নমো কৃষ্ণ ৰাম তুমি পূৰ্ণকাম

|| ঘোষা ||: 

নমো কৃষ্ণ ৰাম তুমি পূৰ্ণকাম


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

প্ৰদ্যুম্নক ঘৰে ::  হৰিল সম্বৰে ৷
মাৰিবাক তৰে ::  পেলাইল সাগৰে ৷৷
দানৱক মাৰি ::  হৃদয় বিদাৰি ৷
পাইলা নিজ নাৰী ::  আনিলা উদ্ধাৰি ৷৷
ৰামে কৰি লীলা ::  ব্ৰজত ক্ৰীড়িলা ৷
লাঙ্গল টানিলা ::  যমুনা আনিলা ৷৷
দ্বিবিদ বানৰে ::  উপদ্ৰৱ কৰে ৷
মাৰিলা সমৰে ::  দেৱ হলধৰে ৷৷
তীৰ্থস্নান কৰি ::  কৰ্ম্মক প্ৰচাৰি ৷
কুশক প্ৰহাৰি ::  সুত থৈলা মাৰি ৷৷
পৰম দন্দুৰ ::  বল্বল অসুৰ ৷
কৰি মষিমূৰ ::  নিলা যমপুৰ ৷৷
সাম্যৰ নিদান ::  পুৰুষ পুৰাণ ৷
কৌৰৱৰ থান ::  কৰিলা পয়াণ ৷৷
কৌৰৱৰ ছল ::  দেখি মহাবল ৷
জ্বলে ক্ৰোধানল ::  ভেজাইলা লাঙ্গল ৷৷
উভতে নগৰ ::  ভয়ে তৰবৰ ৷
কৰিয়া কাতৰ ::  দিল কন্যা বৰ ৷৷
সুভদ্ৰা বৰিল ::  অৰ্জ্জুন হৰিল ৷
বলোৱে শুনিল ::  লাঙ্গল ধৰিল ৷৷
দেখি লক্ষ্মীপতি ::  বুলিলা মিনতি ৷
তুষ্ট ভৈলা মতি ::  পাণ্ডৱৰ প্ৰতি ৷৷
বলোৰ চৰিত্ৰ ::  অতি বিপৰীত ৷
হৰয় দূষিত ::  শুনন্তে অমৃত ৷৷
বিপ্ৰ দামোদৰ ::  দ্বাৰকা নগৰ ৷
গৈল মনোহৰ ::  মাধৱৰ ঘৰ ৷৷
মাধৱে ধৰিল ::  প্ৰণতি কৰিল ৷
প্ৰেম ওপজিল ::  লোটক ঝৰিল ৷৷
অনেক সাদৰি ::  ভৃঙ্গাৰক ধৰি ৷
ধুৱাইলন্ত ভৰি ::  অৰ্চ্চিলন্ত হৰি ৷৷
কৰুণ সদন ::  দৈৱকী নন্দন ৷
কৰিলা বন্দন ::  পিন্ধাইলা চন্দন ৷৷
কহিয়া কাহিনী ::  বুলি প্ৰিয়বাণী ৷
চাউল-চিড়া আনি ::  ভুঞ্জি চক্ৰপাণি ৷৷
ইন্দ্ৰৰ বিভূতি ::  দিলন্ত ভূমিতি ৷
পাইলন্ত ভুকুতি ::  অনন্ত মূকুতি ৷৷
দাৰিদ্য ভঞ্জন ::  পাতক গঞ্জন ৷
ভকত ৰঞ্জন ::  দেৱ নিৰঞ্জন ৷৷
জনকৰ ঘৰ ::  গৈলা দামোদৰ ৷
নৃপতি বিস্তৰ ::  কৰিল সাদৰ ৷৷
শ্ৰূতদেৱ ৰায় ::  মাধৱক পাই ৷
অৱনত কায় ::  অৰ্চ্চিলা সদায় ৷৷
কৰিলন্ত তুতি ::  তযু যদুপতি ৷
গুণ নামে গতি ::  জানিলো সম্প্ৰতি ৷৷
জানো নিৰন্তৰ ::  কৰ্ম্মীৰ মনৰ ৷
থাকন্তে অনন্তৰ ::  হোৱা দামোদৰ ৷৷
শ্ৰৱণ কীৰ্ত্তন ::  কৰে যিটো জন ৷
তাতএসে প্ৰসন্ন ::  হোৱা নাৰায়ণ ৷৷
ভকতি বিনয় ::  শুনি কৃপাময় ৷
মনৰ নিশ্চয় ::  গুচাইলা সংশয় ৷৷
কহিলন্ত পথ ::  পুৰি মনোৰথ ৷
দ্বাৰকাৰ পথ ::  চলাইলন্ত ৰথ ৷৷
কোন পথে সন্ত ::  ৰাজা পুছিলন্ত ৷
শুনিয়া মহন্ত ::  শুকে কহিলন্ত ৷৷
শুনা নৃপবৰ ::  বেদৰ উত্তৰ ৷
ভকতিত পৰ ::  নাহি সাৰতৰ ৷৷
শিৰৰ ৰতন ::  মন্ত্ৰৰ বচন ৷
শ্ৰৱণ-কীৰ্ত্তন ::  কৰে অনুক্ষণ ৷৷
ইসে পন্থ সন্ত ::  কৈলা ভগৱন্ত ৷
নপাই আৰ অন্ত ::  সংসাৰে মহন্ত ৷৷
পিতৃৰ বচনে ::  যজ্ঞে ৰঙ্গমনে ৷
কৰাই বস্ত্ৰ ধনে ::  তুষিলা ব্ৰাহ্মণে ৷৷
গোপিকা সহিতি ::  মিলিলা তহিতি ৷
ভকতিৰ ৰীতি ::  পীৰিতি কহিলা ৷৷
নন্দ যশোদাক ::  বুলি প্ৰিয় বাক ৷
গৈলা দ্বাৰকাক ::  যত যদুজাক ৷৷
প্ৰাৰ্থিলন্ত জানি ::  দৈৱকী গোঁসানী ৷
ছয় পুত্ৰ আনি ::  দিলা চক্ৰপাণি ৷৷
দেৱ কৃপাময় ::  আনি দিলা তয় ৷
বিপ্ৰৰ তনয় ::  ৰাখি ধনঞ্জয় ৷৷
বীৰত্বে নিপুণ ::  আনন্দে আপোন ৷
যত হৰি গুণ ::  বৰ্ণাইল অৰ্জুন ৷৷
জগত আধাৰ ::  দৈৱকী কুমাৰ ৷
সংসাৰ নিস্তাৰ ::  হেতু অৱতাৰ ৷৷
লীলায়ে বিহাৰ ::  কৰিলা অপাৰ ৷
তাক কহিবাৰ ::  শকতি কাহাৰ ৷৷
শুনা নিৰন্তৰ ::  কৰ্ম্ম কেশৱৰ ৷
কৃষ্ণৰ কিঙ্কৰ ::  ৰচিল শঙ্কৰ ৷৷
কত তপসাই ::  নৰ তনু পায় ৷
ভকতি বিনাই ::  ব্যৰ্থে আয়ু যায় ৷৷
মাধৱেসে পিতা ::  মাধৱেসে মাতা ৷
মাধৱেসে ধাতা ::  মাধৱেসে দাতা ৷৷
মাধৱত পৰ ::  ত্ৰৈলোক্য ভিতৰ ৷
নাহিকে ঈশ্বৰ ::  জানা সাৰতৰ ৷৷
মিলিবে মৰণ ::  জগত তৰণ ৷
কৃষ্ণৰ চৰণ ::  পশিয়ো শৰণ ৷৷
দুৰ্ঘোৰ কলিত ::  চিন্তিয়োক হিত ৷
মাধৱত চিত্ত ::  দিয়া প্ৰতিনিত ৷৷
আয়ু আলে জালে ::  যাই পাইলে কালে ৷
ভজিয়ো সকলে ::  ৰাখিবে গোপালে ৷৷
গুন চিন্তামণি ::  দুৰ্গতি তৰণী ৷
পাপৰ অগনি ::  ঘুষিয়োক চনি ৷৷
নাহিকে চেতন ::  কেদিন জীৱন ৷
হৰিৰ কীৰ্ত্তন ::  কৰিও যতন ৷৷
কীৰ্ত্তন বিনাই ::  আন পুন্য নাই ৷
শাস্ত্ৰ অভিপ্ৰায় ::  বুজিয়োক চাই ৷৷
তেবেসে নিস্তৰি ::  আন পৰিহৰি ৷
হৃদি ৰূপ ধৰি ::  বোলা হৰি হৰি ৷৷