নাৰদৰ কৃষ্ণদৰ্শন : ২য় কী : কেশৱ কৃষ্ণ...

|| ঘোষা ||: 

কেশৱ কৃষ্ণ বিষ্ণু বনমালী ৷

নিয়ো কৃপাময় সেৱক পালি ৷৷১২৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ষোড়শ হাজাৰ কন্যাক ভিন্নে ৷

কৰিলা বিহা হৰি একে দিনে ৷৷

কৃষ্ণৰ আশ্চৰ্য্য মহিমা শুনি ৷

দ্বাৰকাক গৈলা নাৰদ মুনি ৷৷১৪৮৭৷৷

দেখিলা ঋষি দিব্যপুৰী পাছে ৷

সুৱৰ্ণময় গড়ে বেঢ়ি আছে ৷৷

সাগৰ বেঢ়ি ভৈল গড়খাই ৷

দেখি বিপক্ষৰ ধাতু উৰাই ৷৷১৪৮৮৷৷

দিব্য সৰোবৰ পুষ্পিত বনে ৷

পৰিয়া নাদ তেজে পক্ষীগণে ৷৷

চম্পা পাৰিজাত সুৰভি বাসে ৷

নৱ লক্ষ দেৱগৃহ প্ৰকাশে ৷৷১৪৮৯৷৷

কতো স্ফটিকৰ কতো ৰজত ৷

সুৱৰ্ণময় কতো মৰকত ৷৷

সূৰ্য্য সম জ্বলে গৃহৰ কান্তি ৷

ৰঞ্জে আতি ধ্বজ পতাকা পান্তি ৷৷১৪৯০৷৷

তাৰ অন্তঃপুৰ দেখিলা পাছে ৷

প্ৰবন্ধে বিশ্বকৰ্ম্মে নিৰ্ম্মি আছে ৷৷

ষোড়শ হাজাৰ দিব্য আৱাস ৷

সূৰ্য্য সম জ্বলে লঙ্ঘি আকাশ ৷৷১৪৯১৷৷

তাহাৰ মধ্যে এক গৃহ পশি ৷

ৰত্নৰ দীপিতি দেখন্ত ঋষি ৷

প্ৰৱালৰ স্তম্ভ বৈদূৰ্য্য ফলি ৷

সুৱৰ্ণৰ কাঠিকামী মাণ্ডলি ৷৷১৪৯২৷৷

ইন্দ্ৰনীল ৰত্নে লগাইল বাৰ ৷

মাণিক কপাট হীৰাৰ দ্বাৰ ৷৷

ৰত্নৰ চাৰু কুন্দৰুখ জালে ৷

ধূপ ধূম্ৰচয় বজাই বোম্বালে ৷৷১৪৯৩৷৷

মেঘ বুলি তাক ময়ূৰগণে ৷

গৃহত চৰিয়া নাচে সঘনে ৷৷

প্ৰকাশে চন্দ্ৰাতপ অসংখ্যাত ৷

আৰিছে মুকুতা মুৰাৰি তাত ৷৷১৪৯৪৷৷

তলত ৰত্নময় সিংহাসন ৷

বিছাই হংস তুলী বিতোপন ৷৷

তাতে শুতি আছা জগতপতি ৷

উপাসি আছন্ত ৰুক্মিণী সতী ৷৷১৪৯৫৷৷

ৰত্নময় দণ্ড চামৰ ধৰি ৷

স্বামীক বিঞ্চন্ত লাসে সুন্দৰী ৷৷

সমান বয়সী সহস্ৰ দাসী ৷

লগত যোগানে আছে উপাসি ৷৷১৪৯৬৷৷