সহস্ৰনাম-বৃত্তান্ত : ২য় কী : ৰাম জগবন্ধু...

|| ঘোষা ||: 

ৰাম জগবন্ধু ত্ৰাহি গোপাল৷

দাস উদ্ধাৰিয়ো দীনদয়াল৷৷২৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

 

|| পদ ||: 

কৃষ্ণৰ চৰণে কৰি প্ৰণাম৷

পদ্মপুৰাণৰ সহস্ৰ নাম৷৷

আমি বিৰচিবো কীৰ্ত্তন আৰ৷

শুনি পাতকৰ হুয়ো নিস্তাৰ৷৷১১৷৷

হৰিনামে পাই সংসাৰ পাৰ৷

সমস্ত শাস্ত্ৰৰ এহিসে সাৰ৷৷

পুৰাণ ভাৰত আগম যত৷

বেদ বেদান্তৰো এহিসে তত্ত্ব৷৷১২৷৷

শুনিয়ো হৰিনাম কেন ভাল৷

সম্যকে পাতকৰ যমকাল৷৷

যতেক ব্ৰত দান যজ্ঞ কৰ্ম্ম৷

সিজান্ত হৰিনামে মহাধৰ্ম্ম৷৷১৩৷৷

কৰান্ত বিষয়ত বিৰকতি৷

মিলান্ত কৃষ্ণত প্ৰেম ভকতি৷৷

মায়াবন্ধ ছোড়ি জ্ঞানক দেন্ত৷

অন্তকালে বিষ্ণুপদক নেন্ত৷৷১৪৷৷

কৃষ্ণত নৰ যেৱে গৈল লীন৷

তেৱেসে হৰিনাম উদাসীন৷৷

এহি সাত কাম গণি লৈয়োক৷

জানিয়া হৰিনাম ভাৱিয়োক৷৷১৫৷৷

নিন্দুকৰ নিন্দা নুশুনি কাণে৷

হৰিৰ নাম লৈবা সাৱধানে৷৷

স্বৰ্গখণ্ড পদ্মপুৰাণ চাই৷

বুলিলো নিশ্চয় আমি বুজাই৷৷১৬৷৷

চাৰিয়ো বেদৰ তত্ত্ব উদ্ধাৰি৷

থৈলন্ত হৰিনাম সাৰ কৰি৷৷

সকল জগত হৈবে মুকুত৷

সিহেতু মাধৱে কৰি গুপুত৷৷১৭৷৷

থাপিলা হৰিনাম ঠাৱে ঠাৱে৷

বৈষ্ণৱগণেসে বিচাৰি পাৱে৷৷

মুকুতিকো এৰি নাৰদ ঋষি৷

হৰিনাম লৈয়া আতি হৰিষি৷৷১৮৷৷

ফুৰন্ত মাধৱৰ গুণ গাই৷

বোলন্ত হৰি বিনে গতি নাই৷৷

দুষ্টচিত্তো যদি বোলয় হৰি৷

সিওজনে মহাপাতক তৰি৷৷১৯৷৷

বৈকুণ্ঠে যাইতে ভৈল কাছপাৰ৷

কোটি পুৰুষকো কৰি উদ্ধাৰ৷৷

হেন হৰিনাম নলৱে নৰে৷

আত্মঘাত কৰি মিছাতে মৰে৷৷২০৷৷

পাৰ্ব্বতীত হৰে কহিলা আক৷

ব্ৰহ্মায়ো কহিলন্ত দেৱতাক৷৷

হৰিনাম বিনে নাহিকে আন৷

পুৰাণে বিচাৰি দেখা প্ৰমাণ৷৷২১৷৷

সুকবি শেখৰে কহে নিশ্চয়৷

কেহো নকৰিবা আত সংশয়৷৷

জানিয়া মিছা আন যত কাম৷

সদায়ে ঘুষিয়োক ৰাম ৰাম৷৷২২৷৷