সহস্ৰনাম-বৃত্তান্ত : ৪ৰ্থ কী : হে কৰুণাসিন্ধু...

|| ঘোষা ||: 

হে কৰুণাসিন্ধু ভকতবন্ধু কৰিয়ো নিস্তাৰ৷

কেনে হঞো সংসাৰৰ পাৰ৷৷৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

 

|| পদ ||: 

পাৰ্ব্বতীৰ বাক্য শুনি হৰ৷

পাছে হেন দিলন্ত উত্তৰ৷৷

শুনিয়ো পাৰ্ব্বতী মোৰ বাণী৷

ভাল তুমি পুছিলা কাহিনী৷৷৩৬৷৷

ইটো কথা পৰম গুপুত৷

কহিবাক নুহিকে যুগুত৷৷

তুমি মোৰ প্ৰাণপ্ৰিয়া জায়া৷

তাতেসে কহিবে মোৰ দায়া৷৷৩৭৷৷

সত্য যুগ আছিল পূৰ্ব্বত৷

সৱে ভৈল হৰিৰ ভকত৷৷

সৱাৰো ভৈলেক শুদ্ধমতি৷

কৃষ্ণৰেসে চৰণত ৰতি৷৷৩৮৷৷

হৰি পাদপদ্মে হৃদি থৈয়া৷

ফুৰে মাধৱৰ নাম লৈয়া৷৷

শুনে কৃষ্ণকথা মাত্ৰ কাণে৷

হৰিপূজা কৰে সাৱধানে৷৷৩৯৷৷

জানি হৰি নামেসে নিস্তাৰ৷

হৰিনাম লৈয়া হোৱে পাৰ৷৷

ইহলোকে ভুঞ্জয় ভুকুতি৷

পৰলোকে লভয় মুকুতি৷৷৪০৷৷

যিটো গতি ইন্দ্ৰ আদি দেৱে৷

নপাৱন্ত কৰ্ম্ম কৰি কেৱে৷৷

সিটো গতি পাৱে হৰি স্মৰি৷

কিছু আন পুণ্যক নাচৰি৷৷৪১৷৷

মোৰ বাক্য শুনি দেৱগণ৷

সমস্তৰে বুদ্ধি ভৈল ছন৷৷

আগম পুৰাণ বেদ শুনি৷

নিশ্চয় নপান্ত মনে গুণি৷৷৪২৷৷

সকল শাস্ত্ৰৰ ভিন্ন মত৷

নপাৱন্ত কেৱে তাৰ তত্ত্ব৷

দেৱগণে নপাৱন্ত পাৰ৷

মনুষ্যে জানিবে কিবা তাৰ৷৷৪৩৷৷

দেয় তুলাপুৰুষ দানক৷

অশ্বমেধে যজয় অনেক৷৷

বাৰানসী প্ৰয়াগত স্নান৷

গয়াত পিতৃক পিণ্ডদান৷৷৪৪৷৷

কৰে কায়ক্লেশ ঘোৰ ব্ৰত৷

বেদপাঠ নছাড়ে সতত৷৷

তপ জপ ধৰ্ম্ম ভূতদায়া৷

আনো সৱে পুণ্য আচৰিয়া৷৷৪৫৷৷

যোগ ধ্যান ব্ৰত তত্ত্ব জানি৷

নপাৱে গতিক একো প্ৰাণী৷৷

হৰিনাম লৱে মাত্ৰ মুখে৷

সিটো গতি পাৱে মহাসুখে৷৷৪৬৷৷

থাকে পুত্ৰ দাৰা সমন্বিতে৷

পৰহিংসা কৰয় সততে৷৷

নধৰয় ব্ৰহ্মচৰ্য্য ব্ৰত৷

নজানয় একো জ্ঞান তত্ত্ব৷৷৪৭৷৷

এৰিলেক আপোনাৰ ধৰ্ম্ম৷

নকৰে বেদৰ যত কৰ্ম্ম৷৷

কেৱলে কৃষ্ণৰ নাম লৱে৷

মুকুতিক মহাসুখে পাৱে৷৷৪৮৷৷

কিনো হৰিনামৰ মহিমা৷

কেৱে কহি পাইবে তাৰ সীমা৷৷

আতপৰে ধৰ্ম্ম নাহি আন৷

ৰামনাম সদা কৰা পান৷৷৪৯৷৷