|| পদ ||:
বিষময় হ্ৰদ তাক নজানি ৷
মৰিল গৰু গোপ পিয়া পানী ৷৷
কটাক্ষে জীয়ায়া দমিলা কালি ৷
হ্ৰদৰ খেদাইলা তাক নিকালি ৷৷১৬৯১৷৷
ব্ৰজৰ প্ৰজা বনজুইত মৰে ৷
ত্ৰাহি কৃষ্ণ বুলি আৰাৱ কৰে ৷৷
নাহি ভয় বুলি অগ্নিক পিলা ৷
ব্ৰজক গৈলা গজেন্দ্ৰৰ লীলা ৷৷১৬৯২৷৷
হৰি কৰি ক্রীড়া গোপ সভাতে ৷
মৰাইলা প্ৰলম্ব বলোৰ হাতে ৷৷
মুঞ্জবনে গৰু গোপ পোৰন্তে ৷
আনিলা কৃষ্ণে তাৰি তৈৰ হন্তে ৷৷১৬৯৩৷৷
বসন্ত সমে গ্ৰীষ্ম কাল গৈল ৷
বাৰিষা আসি উপস্থিত ভৈল ৷৷
বলো সমে সৱে গোপক লই ৷
ক্রীড়িলা কৃষ্ণে বৃন্দাৱনে গই ৷৷১৬৯৪৷৷
আসিল শৰত হৰিষ কৰি ৷
বৃন্দাৱনে বেণু বজায়া হৰি ৷৷
গোপ সুন্দৰীৰ বস্ত্ৰক লই ৷
চড়িলা গোৱিন্দ কদম্বে গই ৷৷১৬৯৫৷৷
পাইলেক বৰ যত গোপবালা ৷
গোৱিন্দ গৈলা যৈত যজ্ঞশালা ৷৷
গোৱালসকলে খুজিলা অন্ন ৷
নিদিলা অহঙ্কাৰী বিপ্ৰগণ ৷৷১৬৯৬৷৷
পত্নীৰ ভকতি দেখিয়া সৰ্ব্ব ৷
ভাঙ্গিলা তাসম্বাৰ কৰ্ম্ম গৰ্ব্ব ৷৷
ভাঙ্গিলা কৃষ্ণে মখ মহেন্দ্ৰৰ ৷
পূজিলা গোৱৰ্দ্ধন গিৰিবৰ ৷৷১৬৯৭৷৷
কৰিলা বৃষ্টি ইন্দ্ৰে ক্রোধ কৰি ৷
ৰাখিলা ব্ৰজ গোৱৰ্দ্ধন ধৰি ৷৷
কৃষ্ণৰ মহিমা দেখিয়া তয় ৷
ভৈলা গোপ গোপী মহা বিস্ময় ৷৷১৬৯৮৷৷
গৰ্গৰ বাক্যক সুমৰি নন্দে ৷
বৰ্ণাইলা কৃষ্ণৰ গুণ আনন্দে ৷৷
কৃষ্ণৰ অদ্ভুত মহিমা দেখি ৷
সুৰভি ইন্দ্ৰে আসি অভিষেকি ৷৷১৬৯৯৷৷
গোৰ ইন্দ্ৰ পাতি কৰি প্ৰণাম ৷
থৈলন্ত কৃষ্ণৰ গোৱিন্দ নাম ৷৷
বৰুণৰ দূতে নিলেক হৰি ৷
আনিলা নন্দক কৃষ্ণে উদ্ধাৰি ৷৷১৭০০৷৷
বিষ্ণুবুদ্ধি কৰি নন্দৰ পোক ৷
দেখিলা বৈকুণ্ঠ ব্ৰজৰ লোক ৷৷
চন্দ্ৰাৱলী ৰাত্ৰি শৰত কাল ৷
আৰম্ভিলা ৰাসক্রীড়া গোপাল ৷৷১৭০১৷৷
বাঢ়িল গৰ্ব্ব দেখি গোপিকাৰ ৷
ভৈলা অন্তৰ্দ্ধান জগ আধাৰ ৷৷
কান্দিলা কৃষ্ণৰ গুণ বৰ্ণাই ৷
তনু পুলকিত চেতন নাই ৷৷১৭০২৷৷
গোপীৰ আতি প্ৰেম ভকতিত ৷
সৱাৰো মধ্যত ভৈলা বিদিত ৷৷
সৱাকো আশ্বাসি কৰিলা ক্রীড়া ৷
এৰাইলা গোপীগণে কামপীড়া ৷৷১৭০৩৷৷
শঙ্খচূড় নামে যক্ষক মাৰি ৷
ৰাখি আনিলন্ত গোপৰ নাৰী ৷৷
খেদি আসিলেক অৰিষ্টে ধাই ৷
লীলায়ে মাৰিলা মাধৱে পাই ৷৷১৭০৪৷৷
কংসত নাৰদে কহিলা পাছে ৷
তোৰ প্ৰাণ বৈৰী ব্ৰজত আছে ৷৷
শুনিয়া কেশীক কংসে পাঞ্চিলা ৷
তাকো মাৰি কৃষ্ণে যমক দিলা ৷৷১৭০৫৷৷
বুলিলা কংসে অত্ৰূৰক আনি ৷
ব্ৰজক যাহা তুমি মহামানী ৷৷
কৃষ্ণৰ কিঙ্কৰ শঙ্কৰে ভণে ৷
হৰি হৰি বোলা সমস্ত জনে ৷৷১৭০৬৷৷