|| পদ ||:
চৌপাশে প্ৰকাশে ৰত্ন প্ৰদীপ ৷
চাপিলা হৰিষে ঋষি সমীপ ৷৷
নাৰদক দেখি উঠিলা হৰি ৷
প্ৰণামিলা পাৱে শিৰে সাদৰি ৷৷১৪৯৭৷৷
কৃতাঞ্জলি স্তুতি বুলিলা বাণী ৷
আপুনি আসনে বৈসাইলা আনি ৷৷
লক্ষ্মী পানী দেন্ত ভৃঙ্গাৰ ধৰি ৷
ধুৱাইলা ঋষিৰ চৰণ হৰি ৷৷১৪৯৮৷৷
লৈলা পাদোদক শিৰত আনি ৷
বুলিলা অমৃত মধুৰ বাণী ৷৷
পৱিত্ৰ আজি ভৈলো ঋষিৰাজ ৷
কৰিয়ো আজ্ঞা সাধো কোনকাজ ৷৷১৪৯৯৷৷
শুনিয়া নাৰদে মাতিলা হাসি ৷
তোমাৰ চৰণ দেখিলো আসি ৷৷
ব্ৰহ্মা আদি যত পৰম জ্ঞানী ৷
চিন্তে হিয়ে যাক প্ৰবন্ধে আনি ৷৷১৫০০৷৷
সংসাৰ কূপে পৰে যিটো জন ৷
তাৰো অৱলম্ব তযু চৰণ ৷৷
হেন পাদপদ্ম চিন্তো সদায় ৷
তোমাৰ গুণ মুখে ফুৰো গাই ৷৷
তোমাৰ পাৱে নছাড়োক মতি ৷
দিয়ো এহি বৰ জগতপতি ৷৷
এহি বুলি তৈৰ উঠিলা ঋষি ৷
দেখিলা পাছে আৰো গৃহ পশি ৷৷১৫০২৷৷
কৰিয়া কৃষ্ণে হাস পৰিহাস ৷
ভাৰ্য্যায়ে সহিতে খেলন্ত পাশ ৷৷
কাষতে উদ্ধৱ আছে নিৰেখি ৷
উঠিলা কৃষ্ণে নাৰদক দেখি ৷৷১৫০৩৷৷
আসনে বৈসাই ধুৱাইলা ভৰি ৷
কেতিক্ষণে আইলা পুছন্ত হৰি ৷৷
তুমি সৰ্ব্ব পূৰ্ণকাম সন্ন্যাসী ৷
অপূৰ্ণকাম আমি গৃহবাসী ৷৷১৫০৪৷৷
তথাপি বোলা কি কৰিবো আমি ৷
জন্মক মোৰ সাম্ফলিয়ো স্বামী ৷৷
শুনিয়া নাৰদ বিস্ময় ভৈলা ৷
তৈৰ উঠি আৰ গৃহক গৈলা ৷৷১৫০৫৷৷
দেখন্ত ঋষি তৈত যদুৰাই ৷
আছন্ত বসি শিশু উমলাই ৷৷
দেখিলা পাছে আৰ গৃহ পশি ৷
স্নানক উদ্যমে আছন্ত বসি ৷৷১৫০৬৷৷