|| পদ ||:
কৃষ্ণত নৈৰাশ হুয়া ৰুক্মিণী সুন্দৰী৷
দেখে তমোময় যেন প্ৰাণ গৈল উৰি৷৷
কম্পিত শৰীৰ তান স্থিৰ নোহে মন৷
ভূমিত পৰিয়া দেৱী হৈলা অচেতন৷৷ ১৩
মূৰ্চ্ছা গৈলা মাধৱৰ বচন শুনিয়া৷
নোহে সুস্থ ৰুক্মিণীৰ ত্ৰাসে কাম্পে হিয়া৷৷
প্ৰভুৰ নৈৰাশে যেন প্ৰাণ ছাড়ি যায়৷
মৰন্ত ৰুক্মিণী আতি চক্ষু ওলটাই৷৷ ১৪
কাম্পে হাত ভৰি দেখি ত্ৰাসে নাৰায়ণ৷
কোলে ধৰি আশ্বাসিলা তুলি তেতিক্ষণ৷৷
আপুনাৰ বস্ত্ৰ ধৰি মুখক মচিলা৷
ৰুক্মিণীক আশ্বাসিয়া বচন বুলিলা৷৷ ১৫
হুয়ো সন্বুূক্ষণ সতী কৈলো উপহাস৷
শুনিয়া ৰুক্মিণী পুনু তেজিলা নিশ্বাস৷৷
মাধৱৰ নিন্দাক শুনিয়া মহাসতী৷
বুলিবে লাগিয়া স্তুতি কৰিয়া প্ৰণতি৷৷ ১৬
আৰম্ভিলা স্তুতি ধৰি কৃষ্ণৰ চৰণ৷
নমো নমো নাৰায়ণ আদি-নিৰঞ্জন৷৷
তুমি পূৰ্ণব্ৰহ্ম প্ৰভু সত্য সনাতন৷
অগতিৰ গতি হৰি তুমি নাৰায়ণ৷৷ ১৭
কৰা প্ৰভু কৃপা মোক এৱে পৰিত্ৰাণ৷
তুমি বিনে জগতৰ গতি নাহি আন৷৷
লীলা নৰতনু ধৰি হুয়া অৱতাৰ৷
বাৰে বাৰে জগতক কৰাহা উদ্ধাৰ৷৷ ১৮
নজানোহো প্ৰভু মই মহিমা তোমাৰ৷
লীলায়ে ধৰাহা অৱতাৰ বহুবাৰ৷৷
ব্ৰহ্মা হৰে উপাসন্ত যাহাৰ চৰণ৷
গৰুড়-বাহন প্ৰভু দেৱ সনাতন৷৷ ১৯
তযু পত্নী বুলি গবৰ্ব কৈলো দেৱ হৰি৷
ক্ষমিয়ো মোহোৰ দোষ হেৰা যাওঁ মৰি৷৷
নমো নমো নাৰায়ণ সহস্ৰ-লোচন৷
সহস্ৰেক বাহু যাৰ সহস্ৰ বয়ন৷৷ ২০
নমো নমো জগন্নাথ ব্ৰহ্ম সনাতন৷
বিষ্ণু-ৰূপী প্ৰভু নমো তোমাৰ চৰণ৷৷
জানিয়া তোমাৰ পাৱে পশিলো শৰণ৷
অজ্ঞানীৰ দোষ ক্ষমা কৰা নাৰায়ণ৷৷ ২১
দাসী কৰি লৈয়ো মোক প্ৰভু দামোদৰ৷
তোমাৰ পাৱত কৰো এতেকে কাতৰ৷৷
ভকত-বৎসল প্ৰভু তুমি যদুপতি৷
তোমাৰ চৰণে সদা ৰৌক মোৰ মতি৷৷ ২২
এহি বুলি কান্দে আতি ৰুক্মিণী সুন্দৰী৷
নয়নৰ লোতকে তিয়াইলা দুই ভৰি৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সবৰ্বজন৷
একান্তে লৈয়োক সৱে হৰিত শৰণ৷৷ ২৩
কৃষ্ণৰ প্ৰসাদে সৱে হোৱ মহা কৃত্য৷
তাহান চৰণে সদায়েসে যিটো হোৱে ভৃত্য৷৷
হৰিৰ চৰণ চিন্তি এৰা আন কাম৷
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম৷৷ ২৪