নাৰদৰ কৃষ্ণদৰ্শন : ৫ম কী :গোৱিন্দ গোপাল...

|| ঘোষা ||: 

গোৱিন্দ গোপাল গৰুড়কেতু ৷

ভকতৰ ভয় ভঞ্জন হেতু ৷৷১২৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দেখিয়া নাৰদে তুলিলা হাসি ৷

আমাক প্ৰভু ভুৰুকুৱা আসি ৷৷

তোমাৰ চৰণ সেৱাৰ বলে ৷

তযু যোগমায়া জানো সকলে ৷৷১৫১৭৷৷

জানিয়ো প্ৰভু মই তযু দাস ৷

কৰিয়া তোমাৰ যশ প্ৰকাশ ৷৷

তিনিয়ো লোকে ফুৰো বীণা বাই ৷

তোমাৰ পৱিত্ৰ চৰিত্ৰ গাই ৷৷১৫১৮৷৷

মাধৱে বোলন্ত শুনিয়ো মুনি ৷

যেন ভক্ত তুমি জানো আপুনি ৷৷

লোকক শিখাও ই ধৰ্ম্মভেদ ৷

নকৰা মুনি আত কিছু খেদ ৷৷১৫১৯৷৷

বোলন্ত শুকে শুনা পৰীক্ষিত ৷

মুনিৰ মাধৱে মুহিলা চিত্ত ৷৷

দেখিয়া কৃষ্ণৰ গৃহ সম্পদ ৷

পৰম বিস্ময় ভৈলা নাৰদ ৷৷ ১৫২০৷৷

কৃষ্ণত আতি সতকাৰ পাই ৷

লৰিলা তৈৰ পৰা বীণা বাই ৷৷

কৃষ্ণৰ চৰণ চিন্তন্তে যান্ত ৷

গোৱিন্দৰ গুণ সদায় গান্ত ৷৷১৫২১৷৷

কৃষ্ণৰ মনুষ্য লীলা চৰিত্ৰ ৷

জগতকে ইটো কৰে পৱিত্ৰ ৷৷

যিটো শুনে ভণে আক সঘনে ৷

তাৰ ভক্তি হৈবে কৃষ্ণ চৰণে ৷৷১৫২২৷৷

শুনা সৰ্ব্বজন শঙ্কৰে কহে ৷

চিৰকাল ইটো দেহা নৰহে ৷৷

হাটে বাটে কৈত মিলে মৰণ ৷

সদায় নেৰিবা হৰি-চৰণ ৷৷১৫২৩৷৷

নাৰদত বিষ্ণু আছন্ত কই ৷

বৈকুণ্ঠত মই নথাকো ৰই ৷৷

যোগীৰো হিয়া এৰি সমুদায় ৷

থাকো ভকতৰ কীৰ্ত্তন চাই ৷৷১৫২৪৷৷

জানিয়া সৱে এৰা ভাস-ভুস ৷

ভাগ্যেসে ভাৰতে ভৈলা মানুষ ৷৷

আক বৃথা কৰা বিষয় ভোলে ৷

মাণিকক বিকা কাচৰ মোলে ৷৷১৫২৫৷৷

মিছাতে পুত্ৰ দাৰা বুলি মৰা ৷

আপুনি গুণা আইলা কৈৰ পৰা ৷৷

সৱে মায়াময় স্বপ্নৰ সৰি

জন্মক সাম্ফলি বোলা হৰি হৰি ৷৷১৫২৬৷৷