|| পদ ||:
নকৰিলো শিৰে মাধৱক নমস্কাৰ৷
ইটো মাথা গোট মোৰ ভৈল মহাভাৰ৷৷
কৰ্ণ দুই আছে নুশুনিলো হৰি কথা৷
দুগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা৷৷১৷৷
জিহ্বা মোৰ আছন্তে নলৈলো ৰামনাম৷
দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম৷৷
নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ৷
সম্যকে জানিলো দুয়ো আখি অন্ধকূপ৷৷২৷৷
যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি৷
হৰিৰূপ নেদেখিলো পাইলো তেহ্ন আখি৷৷
হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ৷
জীৱন্তে মৰিলো নাসা ভাঠিৰ সমান৷৷৩৷৷
পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ৷
প্ৰভুৰ পূজাক নকৰিলো একবাৰ৷৷
কৃষ্ণকৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ৷
ইটো হস্ত বাহু মৃতক শৱৰ৷৷৪৷৷
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰস্থান৷
মোৰ পাৱ ভৈল বৃক্ষ শিফাৰ সমান৷৷
হা হা দয়াময় মোৰ কি কৰিলা গতি৷
এভো তুৱা নাম লৈতে হৌক মোৰ মতি৷৷৫৷৷
কৰ্ম্মদোষে যিবা জন্ম হোৱৈ সংসাৰত৷
তাতো নছাড়োক চিত্ত তুৱা চৰণত৷৷
সদায়ে ঘোষোক ৰামনাম মোৰ মুখে৷
সংসাৰ সাগৰ তেৱে তৰো মহাসুখে৷৷৬৷৷
সকল জগত তযু মায়ায়ে মোহিত৷
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত৷৷
পুত্ৰ দাৰা নিহলে বান্ধিলো দুয়ো ভৰি৷
মৰন্তে আছন্ত তবু নোবোলোহো হৰি৷৷৭৷৷
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো৷
তোমাক নেসেৱি বৃথা জনম গোৱাইলো৷৷
নিচিন্তিলো একবাৰ তোমাৰ চৰণ৷
তৰু বন জীৱে যেন আমাৰ জীৱন৷৷৮৷৷
বিষয়ত ভোল হুয়া কৰিলোহো ভোগ৷
তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ৷৷
ভৱ তৰিবাৰ যোগ্য লভিলো শৰীৰ৷
বিষয় বাতাসে পায়া কৰিলে অস্থিৰ৷৷৯৷৷
কৰে টলবল দেহা কেনে হুইবো পাৰ৷
এভো দাস বুলি মোক কৰিয়ো উদ্ধাৰ৷৷
সুকবি শেখৰ তুৱা দাসৰো যে দাস৷
কাতৰ কৰোহো দিয়ো চৰণত বাস৷৷১০৷৷