|| পদ ||:
এহিমতে তৈত আছে যত দৈত্য
এৰিল আন আলাপ৷
কৰে হৰিধ্বনি হৰিকথা শুনি
শৰীৰ ভৈল নিষ্পাপ৷৷
কৃষ্ণৰ চৰণ সেৱে অনুক্ষণ
অক্ষয় পুণ্যক সাঞ্চে ৷৷
বলিৰ প্ৰসাদে আতি অপ্ৰমাদে
সুতল-পুৰীত বঞ্চে৷৷৬৩৭৷৷
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম৷
শয়নে ভোজনে সচিতে সপোনে
নেৰিলা হৰিৰ নাম৷৷
সুদৃঢ় ভকতি ভাৱে দৈত্যপতি
কৰিলা কৰ্ম্ম নিৰ্ম্মল৷
সংসাৰক তৰি পুৰুষ উদ্ধাৰি
নিস্তাৰিলা দৈত্যকুল৷৷৬৩৮৷৷
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰতৰ৷
যাৰ যশোৰাশি থাকিল প্ৰকাশি
যাৱে চন্দ্ৰ দিৱাকৰ৷৷
শুক নিগদতি কহিলো সম্প্ৰতি
বলিৰ চৰিত্ৰ যত৷
যিবা শুনে পঢ়ে তাকো পাপে এৰে
সুখে তৰে সংসাৰত৷৷৬৩৯৷৷
নমো নাৰায়ণ জগত কাৰণ
খণ্ডিয়ো সংসাৰ ভয়৷
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত পদচয়৷৷
শুনা বুধলোক ক্ষমিয়োক মোক
পদত দূষণ দেখি৷
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূৰ্খৰ দোষ নেলেখি৷৷৬৪০৷৷
মোৰ পদ বুলি নেৰিবা সমূলি
বিচাৰি দেখিবা পাছে৷
মোক্ষৰ নিদান অমৃত সমান
কৃষ্ণকথা আতে আছে৷৷
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়ো সন্তোষ৷
আন কাম এৰি সমজ্যায়ে বেঢ়ি
কৰিয়োক হৰি ঘোষ৷৷৬৪১৷৷