|| পদ ||:
মাধৱ বদতি সাধু সাধু মহাসতী৷
যতেক বুলিলা মানে স্বৰূপ যুগুতি৷৷
এহি তযু বচন শুনিবে অভিলাষ৷
এতেকে তোমাক কৰিলোহো পৰিহাস৷৷ ৩৪
একান্ত ভকত তুমি শুনিয়ো কল্যাণী৷
যেন যেন কাম মোত বাঞ্ছিলা আপুনি৷৷
সকলে তোমাত আছে নাহিকে সংশয়৷
কিন্তু মোক্ষ-হেতু হৈবা বুলিলো নিশ্চয়৷৷ ৩৫
তোমাৰ স্বামীত প্ৰেম জানিলো আপুনি৷
আৱে তযু নাম পতিব্ৰতা আছে বাণী৷৷
এতেক বচনে তযু ছলিলো মনক৷
তভো মোক তেজি মন নগৈল আনক৷৷ ৩৬
ধন্য ধন্য ৰুক্মিণী তুমিসি পতিব্ৰতা৷
পৰম সুন্দৰী সবৰ্ব গুণে অনিন্দিতা৷৷
সবৰ্বক্ষণে কৰা তুমি আমাত ভকতি৷
তোমাৰ সমান কোন আছে ভাগ্যৱতী৷৷ ৩৭
একান্ত ভক্তিক প্ৰশংসিলা দেৱ হৰি৷
সকামী ভক্তক নিন্দা কৰন্ত মুৰাৰি৷৷
পুত্ৰ-পত্নী-কামে যিটো ভজয় আমাক৷
মোহোৰ মায়ায়ে জানা মুহি আছে তাক৷৷ ৩৮
তপ ব্ৰত ধৰি দুঃখ পায়ে বৃথা শ্ৰমে৷
মহা মোক্ষ-দাতা মোক ভজে আন কামে৷৷
নৰকক মিলে বিষয়ৰ যত দুঃখ৷
তাকে লাগি হোৱে লোক মোহোত বিমুখ৷৷ ৩৯
কিনো মহা ৰঙ্গ মোৰ শুনা ক্ষীৰোদ্বৰী৷
সদায়ে মোহোৰ সেৱা কৰা ৰঙ্গ কৰি৷৷
সংসাৰ-মোচন আকে বুলিয় ভকতি৷
অভকত জনে আৰ নুবুজায় গতি৷৷ ৪০
স্বামীত ভকত সবৰ্ব গুণে সুলক্ষণী৷
তোমাৰ সমান মই নেদেখো ঘৰিণী৷৷
আৰো তযু চৰিত্ৰ সুমৰি মোৰ মনে৷
আনন্দে আকুল মই হওঁ ঘনে ঘনে৷৷ ৪১
যতেক নৃপতি পাই সৱাকে উপেক্ষি৷
মোক লাগি বিপ্ৰক পঠাইলা পত্ৰ লেখি৷৷
পিতৃ মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা৷
সঙ্কেত কৰিয়া মোক আপুনি নিয়াইলা৷৷ ৪২
তযু ভাই ৰুক্মক মুণ্ডিলো মই ধৰি৷
তভো মোক চান্তে সৱ সহিলা সুন্দৰী৷৷
মই এৰিবাৰ ডৰে একো নুবুলিলা৷
এতেকে ৰুক্মিণী মোক তুমিসে জিনিলা৷৷ ৪৩
শুনা সভাসদ ভাগৱত আন এৰি৷
প্ৰেম-ভকতিত তুষ্ট ভৈলা দেৱ হৰি৷৷
মিছা গৃহ-বন্দীশালে পৰিয়া নমৰা৷
মাধৱত প্ৰেম-ভক্তি কৰি সুখে তৰা৷৷ ৪৪
এৰি আল-জাল সৱে মাধৱতে ভজা৷
হৰিৰ নামেৰে বান্ধা হৃদয়ত ধ্বজা৷৷
হেন জানি এৰা সৱে ভাস-ভূস কাম৷
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷ ৪৫
৷৷ ৰুক্মিণীৰ প্ৰেম-কলহ সমাপ্ত৷৷