|| পদ ||:
এহিমতে চক্রে ধৰি কাটি মাৰি বশ্য কৰি
কতো দানৱক দিলে আনি৷
দৈত্যগণো ত্ৰাস হুয়া কাণ-মুণ্ড নলাড়িয়া
থাকিল বলিৰ বাক্য মানি৷৷
কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি প্ৰতি
শুনিয়োক সমস্ত দানৱ৷
যিটো হৰিকথা কৱে হৰিনাম সদা লৱে
সিসে মোৰ পৰম বান্ধৱ৷৷৬৩২৷৷
কৰযোৰে বোলো হেৰা অসুৰ স্বভাৱ এৰা
হৰি ভকতিত দিয়া চিত্ত৷
মুখে হৰিনাম স্মৰে হৃদয়ত ৰুপ ধৰে
তাহাৰ ভৃত্যৰো মঞি ভৃত্য৷৷
শুনিয়োক জ্ঞাতিলোক সৱে কৃপা কৰা মোক
হৰি স্মৰি হুয়ো পৰিত্ৰাণ৷
নুহি তেৱে পাইবা ফল এহি বুলি মহাবল
ভকতিৰ পাতিলা দেৱান৷৷৬৩৩৷৷
কোনে হৰিকথা কৱে কোনে কৈত নাম লৱে
নিতে কৰে ওৱাচিল বাঙ্কি৷
যাহাৰ নোপজে ভাৱ তাহাৰ জীৱন নাই
চেঙ্গি দিয়া মাৰে প্ৰাণ টাঙ্কি৷৷
ফুৰে পাইক ঘৰে ঘৰে সবংশকে বেঢ়ি ধৰে
যাহাৰা নলৱে হৰিনাম৷
সৰ্ব্বস্ব আগ্ৰহি লৱে জীয়ে মানে সাঞ্চ থৱে
গলাত লগাৱে বৰ চাম৷৷৬৩৪৷৷
কীৰ্ত্তনত চিত্ত নেদি গ্ৰাম্যকথা কৱে যদি
তাহাৰ কাণত সূচি তাৰে৷
হৰি ভকতিক এৰি হাসে উপহাস্য কৰি
চৱৰতে তাৰ গাল ফাড়ে৷৷
সুমৰিবে নাহি ইচ্ছা ডৰতে ভটকে মিছা
জানি তাৰ জিহ্বা বিন্ধে টানি৷
যিবা থাকে মৌন হুই তাৰ গলে দেই জুই
কেনে নোবোলস হৰি বাণী৷৷৬৩৫৷৷
অৱসৰ নাই ৰাতি প্ৰতি ঘৰে ঘৰে মাতি
ফুৰে কটোৱাল বাটে ঘাটে৷
কটকে বজাৱে ভেৰী জাগ জাগ নিদ্ৰা এৰি
হৰি বোল হৰি বোল ঝাণ্টে৷৷
ৰাজাৰ দণ্ডিত থাকি সুতলপুৰীক ঢাকি
নিৰন্তৰে কৰে হৰি ঘোষ৷
আন গৃহকৃত্য এৰি হৰি বুলি পাৰে গেড়ি
শুনি মিলে বলিৰ সন্তোষ৷৷৬৩৬৷৷