|| পদ ||:
কান্দন্ত কাৰুণ্যে পৰি ৰুক্মিণী সুন্দৰী৷
নয়নৰ লোতক পৰিল সৰসৰি৷৷
কৃষ্ণৰ বচনে যেন অগ্নি যায় জ্বলি৷
মহামৰ্ম্মে ৰুক্মিণীৰ গাৱ নিয়ে টলি৷৷ ২৫
কতো ক্ষণে চেতন লভিয়া মহাসতী৷
মাধৱক বুলিলন্ত কৰিয়া কাকূতি৷৷
পৰম অজ্ঞানী মই পাতকী নিশ্চয়৷
আমাত সদয় ভৈলা প্ৰভু কৃপাময়৷৷ ২৬
অনাচাৰী নাৰী মই অজ্ঞানী ববৰ্বৰ৷
নজানি তোমাত গবৰ্ব কৈলো দামোদৰ৷৷
অনন্ত শকতি তুমি দেৱ মহেশ্বৰ৷
চৰণত ধৰো প্ৰভু দোষ ক্ষমা কৰ৷৷ ২৭
তযু পত্নী বুলি অহংকাৰ আচৰিলো৷
ঢুলন চামৰ লৈয়া আপদে মজিলো৷৷
ব্ৰহ্মা ইন্দ্ৰ চন্দ্ৰে সেৱা কৰে তযু পাৱে৷
অনন্তে সহস্ৰ মুখে যাৰ গুণ গাৱে৷৷ ২৮
হেন হৰি তুমি পূৰ্ণব্ৰহ্ম সনাতন৷
আপুনাকে আপুনিয়ে কৰিলা নিন্দন৷৷
হেন নাৰায়ণ দয়াময় দেৱ হৰি৷
মই অজ্ঞানীক হৰি লৈয়ো দাসী কৰি৷৷ ২৯
যি বুলিলা ৰাজাৰ দুহিতা আতিশয়৷
সিসৱ সুমৰি মোৰ কাম্পয় হৃদয়৷৷
কোনবা জনমে প্ৰভু আছো তপসাই৷
তোমাক সেৱিবে মই পাইলো যদুৰাই৷৷ ৩০
গৃহ-অন্ধকূপে পৰি নপাওঁ মই পাৰ৷
মই পাপিনীক প্ৰভু কৰিয়ো উদ্ধাৰ৷৷
কৰোহো কাতৰ আৱে চৰণত ধৰি৷
মই অজ্ঞানীত তুষ্ট হোৱা দেৱ হৰি৷৷ ৩১
তোমাৰ গৃহৰ প্ৰভু হৈবোহো কিঙ্কৰী৷
জন্মে জন্মে থাকিবো চৰণে সেৱা কৰি৷৷
জন্মে জন্মে মোৰ স্বামী হৈবা দামোদৰ৷
কৰোহো কাতৰ প্ৰভু দিয়া এহি বৰ৷৷ ৩২
এহি বুলি কেশ মেলি চৰণ মুচিলা৷
চাৰি হাত মেলি হৰি আশ্বাসি তুলিলা৷৷
কৃষ্ণৰ কিঙ্কৰে কহে ৰুক্মিণী-আলাপ৷
হৰি হৰি বুলি তৰা সংসাৰৰ তাপ৷৷ ৩৩