বোলা ৰাম ৰাম ছাড়া আন কাম

|| ঘোষা ||: 

বোলা ৰাম ৰাম ছাড়া আন কাম


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

কৃষ্ণৰ পৰম ::  জনম কৰম ৷
ভৈল অনুক্ৰম ::  সম্পূৰ্ণ দশম ৷৷
আৱে একাদশ ::  শুনা কৃষ্ণ যশ ৷
মুকুতিৰ ৰস ::  ভকতি সৰ্ব্বস ৷৷
ভাৰক সংহৰি ::  পৃথিৱী উদ্ধৰি ৷
বিমৰিষ কৰি ::  বুলিলন্ত হৰি ৷৷
ইটো যদুকুল ::  ভাৰ সুবিপুল ৷
লগাই হুলস্থুল ::  কৰিবো নিৰ্ম্মূল ৷৷
অনাই ঋষি বল ::  দিয়াই শাপ ছল ৷
মিলাইলা মুষল ::  দেখন্তে বিহবল ৷৷
ত্ৰিদশ সহিতি ::  আসি প্ৰজাপতি ৷
কৰিলন্ত নতি ::  অনেক ভকতি ৷৷
ভকত বান্ধৱ ::  কুল পৰাভৱ ৷
কৰিবে মাধৱ ::  জানিল উদ্ধৱ ৷৷
বুজি সবে মত ::  কৃষ্ণৰ আগত ৷
পৰি দণ্ডৱত ::  বোলে বিৰলত ৷৷
কুলক সংহৰি ::  মোক পৰিহৰি ৷
বৈকুণ্ঠ নগৰী ::  চলিবাহা হৰি ৷৷
মোৰ প্ৰাণধন ::  তোমাৰ চৰণ ৷
নপাই নাৰায়ণ ::  তেজিবো জীৱন ৷৷
তোহ্মাৰ কিঙ্কৰ ::  কৰোহোঁ কাতৰ ৷
নকৰা অন্তৰ ::  মোক দামোদৰ ৷৷
ধৰিয়া চৰণে ::  বিনয় বচনে ৷
লোতক নয়নে ::  কৰে অনুক্ষণে ৷৷
উদ্ধৱ মহন্ত ::  পৰিয়া কান্দন্ত ৷
দেখি ভগৱন্ত ::  হাসিয়া বোলন্ত ৷৷
মোহোৰ হৃদয় ::  পাইলা মহাশয় ৷
মোৰ কুলক্ষয় ::  চলিবো নিশ্চয় ৷৷
ভৈল বিৰকতি ::  সপ্ৰেম ভকতি ৷
কহিবো সম্প্ৰতি ::  শুনা মহামতি ৷৷
যত মহাজ্ঞান ::  যত যোগ ধ্যান ৷
কৰিলা ব্যাখ্যান ::  পুৰুষ পুৰাণ ৷৷
দেখাইলন্ত সম ::  কৈলা নিৰুপম ৷
ভক্তি মুখ্যতম ::  পুৰুষ উত্তম ৷৷
নিৰ্গুণ ভকতি ::  নিৰ্গুণত মতি ৷
নিৰ্গুণত ৰতি ::  নিৰ্গুণত গতি ৷৷
নিৰ্গুণত জ্ঞান ::  নিৰ্গুণত ধ্যান ৷
নিৰ্গুণত স্থান ::  কৈলা সৰ্ব্বজ্ঞান ৷৷
জ্ঞানত কৰ্ম্মত ::  কৰি সাৰ তত্ব ৷
ভকতি যিমত ::  কৰিলোঁ বেকত ৷৷
ব্ৰহ্মা লক্ষী হৰ ::  ইটো কলেৱৰ ৷
তাতো শ্ৰেষ্ঠতৰ ::  ভক্ত প্ৰিয়তৰ ৷৷
ভকতেসে জ্ঞান ::  ভকতেসে ধ্যান ৷
ভকত সমান ::  নাহি মোৰ আন ৷৷
দেৱতো তীৰ্থত ::  কৰিয়া ভকত ৷
তাৰিবে শঙ্কত ::  কহিলো বেকত ৷৷
চিত্তে মোক ধৰি ::  শোক পৰিহৰি ৷
দ্বাৰকাক এৰি ::  চলা শীঘ্ৰে কৰি ৷৷
দেখিয়োক সম ::  যায়ো নিৰুপম ৷
বদৰিকাশ্ৰম ::  উদ্ধৱ উত্তম ৷৷
শুনি মহাবীৰ ::  চিত্ত নোহে থিৰ ৷
কৃষ্ণে পৱে শিৰ ::  দিয়া ঝৰে নীৰ ৷৷
চৰণ নেৰন্ত ::  প্ৰেমত কান্দন্ত ৷
দেখি ভগৱন্ত ::  প্ৰবোধ বোলন্ত ৷৷
উঠিয়োক সখি ::  হিয়ে মোক দেখি ৷
বাহিৰে নিৰেখি ::  ভ্ৰমিয়োক সখি ৷৷
কৃষ্ণৰ বচন ::  শুনি সন্ধুক্ষণ ৷
কৰিল গমণ ::  নচলে চৰণ ৷৷
খৰম দুইখানি ::  মাথে বান্ধি আনি ৷
হিয়ে মুঠি হানি ::  যান্ত মহামানী ৷৷
দ্বাৰকাৰ বাজ ::  হুয়া বুজি কাজ ৷
পশি বনমাজ ::  ৰৈলা যদুৰাজ ৷৷
মাধৱে চিন্তিল ::  জ্ঞাতিক নিখিল ৷
প্ৰভাসক নিল ::  জলত স্নানিল ৷৷
দান দিয়াইলা ::  বাৰুণী পিয়াইলা ৷
প্ৰমত্ত কৰাইলা ::  মাদুৰী হনাইলা ৷৷
হৰিল চেতন ::  যত যদুগণ ৷
কৰিলেক ৰণ ::  মিলিল মৰণ ৷৷
কৰি চিত্ত থিৰ ::  ৰাম মহাবীৰ ৷
প্ৰভাসৰ তীৰ ::  তেজিল শৰীৰ ৷৷
কৃষ্ণে স্নানি জলে ::  অশ্বত্থৰ তলে ৷
বসিলা অকলে ::  তনু আতি জ্বলে ৷৷
পীত বসন ::  ৰুচিৰ দশন ৷
হাসিত বয়ন ::  কমল নয়ন ৷৷
খচিত কনক ::  ৰত্নৰ তিলক ৷
কুটিল মাথাত ::  ৰঞ্জে ৰত্ন তাত ৷৷
শ্ৰীবত্‍স হিয়াত ::  চাৰু চাৰি হাত ৷৷
মকৰ কুণ্ডল ::  শোভে গণ্ডস্থল ৷
চাৰু কম্বুগল ::  কৌস্তুভে উজ্জ্বল ৷৷
হিয়ে হেমহাৰ ::  ৰত্নে ৰত্নে জাতিষ্কাৰ ৷
দিব্য মুকুতাৰ ::  ৰঞ্জে অলঙ্কাৰ ৷৷
বনমালা উৰে ::  আতি জ্যোতি কৰে ৷
মধু মধুকৰে ::  ভুঞ্জিয়া গুঞ্জৰে ৷৷
কনকে গঠিত ::  মেখলা কটিত ৷
জঙ্ঘা সুবলিত ::  হোড়ৰে জড়িত ৷৷
চৰণ কমল ::  নুপুৰ উজ্জ্বল ৷
আতি সুকুমল ::  ৰঙা পদতল ৷৷
ধ্বজ ব্ৰজ যৱ ::  চিহ্ন অভিনৱ ৷
দেখন্তে উত্‍সৱ ::  আছন্ত মাধৱ ৷৷
অৰণ্যত পশি ::  কৃষ্ণ মহযশী ৷
প্ৰকশন্ত বসি ::  যেন কোটি শশী ৷৷
ব্যাধেক আসিল ::  বাণ প্ৰহাৰিল ৷
লাগিল জানিল ::  দেখিয়া আসিল ৷৷
কৃষ্ণক দেখিল ::  পৰিয়া কান্দিল ৷
নিৰ্ভয়ে বুলিল ::  স্বৰ্গক চলিল ৷৷
প্ৰভু ভগৱন্ত ::  বসিয়া আছন্ত ৷
দেখি পৰিলন্ত ::  দাৰুক মহন্ত ৷৷
চাৰিয়ো ঘোটক ::  সহিতে ৰথক ৷
পঠাই বৈকুণ্ঠক ::  চাইলা দাৰুকক ৷৷
বুলিলন্ত বাপ ::  চলা দ্বাৰকাক ৷
যিভৈল বিপাক ::  কহিয়ো বাৰ্ত্তাক ৷৷
শুনি চলিলন্ত ::  দাৰুক মহন্ত ৷
শোকত কান্দন্ত ::  লোতক ঝড়ন্ত ৷৷
ভ্ৰমিয়া ফুৰন্ত ::  উদ্ধৱ মহন্ত ৷
কৃষ্ণে দেখিলন্ত ::  হাসিয়া বোলন্ত ৷৷
অদ্যাপি ভ্ৰমিয় ::  শঙ্কা কৰা কিয় ৷
তুমি যেন প্ৰিয় ::  আপুনি জানিয় ৷৷
মোহোৰ নিদান ::  এৰা অপমান ৷
আসা সখি প্ৰাণ ::  কহো তত্ব জ্ঞান ৷৷
মাধৱে কহিল ::  উদ্ধৱে শুনিল ৷
হৃদয় দ্ৰবিল ::  পাৱত পৰিল ৷৷
মুখে নাসে মাত ::  কান্দে দোৱাঁই মাথ ৷
তেজিলাহা নাথ ::  ভৈলোহো অনাথ ৷৷
উদ্ধৱ কান্দন্ত ::  দেখি ভগৱন্ত ৷
ধৰি তুলিলন্ত ::  জ্ঞান কহিলন্ত ৷৷
থাকিবে নেদিল ::  প্ৰণাম কৰিল ৷
শোক উথলিল ::  কান্দতে চলিল ৷৷
ব্ৰহ্মা চিন্তি হিত ::  ত্ৰিদশে সহিত ৷
মিলিল তহিত ::  গাইল গুণ গীত ৷৷
কতোহো গাৱন্ত ::  কতোহো নাচন্ত ৷
তুতি উচ্চৰন্ত ::  পুষ্প সিঞ্চিলন্ত ৷৷
দেখি নাৰায়ণ ::  হাসিত বয়ন ৷
জপাইলা নয়ন ::  চলিবাক মন ৷৷
দেৱক কটক ::  নাকলে কৃষ্ণক ৷
বিজুলী চটক ::  পাইলা বৈকুণ্ঠক ৷৷
দেখি কৃষ্ণপদ ::  নয়ন তবধ ৷
যত পাৰিষদ ::  বজাইল শৱদ ৷৷
দেখিয়া মাধৱ ::  প্ৰীতি অভিনৱ ৷
মিলিল উত্‍সৱ ::  কৰে জয়ৰৱ ৷৷
জগতৰ তাত ::  মাধৱ তথাত ৷
অনন্ত শয্যাত ::  থাকিলা সাক্ষাত ৷৷
কৃষ্ণৰ কিঙ্কৰ ::  ৰচিলা শঙ্কৰ ৷
চৰিত্ৰ কৃষ্ণৰ ::  শুনা সৱে নৰ ৷৷
কৃষ্ণৰ পাচত ::  কলিৰ ভয়ত ৷
ধৈৰ্য্য ধৃত ব্ৰত ::  মহাধৰ্ম্ম যত ৷৷
আতি ত্ৰাস মানে ::  সিটো ধৰ্ম্ম গণে ৷
হৰিৰ কীৰ্ত্তনে ::  পশিল শৰণে ৷৷
যিজন নিপুণ ::  গাৱে হৰিগুণ ৷
সিসে পাৱে পুইণ ::  নিস্তৰে আপোন ৷৷
আন ধৰ্ম্ম প্ৰজা ::  নাম তাৰ ৰজা ৷
শাস্ত্ৰৰ বুজিয়া মজ্জা ::  জানি এৰা লজ্জা ৷৷
ৰাম নাম গাই ::  ভ্ৰমিও সদায় ৷
হেলা নুযুৱাই ::  ব্যৰ্থে আয়ু যায় ৷৷
নামেসে সংসাৰ ::  কৰিবে নিস্তাৰ ৷
নাম বিনে আৰ ::  আন নাহি সাৰ ৷৷
নামে তেজি আশ ::  কাত কৰা সাশ ৷
অমৃত নৈৰাশ ::  যেন বিষ গ্ৰাস ৷৷
পাপে চাপি ধৰে ::  নাম নুসুমৰে ৷
আত্মঘাত কৰে ::  কৌতুকতে মৰে ৷৷
কত তপসাই ::  নৰতনু পায় ৷
চিন্তামণি পায় ::  হাততে হৰাই ৷৷
জানিয়া সম্প্ৰতি ::  কৰি থিৰ মতি ৷
অগতিৰ গতি ::  ভজা যদুপতি ৷৷
মাধৱৰ নাম ::  ধৰ্ম্ম অনুপাম ৷
এৰি আন কাম ::  বোলা ৰাম ৰাম ৷৷