|| পদ ||:
শুকমুনি নিগদতি শুনিয়োক কুৰুপতি
বৈষ্ণৱ বলিৰ দেখি কৰ্ম্ম৷
বড় বড় দৈত্যগণ কৰে হেন আলোচন
কিনো বিপৰীত ভৈল ধৰ্ম্ম৷৷
ইটো মূৰ্খ দৈত্যৰাজ এৰিলেক ৰাজকাজ
শত্ৰুৰ সদায় লৱে নাম৷
আন নাহি হৰি বিনে নাচে গাৱে ৰাত্ৰি দিনে
কৰে কিনো গৰিহিত কাম৷৷৬২২৷৷
ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি
জানা আক পাইলেক বিবুদ্ধি৷
হৰি বুলি মৰে মাত্ৰ নভৈল একোৰে পাত্ৰ
যেন ভৈল শোভৰ ঔষধি৷৷
আটাসতে গল ফাড়ে যেন কাণে সূচি তাড়ে
সৰ্ব্বদায়ে শুনে হৰি কথা৷
কিবা কদৰ্থনা চাওঁ আসা উঠি ঘৰে যাওঁ
হৰিনাম নুশুনোহো যথা৷৷৬২৩৷৷
কুল ধৰ্ম্মে ভৈল হীন হেন বাতুলৰ চিহ্ন
ইহাৰ সেৱাত নাহি ফল৷
হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি
কতো কতো দানৱ নিষ্খল৷৷
শ্ৰৱণে আনন্দ কৰে কীৰ্ত্তনে পাতক হৰে
হৰিনাম মুকুতিদায়ক৷
পাতকে শুনিবে নেদে যেন কিলাই কোবাই খেদে
দুষ্ট শঠ অধৰ্ম্মী জনক৷৷৬২৪৷৷
পৰম মঙ্গল ৰাম নাম ইটো অনুপাম
বৈষ্ণৱৰ যাক শুনি তুষ্টি৷
দৈত্যগণ দুৰাচাৰে তাক কি শুনিতে পাৰে
উচপিচ কৰি গৈল উঠি৷৷
বলিৰ নুশুনে হাক দানৱৰ বিচেষ্টাক
মাধৱৰ চক্রে দেখি আছে৷
জ্বলে যেন সূৰ্য্য কোটি বিম্বাদশৱদে উঠি
ক্রোধে খেদি গৈলা পাছে পাছে৷৷৬২৫৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে শুনিয়োক সৰ্ব্বজনে
স্থিৰ বুদ্ধি কৰি গুণা মনে৷
আজি কালি কৰি দিন গৈল আয়ু ভৈল ক্ষীণ
যাইবে লাগে যমৰ সদনে৷৷
যতেক সংসাৰ নয় সৱে স্বপ্ন মায়াময়
অন্তকে কেশত আছে ধৰি৷
ভাৰতত জন্ম পাই বিলম্বক নুযুৱাই
সদায় ঘুষিয়ো হৰি হৰি৷৷৬২৬৷৷