|| পদ ||:
নমো লক্ষ্মীপতি :: জগতৰ পতি ৷
চৰণে প্ৰণতি কৰি :: লো সম্প্ৰতি ৷৷
গুণ চিন্তামণি :: সংসাৰ তৰণী ৷
পাপৰ অগনি :: ঘুষিয়োক চনি ৷৷
ইটো বিতোপন :: ধৰ্ম সনাতন ৷
আকেসে কীৰ্তন :: কৰে সাধুজন ৷৷
শুনিয়ো দশম :: আতি নিৰুপম ৷
কৃষ্ণৰ পৰম :: জনম কৰম ৷৷
দৈত্যয়ে ভিড়িল :: ভাৰত পীড়িল ৷
দুখে সাক্ষী দিল :: পৃথিৱী কান্দিল ৷৷
ব্ৰহ্মায়ে প্ৰাৰ্থন্তে :: আসি ভগৱন্তে ৷
জন্মিলা জ্বলন্তে :: দৈৱকীত হন্তে ৷৷
অদ্ভুত বালক :: কুটীল অলক ৷
ৰত্নৰ তিলক :: শোভে কপে লক ৷৷
হাসিত বয়ন :: কমল নয়ন ৷
ৰুচিৰ দৰ্শন :: সুপীত বসন ৷৷
কিৰীতি কুণ্ডল :: কৰে জলমল ৷
কৌস্তভে উজ্বল :: শোভে কম্বুগল ৷৷
হস্ত চাৰিখন :: আতি বিতোপন ৷
কেয়ুৰ কঙ্কন :: প্ৰকশে ভূষণ ৷৷
বহল হৃদয় :: মনমালা চয় ৷
পৰি গুঞ্জৰয় :: ভ্ৰমৰে ৰঞ্জয় ৷৷
ৰতনে ৰচিত :: মেখলা কটিত ৷
পাট ভুনি পীত :: লোটয় মাটিত ৷৷
উৰু কৰিকৰ :: জঙ্ঘা মনোহৰ ৷
কনক ৰত্নৰ :: ৰঞ্জিত হোড়ৰ ৷৷
চৰণ পল্লৱ :: পদ্ম অভিনৱ ৷
নুপূৰৰ ৰৱ :: সুনন্তে উচ্ছৱ ৷৷
আঙ্গুলিৰ পান্তি :: নখ চন্দ্ৰকান্তি ৷
দেখি খণ্ডে ভ্ৰান্তি :: তাপ উপশান্তি ৷৷
ৰঙা পদতলে :: অঙ্কুশ কমলে ৷
চিহ্ন সকলে :: অতিশয় জ্বলে ৷৷
জগতৰ তাত :: আছন্ত তথাত ৷
চাৰি অস্ত্ৰ হাত :: প্ৰকাশে সাক্ষাত ৷৷
দেখি দুয়ো প্ৰাণী :: এন্তে চক্ৰপাণি ৷
মনে অনুমানি :: বোলে স্তুতিবাণী ৷৷
কৃষ্ণে কথা কৈলা :: শিশুৰূপ ভৈলা ৷
নিহল ছোড়িলা :: কোলে তুলি লৈলা ৷৷
বসুদেৱ সন্ত :: লৈয়া লৰিলন্ত ৷
ফণায়ে অনন্ত :: ছত্ৰ ধৰিলন্ত ৷৷
নমনিয়া কুল :: যমুনা বিপুল ৷
চড়াই তাৰকুল :: পাইলন্ত গোকুল ৷৷
কৃষ্ণক থৈলন্ত :: কন্যাক লৈলন্ত ৷
বসুদেৱ সন্ত :: দুনাই আসিলন্ত ৷৷
নন্দে দেখিল :: পুত্ৰ উপজিল ৷
উত্দৱ মিলিল :: মহাদান দিল ৷৷
নন্দ যশোদাৰ :: গৃহত অপাৰ ৷
কৰিলা বিহাৰ :: জগত আধাৰ ৷৷
অনেক যন্ত্ৰণা :: কৰিয়া মন্ত্ৰণা ৷
আসিল পুতনা :: শুষিলা চেতনা ৷৷
পৰম সঙ্কট :: দধিদুগ্দ্ধ ঘট ৷
সহিতে শকট :: কৰিলা উলট ৷৷
দৈত্য চক্ৰবাত :: ভৈল স্কন্ধপাত ৷
কৃষ্ণৰ লীলাত :: পৰিয়া শিলাত ৷৷
তুমি অন্তৰ্যামী :: মাতৃ কোলগামী ৷
তুলিলাহা হামি :: জগতৰ স্বামী ৷৷
জগত নিখিল :: গৰ্ভত দেখিল ৷
বিস্ময় মিলিল :: যশোদা ডৰিল৷৷
আসি গৰ্গ ঋষি :: গোপনত বসি ৷
জাত কৰ্ম ৰাশি :: কৰিলা হৰিষি ৷৷
বিধিৱতে নাম :: থৈলা কৃষ্ণৰাম ৷
কহি গুণ গ্ৰাম :: গৈলা নিজ ধাম ৷৷
পাছে ব্ৰজ পুৰে :: ৰঙ্গে ভ্ৰমি ফুৰে ৷
সোণাৰ নূপূৰে :: ৰুণ ঝুণ কৰে ৷৷
অগনি সৰ্পক :: যান্ত ধৰিবাক ৷
দেখি দেন্তহাক :: নুশুনন্ত তাক ৷৷
গোপীকাৰ ঘৰে :: পশি দামোদৰে ৷
অপকাৰ কৰে :: দেখি নিৰন্তৰে ৷৷
গোপীগণ আসি :: যশোদাত হাসি ৷
কৃষ্ণ চেষ্টাৰাশি :: কহন্ত প্ৰকাশি ৷৷
দেখিলে গোৱালী :: শিশু বনমালী ৷
নানা চতুৰালী :: কৰন্ত ধূৰ্তালি ৷৷
কি কহিব আই :: কৃষ্ণৰ অপায় ৷
নোদোহন্তে গায় :: বত্সক পিয়ায় ৷৷
ঘৰে পশি যায় :: দধি দুগ্ধ খায় ৷
বানৰে খুৱায় :: ভাঙিয়া পেলায় ৷৷
কিভৈল দুৰ্জ্জন :: তোমাৰ নন্দন ৷
কৃষ্ণৰ কাৰণ :: নৰহে জীৱন ৷৷
হেন বাণী শুনি :: লাজে চক্ৰপাণি ৷
নেত্ৰে বসে পানী :: দেখি নন্দৰাণী ৷৷
স্নেহ সম্পজিল :: সাৱটি ধৰিল ৷
আশ্বাস কৰিল :: মুখে স্তন দিল ৷৷
সঙ্গে শিশুগণ :: খেলে নাৰায়ণ৷
মৃত্তিকা ভক্ষণ :: কৰিলা তেখন ৷৷
দেখি শিশুজাক :: বোলে যশোদাক ৷
শুনি ৰাণী তাক :: খঙ্গে বোলে বাক ৷৷
কেনে মাটি খাইলি :: অৰে বনমালী ৷
নাখালোহোঁ বুলি :: দেখায় মুখ মেলি ৷৷
সকল জগত :: দেখন্ত গৰ্ভত ৷
হৰিক মনত :: স্মৰন্ত ডৰত ৷৷
বোলন্ত বিস্ময় :: মোহোৰ তনয় ৷
মনুষ্য নহয় :: ঈশ্বৰ নিশ্চয় ৷৷
দিনেক প্ৰভাতে :: ৰাণী নিজহাতে ৷
দধিক তথাতে :: মথন্ত সাক্ষাতে ৷৷
আসি দেৱহৰি :: মথনিত ধৰি ৷
ৰৈলা ৰঙ্গ কৰি :: দেখিলা সুন্দৰী ৷৷
আনিয়া নন্দন :: বদনে চুম্বন ৷
কৰি ঘনে ঘন :: পিয়াইলন্ত স্তন ৷৷
দুগ্ধ উথলিয়া :: পৰয় দেখিয়া ৷
পুত্ৰক এৰিয়া :: গৈলা লৱৰীয়া ৷৷
কেশৱে কুপিলা :: ধৰি পটাশিলা ৷
ভাণ্ডক ভাঙ্গিলা :: যশোদা দেখিলা ৷৷
বাৰি লৈলা কৰে :: দেখি দামোদৰে ৷
নামি উড়লৰে :: লড় দিলা ডৰে ৷৷
যশোদা খেদন্ত :: ভয়ে ভগৱন্ত ৷
কান্দন্ত কাম্পত :: বাড়ি এড়িলন্ত ৷৷
কৰে ধৰি আনি :: উডুখলে টানি ৷
বান্ধি চক্ৰপাণি :: চলি গৈলা ৰাণী ৷৷
উড়ল ঘসাই :: বৃক্ষত লগাই ৷
উভাৰি পেলাই :: ৰঙ্গে আছে চাই ৷৷
দুই দেৱবৰ :: দিব্য ৰূপধৰ ৷
কৰিয়া কাতৰ :: চলি গৈলা ঘৰ ৷৷
কিবা ভৈলা বুলি :: নন্দে বান্ধ মেলি ৷
মলচিল ধূলি :: কোলে লৈলা তুলি ৷৷
গোপন সুন্দৰী :: বজাৱে চাপৰি ৷
আঙ্গি-ভঙ্গি কৰি :: নাচে দেৱ হৰি ৷৷
পসাৰি ডাকিল :: কোনে লৈবা ফল ৷
শুনিয়া চলিল :: কৃষ্ণ দয়াশীল ৷৷
ধান্যক দিলন্ত :: ফলক লৈলন্ত ৷
ৰত্ন অপৰ্যপ্ত :: ভাণ্ড ভৰিলন্ত ৷৷
গকুল ভৱন :: তেজি নাৰায়ণ ৷
পাছে বৃন্দাবন :: কৰিলা গমন ৷৷
বত্স অসুৰ :: পৰম দন্দুৰ ৷
কৰি মষিমূৰ :: নিলা যমপুৰ ৷৷
আসি বকগোটে :: গিলিলেক ঠোটে ৷
তাক ধৰি চোটে :: ছিৰিলা আস্ফোটে ৷৷
সৰ্পৰূপে আসি :: অঘে তুলি হাসি ৷
বদন প্ৰকাশি :: গিলিল গৰাসি ৷৷
ভেটিলন্ত গল :: ভকত বত্সল ৷
এৰি মূত্ৰ মল :: মৰিল নিস্ফল ৷৷
তাৰ কৰি কাল :: বত্স বত্স পাল ৷
জীয়ায়া তত্কাল :: বজাইলা গোপাল ৷৷
সঙ্গে শিশুগণ :: ৰঙ্গে নাৰায়ণ ৷
অন্ন ব্যঞ্জন :: কৰিলা ভোজন ৷৷
গোৰক্ষ দামুৰি :: ব্ৰহ্মা কৰি চুৰি ৷
থৈয়া ঢাকি ঘূৰি :: গৈলা নিজ পুৰি ৷৷
বত্স বত্স পাল :: হুয়া সেহিকাল ৷
আপুনি গোপাল :: গৈলা ব্ৰজশাল ৷৷
অনেক বিভূতি :: কৃষ্ণৰ মুৰুতি ৷
দেখিয়া বিস্মৃতি :: ব্ৰহ্মা ভৈলা ভীতি ৷৷
যেন মৃতৱত :: পৰিল হংসত ৷
নাহি আৰ তত :: চেতন গাৱত ৷৷
ব্ৰহ্মা মৰন্ত :: দেখি জীলন্ত ৷
ৰূপ ঢাকিলন্ত :: দুনাই জীলন্ত ৷৷
হংসযান এৰি :: চৰণৰ পৰি ৷
নানা তুতি কৰি :: গৃহে গৈলা লৰি ৷৷
ধেনুকাক মাৰি :: গাছক আছাৰি ৷
তাল ফল পাৰি :: ভুঞ্জাইলা মুৰাৰি ৷৷
তৃষ্ণায়ে আকুল :: হুয়া গোপকূল ৷
যমুনাৰ কূল :: গৈয়া হুৱা ভুল ৷৷
খাইল বিষজল :: ভৈলন্ত বিহ্বল ৷
জীৱন্তে বিকল :: মৰিল সকল ৷৷
দেখি নাৰায়ণ :: অমৃত নয়ন ৷
চাহিলা তেখন :: লভিলা চেতন ৷৷
কদম্বে চড়িলা :: হ্ৰদত পড়িলা ৷
কালিয়ে ঝড়িলা :: শিৰত চড়িলা ৷৷
ফণাৰ উপৰে :: দেৱ দামোদৰে ৷
উঠি নৃত্য কৰে :: সিটো সৰ্প মৰে ৷৷
নাগ পত্নীচয় :: বুলিল বিনয় ৷
কালিক নিৰ্ভয় :: দিলা কৃপাময় ৷৷
তীৰত চড়িলা :: জ্ঞাতিয়ে বেঢ়িলা ৷
গলত বান্ধিলা :: যশোদা কান্দিলা ৷৷
নিকালি কালিক :: পিলা বনাগ্নিক ৷
গোপ গোপিকাক :: ৰঞ্জিলা অধিক৷৷
প্ৰলম্ব অশিষ্ট :: চিন্তিলা অনিষ্ট ৷
মাৰিলা গৰিষ্ঠ :: ৰাম বলিষ্ঠ ৷৷
বেঢ়ি মঞ্জুবন :: লাগে হুতাশন ৷
দেখি গোপগণ :: ভৈলা ভয় মন ৷৷
পাছে নাৰায়ণে :: সদয় নয়নে ৷
তাৰি ৰঙ্গমনে :: আনিলা তেখনে ৷৷
বসন্ত গ্ৰীষ্মত :: বৰ্ষা শৰতত ৷
ক্ৰীড়া নানামত :: কৰিলা ব্ৰজত ৷৷
এক চিত্ত কৰি :: গোপৰ কুমাৰী ৷
সাধে ব্ৰত ধৰি :: স্বামী হৈবা হৰি ৷৷
বস্ত্ৰ থৈয়া তীৰে :: কেৱল শৰীৰে ৷
যমুনাৰ নীৰে :: স্নানৈ ধীৰে ধীৰে ৷৷
কৃষ্ণে কৰি লীলা :: বস্ত্ৰক হৰিলা ৷
কদম্বে চড়িলা :: হাসি বস্ত্ৰ দিলা ৷৷
কৰ্মক উচ্ছাদ :: বিপ্ৰক বিষাদ ৷
পত্নীক প্ৰসাদ :: দিলাহা আহ্লাদ ৷৷
বদতি শঙ্কৰ :: শুনা সৱে নৰ ৷
আন পৰিহৰ :: ভজা দামোদৰ ৷৷
দিন কতিপয় :: জীৱন নিশ্চয় ৷
যাইবা যমালয় :: নাহিকে সংশয় ৷৷
বিনা লক্ষ্মীপতি :: নাহি আন গতি ৷
জানিয়া সম্প্ৰতি :: কৰিয়ো ভকতি ৷৷
তেৱেসে নিস্তৰি :: পুৰুষ উদ্ধাৰি ৷
হৃদি ৰূপ ধৰি :: মুখে বোলা হৰি ৷৷
কৃষ্ণ গুণ নাম :: ধৰ্ম অনুপাম ৷
এৰি আন কাম :: বোলা ৰাম ৰাম ৷৷