সহস্ৰনাম-বৃত্তান্ত : ৫ম কী : ৰাম কৃপা কৰা...

|| ঘোষা ||: 

ৰাম কৃপা কৰা গোপাল ভজিলো তুৱা পাৱে৷

সংসাৰ সাগৰ তৰো তুৱা নাম নাৱে৷৷৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

 

|| পদ ||: 

পাৰ্ব্বতীত শঙ্কৰে কহিলা নিষ্ঠ কৰি৷

হৰিৰ নামেসে জানা সংসাৰক তৰি৷৷

সৰ্ব্বক্ষণে হৰিগুণ নামক ভাবিবা৷

হৰিনাম বিনে চিত্ত আনত নিদিবা৷৷৫০৷৷

সিজে পুণ্যচয় হৰিনামৰ লগত৷

পাসৰিলে লাগ লৱে পাতক সমস্ত৷৷

যত পুণ্যচয় হৰিনামৰ কিঙ্কৰ৷

তাক পাসৰিলে পাপ হোৱে বহুতৰ৷৷৫১৷৷

পাছে দেখিলন্ত ব্ৰহ্মা আদি দেৱগণে৷

মনুষ্যৰ পাপ নাই বিষ্ণুক স্মৰণে৷৷

যতেক মনুষ্য কেৱে নুপূজে দেৱক৷

হৰি স্মৰি ভৈল সৱে হৰিৰ সেৱক৷৷৫২৷৷

মনত গুণন্তদেৱে কৰি হৃদিখেদ৷

কেনমতে হৰিৰ ভকতি হোৱে ছেদ৷৷

আমাক নুপূজে কেৱে পৃথিৱী মণ্ডলে৷

আমাক ছড়ায়া সৱে বৈকুণ্ঠক চলে৷৷৫৩৷৷

নপাওঁ যজ্ঞভাগ আমি দেৱ ভৈলো কিক৷

আমাৰ দেৱতা পদ আছে ধিক ধিক৷৷

আৱে হেন বোলো সৱে দেৱগণ আসা৷

সৱে মিলি মাধৱক কৰোহো উপাসা৷৷৫৪৷৷

শঙ্কৰে বোলন্ত মই কৃষ্ণতো অধিক৷

হৈবো বুলি মনে কৰো তান ভকতিক৷৷

যতেক ত্ৰিদশ কোটি দেৱ আছে মানে৷

বিষ্ণুক পূজিবে লাগিলেক থানে থানে৷৷৫৫৷৷

ৰহোক আমাৰ ভিক্ষা মনুষ্য লোকত৷

দিয়োক জীৱিকা প্ৰভু ভৈলোহো ভকত৷৷

যজ্ঞভাগ ভুঞ্জিবাক নপাওঁ আমি কেৱ৷

ৰাখিয়ো জীৱিকা তযু পাৱে কৰো সেৱ৷৷৫৬৷৷

ত্ৰিদশৰ ভকতিত তুষ্ট ভৈলা হৰি৷

আগতে দিলন্ত দেখা দিব্যৰূপ ধৰি৷৷

পৰম মধুৰ মূৰ্ত্তি কোটি সূৰ্য্য সম৷

মুখে মৃদু হাস্য জগতৰে মনোৰম৷৷৫৭৷৷

চতুৰ্ভুজ শঙ্খ-চক্র-গদা-পদ্মপাণি৷

দেৱক সম্বোধি হেন বুলিলন্ত বাণী৷৷

তুষ্ট ভৈলো আমি কৰিবোহো উপকাৰ৷

আপুনি মনুষ্য হুয়া হৈবো অৱতাৰ৷৷৫৮৷৷

তোমৰাসৱক পূজা কৰিবো বিশেষ৷

তেৱেসে পূজিবে নৰে পায়া উপদেশ৷৷

দেৱক পূজিবো যজ্ঞ কৰিবো বহুত৷

তেৱে মোৰ নামধৰ্ম্ম হৈবেক গুপুত৷৷৫৯৷৷

এহি বুলি ত্ৰিদশক ভকত বৎসলে৷

বহুবিধ ৰূপ ভৈলা পৃথিৱী মণ্ডলে৷৷

ৰঘুকুলে ৰামচন্দ্ৰ ভৈলা অৱতাৰ৷

যজ্ঞ কৰি দেৱৰ সাধিলা উপকাৰ৷৷৬০৷৷

শ্ৰাদ্ধে পিতৃগণক কৰিলা মন তোষ৷

ব্ৰাহ্মণকো দান দিয়া কৰিলা সন্তোষ৷৷

দ্বাপৰ যুগত যদুকুলে অৱতৰি৷

কৃষ্ণৰাম ৰূপে পৃথিৱীৰ ভাৰ হৰি৷৷৬১৷৷

দেৱ ব্ৰাহ্মণক পূজা কৰিলা অশেষ৷

সকল জগতে লৈলা কৃষ্ণ উপদেশ৷৷

কৃষ্ণৰ প্ৰসাদে ভৈল দেৱৰ সম্পত্তি৷

বোলা হৰি হৰি আৱে হৌক সদগতি৷৷৬২৷৷