|| পদ ||:
শুকমুনি ৰাজাত কহন্ত বিদ্যমান ৷
কৃষ্ণ লীলামালা আৱে শুনা সাৱধান ৷৷
শ্ৰৱণে কীৰ্ত্তনে আৰ বৈকুণ্ঠক যায় ৷
ধৰ্ম্ম অৰ্থ কাম মোক্ষ সৱে আতে পায় ৷৷১৬৭৫৷৷
ব্ৰহ্মায়ে প্ৰাৰ্থিলা পৃথিৱীৰ দেখি ত্ৰাস ৷
লৈলা দৈৱকীৰ উদৰত হৰি বাস ৷৷
গৰ্ভতে বিধাতা স্তুতি কৰিলন্ত আসি ৷
দৈৱকী দেৱীক বাক্য বুলিলা আশ্বাসি ৷৷১৬৭৬৷৷
পাছে উপজিলা নিজ ৰূপে দামোদৰ ৷
দেখি পিতৃ মাতৃ স্তুতি কৰিলা বিস্তৰ ৷৷
উপৰি জন্মৰ কথা নাৰায়ণে কৈলা ৷
কংস ভয়ে বসুদেৱে গোকুলত থৈলা ৷৷১৬৭৭৷৷
দেখি পুত্ৰমুখ নন্দ আনন্দে বিহ্বল ৷
তনয়ৰ জাতকৰ্ম্ম কৰাইলা সকল ৷৷
দৈত্যক বধিবে আৰম্ভিলা গোকুলত ৷
পূতনাৰ চেতন শুষিলা প্ৰথমত ৷৷১৬৭৮৷৷
শকটৰ তলে থৈলা যশোদা শুৱাই ৷
পেহ্লাইলাহা পাৱে শকটক উভতাই ৷
তুলিলাহা হামি যশোদাৰ পিয়া স্তন ৷
গৰ্ভতে দেখিলা দেৱী চৈধ্যয় ভুৱন ৷৷১৬৭৯৷৷
বিস্ময় হুইয়া আখি মুদিলা সুন্দৰী ৷
তাত পাছে নিলা চক্রৱাতে চুৰি কৰি ৷৷
গলত চেপিয়া ধৰি পেহ্লাইলা শিলাত ৷
মৰি গৈল দুষ্টদৈত্য তোমাৰ লীলাত ৷৷১৬৮০৷৷
জাতকৰ্ম্ম কৰি গৰ্গ ঋষি থৈলা নাম ৷
গোকুলত ক্রীড়ন্তে ফুৰন্তে কৃষ্ণ ৰাম ৷৷
নাচা বুলি পাঞ্চৈ গোপী বজায়া চাপৰি ৷
কৰিলন্ত নৃত্য ভঙ্গী ভাৱে দেৱহৰি ৷৷১৬৮১৷৷
যশোদা সুধিলা ধৰি কিয় মাটি খাইলি ৷
নখাওঁ বুলিয়া বেন্ত বাইলা বনমালী ৷৷
গৰ্ভতে দেখিলা দেৱী ভুৱন চৈধ্যয় ৷
কৰিলন্ত স্তুতি আতি পৰম বিস্ময় ৷৷১৬৮২৷৷
স্তন পিবে নপাই কোপে কৃষ্ণ বৰ চাণ্ড ৷
শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড ৷৷
সেহি অপৰাধে ধৰি বান্ধিলা সুন্দৰী ৷
লাসে লাসে উড়ুখল টানি নেন্ত হৰি ৷৷১৬৮৩৷৷
বৃক্ষত লাগিয়া ভৈল উড়ল পথালি ৷
অৰ্জ্জুনক উভঞ্জি পেহ্লাইলা বনমালী ৷৷
বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন ৷
নিজস্থানে গৈলা কৰি কৃষ্ণক বন্দন ৷৷১৬৮৪৷৷
কোনে ফল লৈবেক পসাৰী দিলে ডাক ৷
ধান্য লৈয়া যান্ত কৃষ্ণে ফল কিনিবাক ৷৷
কৃষ্ণৰ হস্তত ভৰি দিল ফল বাছি ৷
সুৱৰ্ণ ৰতনে তাইৰ উপচিল পাচি ৷৷১৬৮৫৷৷
অনন্তৰে ৰাম কৃষ্ণ গৈলা বৃন্দাৱন ৷
শিশুসৱ সহিতে চাড়িলা বৎসগণ ৷৷
বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ ৷
লীলায়ে বধিলা তৈতে বৎস বকাসুৰ ৷৷১৬৮৬৷৷
ঘোৰ সৰ্পৰূপে অঘে আছে বেন্ত বাই ৷
বৎস বৎসপালক গিলিলা লাগ পাই ৷৷
তাৰ গল ভেণ্টিয়া বঢ়াইলা দেহা হৰি ৷
কৃষ্ণৰ সাৰূপ্য পাইলা অঘাসুৰ মৰি ৷৷১৬৮৭৷৷
তাত পাছে ব্ৰহ্মা আসি কৰিলন্ত চুৰি ৷
মায়া কৰি নিলে সৱে গোৰক্ষ দামুৰি ৷৷
হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক ৷
সৰ্ব্বৰূপে ব্ৰজত বঞ্চিলা বৰিষেক ৷৷১৬৮৮৷৷
অনন্তৰে ব্ৰহ্মা আসি ভৈলা বিমোহিত ৷
সৱে দিব্য চতুৰ্ভুজ ৰূপে বিপৰীত ৷৷
হৰিল চেতন একো নাহি হৃদি সিদ্ধি ৷
পাছে পাৱে পৰি স্তুতি কৰিলন্ত বিধি ৷৷১৬৮৯৷৷
গৈলা তালবন সৱে গোৱাল সহিতে ৷
সবান্ধৱে ধেনুকাক বধিলা তহিতে ৷৷
গোপগণে তালক ভুঞ্জিলা কণ্ঠ ভৰি ৷
শঙ্কৰে ৰচিলা ডাকি বোলা হৰি হৰি ৷৷১৬৯০৷৷