰে ::  জলৰ ভিতৰে ৷৷
কৰে কোলাহল ::  গোৱাল সকল ৷
ভকত বত্‍সল ::  পশিলন্ত জল ৷৷
ভয় সম্পজিল ::  বৰুণে যজিল ৷
পিতৃক তুষিল ::  আশ্চৰ্য মিলিল ৷৷
উদ্ধাৰি নন্দক ::  দেখাই বৈকুণ্ঠক ৷
ব্ৰজৰ লোকক ::  দিলা আনন্দক ৷৷
অৰিষ্ট অসুৰ ::  আইল গোপপুৰ ৷
তাক কৰি চুৰ ::  নিলা যমপুৰ ৷৷
কেশী দানৱক ::  কৰে পৰাভৱ ৷
শুনি গলাৰৱ  :: ধাইলন্ত মাধৱ ৷৷
গোকুলত পশি ::  কৰি ধসমসি ৷
কৃষ্ণক পৰশি ::  সিও গৈল নশি ৷৷
ময়ৰ তনয় ::  ব্যোম দুৰাশয় ৷
কৰিয়া দুৰ্ণয় ::  গৈল যমালয় ৷৷
নাৰদেও আসি ::  কৃষ্ণক উপাসি ৷
বচন প্ৰকাশি ::  গৈলন্ত সম্ভাষি ৷৷
কংসে পাঞ্চিল ::  অক্ৰূৰে বাঞ্চিল ৷
ভকতি সাঞ্চিল ::  চেতন নাছিল ৷৷
কৃষ্ণ খোজচয় ::  দেখি মহাশয় ৷
ভৈলন্ত বিস্ময় ::  নসহে হৃদয় ৷৷
ৰোম শিহৰি ::  জাম্প দিয়া পৰি ৷
কৃষ্ণ কৃষ্ণ বড়ি ::  ফুৰন্ত বাগৰি ৷৷
অনন্তৰে গৈয়া ::  কৃষ্ণক দেখিয়া ৷
প্ৰেম উপজিয়া ::  দ্ৰব ভৈল হিয়া ৷৷
পাৱত পৰিল ::  লোতক ঝৰিল ৷
ভকতি কৰিল ::  মাধৱে ধৰিল ৷৷
কৰিলা সাদৰ ::  দেৱ দামোদৰ ৷
বিচেষ্টা কংসৰ ::  জানি নিৰন্তৰ ৷৷
কৰিলা পয়াণ ::  পুৰুষ পুৰাণ ৷
অনেক নিশান ::  বজাইলা বিষাণ ৷৷
দেখি গোপীচয় ::  নসহে হৃদয় ৷
ক্ৰন্দন কৰয় ::  লোতক ঝৰয় ৷৷
দূতক পঠাইল ::  মাধৱে বুজাইল ৷
ঘোঁৰাক ডকাইল ::  অক্ৰুৰে খেদাইল ৷৷
চলে ৰথখান ::  বায়ুৰ সমান ৷
কৰিবে মধ্যাহ্ন ::  ৰাখিলন্ত যান ৷৷
ৰথ তৰুতলে ::  থৈয়া মহাবলে ৷
অক্ৰূৰে সচলে ::  বুৰ দিলা জলে ৷৷
অনন্ত শয্যাত ::  কৃষ্ণক সাক্ষাত ৷
দেখি প্ৰণিপাত ::  কৰি ষোড়হাত ৷৷
নানা তুতি ৰড়ি ::  পাছে ৰথে চৰি ৷
মথুৰা নগৰী ::  গৈলা দৰদৰি ৷৷
অক্ৰূৰক হৰি ::  পঠাই আগকৰি ৷
চাহিবে নগৰী ::  চলি গৈলা হৰি ৷৷
গজগতি লীলা ::  মথুৰা ভ্ৰমিলা ৷
প্ৰজায়ে দেখিলা ::  আনন্দ মিলিলা ৷৷
বঢ়াই আতি ৰতি ::  গোপৰ সঙ্গতি ৷
কৰি লীলা গতি ::  যান্ত লক্ষ্মীপতি ৷৷
যতেক সুন্দৰী ::  আঞ্জলিক ভৰি ৷
পুষ্পবৃষ্টি কৰি ::  পূঁজিলন্ত হৰি ৷৷
দেখন্তে মূৰুতি ::  আনন্দে স্ফূৰুতি ৷
হোৱে বিচুৰুতি ::  যতেক যুৱতী ৷৷
জুৰাই মন প্ৰাণ ::  কৰে বহুমান ৷
নেত্ৰে কৰে পান ::  নভাসয় আন ৷৷
ৰজকৰ কাল ::  কৰিয়া তত্‍কাল ৷
বস্ত্ৰ ভাল ভাল ::  লৈলন্ত গোপাল ৷৷
বেশকাৰজন ::  পিন্দাইলা বসন ৷
সাৰূপ্য তেখন ::  দিলা নাৰায়ণ ৷৷
মালা অনুপাম ::  দিলেক সুদাম ৷
বৰ মন কাম  :: দিলা কৃষ্ণ ৰাম ৷৷
পিন্ধাইল সুন্দৰী ::  চন্দন সাদৰি ৷
তাইক ঋজু কৰি ::  থৈলা দেৱহৰি ৷৷
পশি যাগ শাল ::  ধৰিয়া তত্‍কাল ৷
ধনুক দুফাল ::  কৰিয়া গোপাল ৷৷
পাছে নাৰায়ণ ::  সঙ্গে গোপগণ ৷
কৰিয়া ভোজন ::  কৰিয়া শয়ন ৷৷
প্ৰভাতে ৰজনী ::  দুন্দুভিৰ ধ্বনি ৷
ৰামকৃষ্ণ শুনি ::  লৰিলা আপুনি ৷৷
দ্বাৰৰ ওচৰ ::  পাইলা যদুবৰ ৷
দেখিয়া কুঞ্জৰ ::  ভেটিলা সত্বৰ ৷৷
কৃষ্ণে তাক পাৰি ::  দশন উভাড়ি ৷
মাৰিলন্ত বাড়ি ::  প্ৰাণ গৈল ছাড়ি ৷৷
স্কন্ধে হস্তী দন্ত ::  সভা পশিলন্ত ৷
শোভে লক্ষ্মীকান্ত ::  ৰঙ্গে লোকে চান্ত ৷৷
চন্দ্ৰৰ মণ্ডল ::  বদন বিমল ৷
তাতে ঘৰ্ম্মজল ::  ৰঞ্জে গণ্ডস্থল ৷৷
আইলো যুজো বুলি ::  চানুৰে হাম্ফুলি ৷
আছাড়িয়া তুলি ::  মাৰিলা সমূলি ৷৷
মুষ্টিক ধৰিল ::  সমৰ কৰিল ৷
ৰামে সংহৰিল ::  লীলায়ে মাৰিল ৷৷
আনো যত মাল ::  কৰয় আস্ফাল ৷
ধৰিলা তত্‍কাল ::  বধিলা গোপাল ৷৷
বজাৱে বাজন ::  ৰঙ্গে নাৰায়ণ ৷
সঙ্গে শিশুগণ ::  কৰন্ত ভ্ৰমণ ৷৷
চৰণ চলাই ::  নূপুৰ বজাই ৷
নাচে যদুৰাই ::  প্ৰজা আছে চাই ৷৷
কৃষ্ণৰ কিঙ্কৰ ::  ৰচিল শঙ্কৰ ৷
শুনা সৱ নৰ ::  কৰ্ম্ম কেশৱৰ ৷৷
কত তপসাই ::  নৰ তনু পাই ৷
ভকতি বিনাই ::  ব্যৰ্থে আয়ু যায় ৷৷
আবে বুধজন ::  এৰা আন মন ৷
যাৱত চেতন ::  ভজা নাৰায়ণ ৷৷
নকৰা বিমতি ::  কলিত সম্প্ৰতি ৷
বিনা লক্ষ্মীপতি ::  নাহি আন গতি ৷৷
জানি হেন কৰা ::  কৃষ্ণক সুমৰা ৷
আপোনো নিস্তৰা ::  পুৰুষ উদ্ধাৰা ৷৷
মাধৱৰ নাম ::  ধৰ্ম্ম অনুপাম ৷
এড়ি আন কাম ::  বোলা ৰাম ৰাম ৷৷