|| পদ ||:
দৈত্যৰ পুৰীত পশিল ত্বৰিত
বাঘে যেন ধৰে খেদি৷
যত দ্ৰোহিয়াৰ ৰক্ষা নাহি তাৰ
পেহ্লাৱে মাথাক ছেদি৷
কাৰো নাক কাণ কৰে খান খান
কাৰো কঙ্কালত কাটে৷
হাত ভৰি টাঙ্গি কৰয় চৌৰাঙ্গী
পৰি গড়াগড়ি বাটে৷৷৬২৭৷৷
কাৰো জিহ্বা আনি কাটে টানি টানি
ধৰি দুই চক্ষু কাঢ়ে৷
কাৰো দান্ত সাৰে কদৰ্থিয়া মাৰে
দৈত্যৰ লাগ নছাড়ে৷
কাৰো বুকু ছিৰি তপত ৰুধিৰি
ভুঞ্জাৱে গৃধ্ৰ শৃগাল৷
অধৰ্ম্মে গ্ৰাসিল ক্ষণেকে নাশিল
দৈত্য ভৈল বুন্দামাল৷৷৬২৮৷৷
বিষ্ণুৰ চক্রৰ নভৈল ভাগৰ
হস্তী যেন মাৰে মাখি৷
পুত্ৰ ভাৰ্য্যা এৰি মৰো জীঞো কৰি
কতো পলায় প্ৰাণ ৰাখি৷৷
ই তিনি লোকত ভ্ৰময় ভয়ত
চক্রো পাছে পাছে ফুৰে৷
হেৰা পাইলে বুলি লৰয় সমূলি
দানৱে দান্ত নুঘূৰে৷৷৬২৯৷৷
ব্ৰহ্মাত লাগিল শৰণ মাগিল
হাতে দান্তে খেৰ তুলি৷
চক্রক ডৰাই কেহো নেদে ঠাই
বলিৰ দ্ৰোহিয়া বুলি৷৷
বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰী
কহিতো নপাইল খুজি৷
বলিৰ চৰণে পশিল শৰণে
দুনাই সৱে মান্য বুজি৷৷৬৩০৷৷
ভণিল শঙ্কৰে শুনা সৱ নৰে
যতেক বিষয় ভোগ৷
পুত্ৰ দাৰা ধন শৰীৰ স্বজন
সৱাৰো আছে বিয়োগ৷৷
তাৰ চিন্তা এৰি চিন্তিয়োক হৰি
অন্তকে পাইলেক পৰা৷
এৰি আন কাম বোলা ৰাম ৰাম
সুখে ভৱনদী তৰা৷৷৬৩১৷৷