নাৰদৰ কৃষ্ণদৰ্শন : ৪ৰ্থ কী : ত্ৰাহি সদাশিৱ...

|| ঘোষা ||: 

ত্ৰাহি সদাশিৱ শাৰঙ্গপাণি ৷৷১২৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

আউৰ ঘৰে গৈয়া দেখন্ত ঋষি ৷

কৰন্ত গোৱিন্দে হোম হৰিষি ৷৷

ব্ৰহ্মভোজ দেন্ত কতো গৃহত ৷

ভুঞ্জন্ত আনি অৱশেষ যত ৷৷১৫০৭৷৷

কতো গৃহে আছা সন্ধ্যা উপাসি ৷

গায়ত্ৰী জপা মৌন হুয়া বসি ৷৷

ছাড়ন্ত খাণ্ডা বাৰু কতো ঘৰে ৷

কতোহো ফুৰন্ত ৰথ উপৰে ৷৷১৫০৮৷৷

ঘোড়া লৱৰান্ত কতো প্ৰবন্ধে ৷

ফুৰন্ত কৃষ্ণ কতো হস্তীস্কন্ধে ৷৷

কতো ঘৰে আছা খাটত শুতি ৷

চপয় পঢ়ি ভাটে কৰে স্তুতি ৷৷১৫০৯৷৷

উদ্ধৱ প্ৰমুখ্যে মন্ত্ৰী সহিতে ৷

কৰন্ত মন্ত্ৰণা কতো গৃহতে ৷৷

সহস্ৰ সংখ্যাত ৰমণী সঙ্গে ৷

কৰন্ত কতো জলক্রীড়া ৰঙ্গে ৷৷১৫১০৷৷

অনেক বিপ্ৰ অনাই দামোদৰে ৷

কৰন্ত ধেনুদান কতো ঘৰে ৷৷

ভাৰ্য্যাক মাতি পৰিহাস কৰি ৷

কতো ঘৰে ৰঙ্গে হাসন্ত হৰি ৷৷১৫১১৷৷

শুনন্তে আছন্ত কতো পুৰাণ ৷

কৰন্ত কতো অৰ্থ-উপদান ৷৷

কতো ঘৰে বসি আসন ধৰি ৷

আত্মাক চিন্তিয়া আছন্ত হৰি ৷৷১৫১২৷৷

কৰন্ত দ্বন্দ্ব কতো লক্ষ্মীপতি ৷

কৰন্ত কৃষ্ণে কতো মিত্ৰৱতি ৷৷

কৈতো আলোচন্ত বলো সহিত ৷

চিন্তন্তে আছন্ত সন্তৰ হিত ৷৷১৫১৩৷৷

কতো ঘৰে আতি উৎসৱ কৰি ৷

কৰন্ত পুত্ৰৰ বিৱাহ হৰি ৷৷

বিহা দেন্ত কন্যা কতো মুৰাৰি ৷

দুনাই আনন্ত কতো বোহাৰী ৷৷১৫১৪৷৷

কতো শাশুৰীক পঠায়া জীৱ ৷

কান্দন্ত বসি দেৱ সদাশিৱ ৷৷

কৰন্ত কতো গৃহে যজ্ঞকাম ৷

প্ৰতিষ্ঠান্ত কৈত কূপ আৰাম ৷৷১৫১৫৷৷

ঘোটকত চড়ি কতো মুৰাৰি ৷

ফুৰন্ত পৱিত্ৰ মৃগক মাৰি ৷৷

ধৰিয়া বেশ কতো ভৰি খুম্পি ৷

ৰাজ কাজ বুজি ফুৰন্ত চুম্পি ৷৷১৫১৬৷৷