|| পদ ||:
শুক মুনি বদতি শুনিয়ো পৰীক্ষিত৷
বামনৰ বাক্যে বলি সুতল পুৰীত৷৷
নিয়মিলা দানৱক বিষ্ণুধৰ্ম্ম কই৷
আপুনি থাকিলা পাছে মুখ্য গৃহ লই৷৷৬০৯৷৷
দিব্য ভোগ যতেক আপুনি লৱে লাগ৷
বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ৷৷
এড়িয়া বিষয় ভোগ প্ৰহ্লাদৰ নাতি৷
সদায় থাকন্ত দিব্য সভা এক পাতি৷৷৬১০৷৷
মাধৱৰ চক্রে আসি ভৈলা সভাসদ৷
যাহাৰ ভয়ত দৈত্যগণ নিশৱদ৷৷
প্ৰহ্লাদে কহন্ত শুনি থাকে কৃষ্ণ কথা৷
দ্বাৰত আপুনি হৰি থাকন্ত সৰ্ব্বথা৷৷৬১১৷৷
শ্যামল শৰীৰ শিৰে কিৰীটি উজ্জল৷
কমললোচন চাৰু মকৰ কুণ্ডল৷৷
কণ্ঠত কৌস্তুভ কৰে কঙ্কণ কেয়ূৰ৷
কটিত মেখলা পাদপঙ্কজে নূপুৰ৷৷৬১২৷৷
গাৱে পীতবস্ত্ৰ যেন অগনিৰ জ্বালা৷
আপাদলম্বিত গলে জ্বলে বনমালা৷৷
প্ৰসন্ন বদনে হৰি কৰে ধৰি গদা৷
বলিৰ সন্মুখ হুয়া থাকন্ত সৰ্ব্বদা৷৷৬১৩৷৷
হৰি দৰশনত নিৰ্ম্মল ভৈলা মতি৷
কৃষ্ণৰ চৰণে অনুক্ষণে বাঢ়ে ৰতি৷৷
ভৈলন্ত বিমুখ বলি বিষয় সুখত৷
সদায়ে কৃষ্ণৰ নাম নুগুচে মুখত৷৷৬১৪৷৷
উঠি কতো কীৰ্ত্তন কৰন্ত তাল ধৰি৷
দৈত্যগণে বেঢ়ি বাৱে চৌপাশে চাপৰি৷৷
প্ৰহ্লাদে শিখান্ত গাৱে গোৱিন্দৰ গীত৷
পৰম আনন্দে দৈত্যপতি কৰে নৃত্য৷৷৬১৫৷৷
গোৱিন্দক দেখিয়া আনন্দে দ্ৰৱে চিত্ত৷
হৰিষে লোতক স্ৰৱৈ তনু ৰোমাঞ্চিত৷৷
হোন্ত নিশৱদ গদ্ গদ্ কৰে মাত৷
প্ৰেম ভাৱ উপজি পড়ন্ত ঢাত ঢাত৷৷৬১৬৷৷
ভকতৰ বশ্য হৰি আকলিয়া বলি৷
কতো আতি হৰিষে হাসন্ত খলখলি৷৷
কতো হুকহুক কৰি কৰন্ত ক্রন্দন৷
কতো গীত গান্ত বিৰোচনৰ নন্দন৷৷৬১৭৷৷
কতো হৰি বুলি গেৰিয়ান্ত ইন্দ্ৰসেন৷
উঠি উঠি পড়ন্ত নাচন্ত বাউল যেন৷৷
কতো মৌন হুয়া পৃথিৱীত পড়ি থাকে৷
কৰয় কীৰ্ত্তন তাক বেঢ়ি দৈত্যজাকে৷৷৬১৮৷৷
হেন ভক্তিভাৱে দৈত্যেন্দ্ৰৰ দিন যাই৷
বলি সম ভাগ্যৱন্ত ত্ৰৈলোক্যতো নাই৷৷
জগতকে পৱিত্ৰ কৰন্ত দৈত্যপতি৷
হৰিয়ো বিস্ময় দেখি বলিৰ ভকতি৷৷৬১৯৷৷
অন্তৰীক্ষে মহিমা বখানে সিদ্ধ মুনি৷
হেনতো বৈষ্ণৱ নতু দেখি নতু শুনি৷৷
সদায় থাকন্ত দামোদৰ যাৰ কাছে৷
বলিসম ভাগ্যৱন্ত আন কোন আছে৷৷৬২০৷৷
মাধৱৰ পাৱত অৰ্পিলা আপুনাক৷
বলিসে জিনিলে ইটো দুৰ্জ্জয় মায়াক৷৷
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে৷
বোলা হৰি হৰি সৱে সভাসদগণে৷৷৬২১৷৷