সহস্ৰনাম-বৃত্তান্ত : ৩য় কী: হৰি গোৱিন্দ...

|| ঘোষা ||: 

হৰি গোৱিন্দ অৰৱিন্দলোচন ৰাম৷

মোৰ মুখে নছাড়োক ৰামকৃষ্ণ নাম৷৷৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

 

|| পদ ||: 

আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত৷

বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত৷৷

পিতৃমুখে বেদৰ আছিলা অৰ্থ শুনি৷

পাছে পৃথিৱীক লাগি আসিলন্ত মুনি৷৷২৩৷৷

বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান৷

সদায়ে বিষ্ণুত পৰে নভাষন্ত আন৷৷

হাতে বীণা ধৰি মাধৱৰ গুণ গান্ত৷

মাধৱৰ গুণ নাম লোকত শুনান্ত৷৷২৪৷৷

ফুৰন্ত পৱিত্ৰ কৰি তিনিয়ো লোকক৷

অনন্তৰে চলি গৈলা ঋষি সমাজক৷৷

নৈমিষাৰণ্যত আছে ঋষিৰ সমাজ৷

ৰঙ্গে তৈতে প্ৰৱেশ ভৈলন্ত ঋষিৰাজ৷৷২৫৷৷

দেখিলা ব্ৰাহ্মণসৱে নাৰদ আসিলা৷

গাৱ চালি আসন আনিয়া তাক দিলা৷

আতিশয় হৰিষে কৰিলা নমস্কাৰ৷

হেন প্ৰশ্ন কৰিলন্ত জগততে সাৰ৷৷২৬৷৷

বিনা দান ব্ৰত যজ্ঞ তীৰ্থকো নাচৰি৷

সমস্ত পাতক তৰে কোন কৰ্ম্ম কৰি৷৷

সুখে পুৰুষৰ কেনমতে হোৱে গতি৷

কহিয়ো ৰহস্য কথা আমাত সম্প্ৰতি৷৷২৭৷৷

আৰো এক প্ৰশ্ন আমি কহিবো তোমাত৷

কিহেতু শঙ্কৰে তপ কৰন্ত সাক্ষাত৷৷

আপুনি ঈশ্বৰ তিনি জগততে সাৰ৷

তান কাক চিন্তিবাক আছে অধিকাৰ৷৷২৮৷৷

মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে৷

কহিয়োক গুৰু আক  শুনো ৰঙ্গমনে৷৷

হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা৷

পৰম ৰহস্য কথা কহিবাক লৈলা৷৷২৯৷৷

ভাল কথা তুমিসৱে পুছিলা সাম্প্ৰত৷

এহি কথা পাৰ্ব্বতী পুছিলা শঙ্কৰত৷৷

যোগ ধ্যানে শঙ্কৰ আছন্ত কৈলাসত৷

দেখিলন্ত পাৰ্ব্বতী শিৱৰ ঘোৰ ব্ৰত৷৷৩০৷৷

নাহিকে বসন গাৱে দিশ পৰিধান৷

ভস্ম-ধূলা সকল অঙ্গৰ ভৈল ম্লান৷৷

শিৰে আতি প্ৰকট বিকট জটাভাৰ৷

গাৱে সৰ্পগণ দেখিবাক চমৎকাৰ৷৷৩১৷৷

হৰিনাম জপন্ত চিন্তন্ত অহৰ্নিশি৷

হেন দেখি পাৰ্ব্বতীয়ো পুছিলা হৰিষি৷৷

স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ৷

তোমাক সমস্ত দেৱগণে কৰে সেৱ৷৷৩২৷৷

তোমাক সেৱন্ত সদা চন্দ্ৰ সূৰ্য্য বিধি৷

তযু বৰদানে সমস্তৰে ভৈল সিদ্ধি৷৷

তোমাৰ নাহিকে জন্ম মৰণ সংস্কাৰ৷

তযু মহিমাৰ কেহো নপাৱন্ত পাৰ৷৷৩৩৷৷

হেন দেৱে কাহাক ধিয়াৱা নিৰন্তৰ৷

কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ৷৷

কিবা মন্ত্ৰ জপা তুমি কহিয়ো আমাত৷

পৰম কৌতুকে মই পুছিলো তোমাত৷৷৩৪৷৷

তোমাৰ পৰম প্ৰিয়তম ভাৰ্য্যা আমি৷

ৰহস্য কথাক কহিয়োক মোক স্বামী৷৷

দ্বিজ কবিশেখৰে কহিলা হেন সাৰ৷

হৰিনাম লৈয়া সৱে হুয়োক নিস্তাৰ৷৷৩৫৷৷