|| পদ ||:
শিশুপাল প্ৰমুখ্যে নৃপতিগণ জিনি ৷
ভীষ্মক দুহিতা হৰি আনিলা ৰুক্মিণী ৷৷
ৰুক্মক মুণ্ডিলা হৰি পৰম বিক্রমে ৷
অষ্ট মহিষীক বিহা কৰিলা প্ৰথমে ৷৷১৪৭৬৷৷
গৰুড়ত চড়ি নৰকক দিলা ধাৰ ৷
তাক মাৰি পাইলা কন্যা ষোড়শ হাজাৰ ৷৷
সৱাকো পঠাইলা প্ৰভু দ্বাৰকাক প্ৰতি ৷
সত্যভামা সমে পাছে গৈলা অম্ৰাৱতী ৷৷১৪৭৭৷৷
অদিতিক দিলা নিয়া অমৃত কুণ্ডল ৷
তোমাক অৰ্চ্চিল আসি দেৱ আখণ্ডল ৷৷
বাসৱে সহিতে হৰি কহি কথা-মাত ৷
খুজিলা ভাৰ্য্যাৰ পদে পুষ্প পাৰিজাত ৷৷১৪৭৮৷৷
ইন্দ্ৰে নিদিবন্ত তাক জানিলা মুৰাৰি ৷
আনিলন্ত বলে পাৰিজাতক উভাৰি ৷৷
দেখি খেদি আসি ইন্দ্ৰে কৰিলা সমৰ ৷
বাসৱক লীলায়ে ভঙ্গাইলা দামোদৰ ৷৷১৪৭৯৷৷
উলটি পলাইল ইন্দ্ৰ তোমাৰ প্ৰহাৰে ৷
ৰুইলা পাৰিজাত সত্যভামাৰ দুৱাৰে ৷৷
ষোড়শ হাজাৰ কন্যা আনি ভিন্নে ভিন্নে ৷
দ্বাৰকাত বিৱাহ কৰিলা একেদিনে ৷৷১৪৮০৷৷
সিটো সৱ দিব্যপত্নী যত বৰনাৰী ৷
ততেক শৰীৰ ধৰি ক্রীড়িলা মুৰাৰি ৷৷
চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ ৷
সালঙ্কৃতা কৰি নিতে কৰন্ত গো-দান ৷৷১৪৮১৷৷
ইন্দ্ৰদেৱে পুৰস্কাৰ কৰিয়া তোমাক ৷
দ্বাৰকাক পঠাই দিলা সুধৰ্ম্মা সভাক ৷৷
তাত বসিবাক যাহা প্ৰত্যহে উৎসুকে ৷
আগত যোগান্ত আনি ৰথক দাৰুকে ৷৷১৪৮২৷৷
ৰথত চড়িয়া দাৰুকৰ ধৰি হাতে ৷
সাত্যকি উদ্ধৱ সমে বসন্ত সভাতে ৷৷
গুৰু শুক্র সমে যেন আকাশত শশী ৷
সভাক ৰঞ্জিয়া প্ৰভু ৰঙ্গে থাকা বসি ৷৷১৪৮৩৷৷
দেখিয়া প্ৰণামে যিটো সুধৰ্ম্মা সভাক ৷
যদুগণে আনন্দে চটকি ফুৰে তাক ৷
তোমাৰ প্ৰসাদে নুভুঞ্জিলে কোন ভোগ্য ৷
মিলে দ্বাৰকাত যত বস্তু দেৱ-যোগ্য ৷৷১৪৮৪৷৷
পঢ়াইলা যাদৱবংশ যতেক কুমাৰ ৷
তাৰ সংখ্যা কহিবে শকতি কাহাৰ ৷৷
তাসম্বাৰ শুনিয়ো পঢ়োৱা ওজা যত ৷
তিনিকোটি চৌৰাশী হাজাৰ একশত ৷৷১৪৮৫৷৷
ভণিল শঙ্কৰে শুনিয়োক সৰ্ব্বজন ৷
একচিত্তে কৰা সৱে হৰিৰ কীৰ্ত্তন ৷
আতপৰে ধৰ্ম্ম আৰ নাহি সংসাৰত ৷
ৰাম ৰাম ঘুষিয়োক বসি আসনত ৷৷১৪৮৬৷৷