ৰুক্মিণীৰ প্ৰেম-কলহ : ১ম অধ্যায় : ৰাম কৃষ্ণ...

|| ঘোষা ||: 

৷৷ ৰাম কৃষ্ণ ৰাম হৰি বোলা যত্ন কৰি৷

মাধৱৰ পাদ-পদ্ম হৃদয়ত ধৰি৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

শুকে বোলে শুনা পৰীক্ষিত নৃপবন৷

এক দিনা ৰুক্মিণীৰ গৃহে দামোদৰ৷৷

ৰত্ন-সিংহাসনে হংস-তুলিৰ উপৰে৷

বসিয়া আছন্ত তাত জগত-ঈশ্বৰে৷৷ ১

ৰুক্মিণীৰ সেৱা দেখি ৰঙ্গে নাৰায়ণ৷

হাসি হাসি ৰুক্মিণীক বুলিলা বচন৷৷

তুমি ৰাজকুমাৰী আমিসে ক্ষুদ্ৰজন৷

তোমাৰ আমাত কিছু নাহি প্ৰয়োজন৷৷ ২

ৰাজাগণ-ভয়ে থাকো সাগৰৰ মাজে৷

ভয়াতুৰ জনক বৰিলা কোন কাজে৷৷

স্বৰূপত নোহো মই ৰাজাৰ নন্দন৷

নাহি ৰাজ-চিহ্ন মোৰ ছত্ৰ সিংহাসন৷৷ ৩

উগ্ৰসেন ৰাজাৰেসে থাকো আজ্ঞা ধৰি৷

কোন গুণ দেখি মোক বৰিলা সুন্দৰী৷৷

আৰো মই নকৰোহো লোক-সদাচাৰ৷

নাহিকে নাৰীত মোৰ বিস্তৰ আদৰ৷৷ ৪

সিসৱৰ আচাৰ নুবুজে একোজন৷

স্ত্ৰীৰ পৰাধীন নোহে যিটো নৰগণ৷৷

তাহাক ভজিলে দুঃখ পাৱে নাৰীগণে৷

মোত সেহিমত বৰিলাহা কোন গুণে৷৷ ৫

এতেকে ৰুক্মিণী নুগুণিলা চিৰকাল৷

বিশেষ নুবুজি বিচাৰিলা গুণ ভাল৷৷

সবৰ্ব-গুণ-হীন মোক বৰিলা সুন্দৰী৷

তোমাৰ সমান মই হৈবো কেন কৰি৷৷ ৬

কি কৰি বৰিলা আগ-পাছ নুগুণিলা৷

পিতৃ মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা৷৷

প্ৰলয়-জলৰ  বাট পথ নাহি ভালে৷

আমি স্বামী ভৈলে সুখ নাহি কোনো কালে৷৷ ৭

তোৰ ভাই ৰুক্ম শিশুপাল জৰাসন্ধ৷

সিসৱৰ মদ-গবৰ্ব কৰিবাৰ অন্ত৷৷

মহা মহা ৰজাগণ সৱক সংহৰি৷

আনিলোযে তোমাকেসে লৈলা মোক বৰি৷৷ ৮

সি কাৰণে তোমাক আনিলো মই হৰি৷

যৈকে ইচ্ছা তুমি তৈকে যাৱা শীঘ্ৰ কৰি৷৷

দিলোহো বিদায় এবে যথা লাগে যাৱা৷

তোমাৰ সদৃশ বৰ বিচাৰিয়া লৱা৷৷ ৯

বিদায় দিবাৰ হেন শুনিলা ৰুক্মিণী৷

বিমূৰ্চ্ছিত হুয়া ঢলি পৰিলা ধৰণী৷

শোকৰ জালত দগ্ধ ভৈল কলেৱৰ৷

হাতৰ পৰিল খসি শুক্ল যে চামৰ৷৷ ১০

দুই হাত মেলি হৰি ধৰিলন্ত তুলি৷

এক হাতে ৰুক্মিণীৰ বান্ধিলন্ত চুলি৷৷

এক হাতে মচি মুখ লোতক গুচাইলা৷

দৃঢ় কৰি ৰুক্মিণীক বুজাইবে লাগিলা৷৷ ১১

স্বামীৰ ভাৰ্য্যাৰ জানা হেনসে লক্ষণ৷

ভাৰ্য্যা সঙ্গে কৌতুক নকৰে কোন জন৷৷

ভাগ্যৱতী ৰুক্মিণী কৃষ্ণৰ প্ৰাণ-জায়া৷

বোলা হৰি হৰি তৰা সংসাৰৰ মায়া৷৷ ১২