|| পদ ||:
শুনিয়ো পাৰ্ব্বতী মই পূজিলো হৰিক৷
মনে হেন হৈবে সাধু কৃষ্ণতো অধিক৷৷
বহুবিধ ভকতি কৰিলো বাহিৰত৷
সদায় নুগুচে মোৰ কপট চিত্তত৷৷৬৩৷৷
কহিলো পাৰ্ব্বতী হৃদয়ৰ কথা ভাঙ্গি৷
নুগুচিল অহঙ্কাৰ মাধৱক লাগি৷৷
যদ্যপি কৰিলো মই কপট ভকতি৷
তথাপিতো তুষ্ট ভৈলা ত্ৰিজগত পতি৷৷৬৪৷৷
কিনো দয়াময় প্ৰভু ভকত বৎসল৷
কপট সেৱাত মোৰ কৰিলা কুশল৷৷
দিব্যৰূপে দেখা মোক দিলন্ত মাধৱে৷
চাহিলো নয়ন ভৰি পৰম উৎসুকে৷৷৬৫৷৷
দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ৷
পাছে নাৰায়ণে মোক বুলিলা বচন৷৷
মোত কৰি তোমাতে অধিক হৈবে মান৷
যেনমতে হৈবে তাৰ কহিবো কাৰণ৷৷৬৬৷৷
তোমাক পূজিবো মই পৃথিৱীক গৈয়া৷
তযু যশ বঢ়াইবো তোমাতে বৰ লৈয়া৷৷
দ্বাপৰ যুগত আদি ত্ৰেতাৰ অন্তত৷
অৱতাৰ হৈবোহো আপুনি জগতত৷৷৬৭৷৷
আমাৰ বচনে তুমি হেন কৰিয়োক৷
শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বঢ়ায়োক৷৷
আগমত দেখায়োক সংসাৰৰ সুখ৷
তাক দেখি হোৱে যেন আমাত বিমুখ৷৷৬৮৷৷
আমাৰ ভকতি পন্থ সৱে হৌক ছন৷৷
আন দেৱ পূজাত সৱাৰো হৌক মন৷৷
আগম দেখায়া কৰা আমাক গুপুত৷
তেৱেসে প্ৰজাৰ পুষ্টি হৈবেক বহুত৷৷৬৯৷৷
মাধৱৰ বাক্য হেন শুনিলোহো আমি৷
পাছে ভয় হুয়া হেন বুলিলা প্ৰণামি৷৷
সহস্ৰেক ব্ৰহ্মবধ যদি কৰে নৰে৷
তোমাৰ সেৱায়ে তাকো তৰিবাক পাৰে৷৷৭০৷৷
যদিবা তোমাক প্ৰভু কৰে অহঙ্কাৰ৷
সিটো পাতকৰ আৱে নেদেখো নিস্তাৰ৷৷
শত কোটি কল্প মানে নৰকত পচে৷
কদাচিটো সিটো মহাপাতক নুগুচে৷৷৭১৷৷
কি কৰি পৱিত্ৰ মই হৈবো নাৰায়ণ৷
সেই উপদেশ দিয়া পাতকনাশন৷৷
যদি হেন তোমাক আগমে কৰো ছন৷
তেৱে মোৰ হুইবেক পাতক অমোচন৷৷৭২৷৷
মাধৱে বোলন্ত শুনা শঙ্কৰ সম্প্ৰতি৷
মোৰ নাম লৈলে পাপ যাইবে অধোগতি৷৷
সহস্ৰেক নামে মোৰ পাতক তৰিবা৷
সৱাতো অধিক তুমি মোৰ প্ৰিয় হৈবা৷৷৭৩৷৷
কৰে মোৰ নামে তিনিলোকক পৱিত্ৰ৷
মুকুতি পদক দেই আত কোন চিত্ৰ৷৷
মোৰ নাম লৈলে মোৰ চৰণক পাৱে৷
পৰম ঐশ্বৰ্য্য দেঞো যাক যিবা ভাৱে৷৷৭৪৷৷
জানিবা শঙ্কৰ মোৰ বাক্য নুহি মিছা৷
মোৰ নাম লৈলে পাইবা মনে যেন ইছা৷৷
সহস্ৰেক নাম পাছে আমাৰ আগত৷
কহিলা সকলে হৰি কৰিয়া বেকত৷৷৭৫৷৷
শুনিলো প্ৰভুৰ মুখে সহস্ৰেক নাম৷
ধৰিলো নিশ্চয় কৰি পূৰ্ণ ভৈল কাম৷৷
সেহি সহস্ৰেক নাম জপো মঞি মনে৷
কহিলো ৰহস্য তুমি ভাৰ্য্যাৰ কাৰণে৷৷৭৬৷৷
ৰত্নাকৰ কন্দলি কহিলা যেন সাৰ৷
ৰামনাম বিনা নাই সংসাৰ নিস্তাৰ৷৷
জানিয়া যতনে মাধৱৰ নাম ধৰা৷
ৰামনাম ভাবিয়া সংসাৰ সুখে তৰা৷৷৭৭৷৷