|| পদ ||:
নাৰদে পাছে গোকুলক আসি ৷
নমিলা কৃষ্ণৰ গুণ প্ৰকাশি ৷৷
কংসে পাঞ্চিলেক আসি অত্ৰূৰ ৷
সন্ধ্যা সময়ে পশি গোপপুৰ ৷৷১৭০৭৷৷
আকুল হুয়া আতি প্ৰেমভাৱে ৷
কৃষ্ণ কৃষ্ণ বুলি পৰিলা পাৱে ৷৷
খুড়া বুলি কৃষ্ণে সাৱটি ধৰি ৷
কৰিলা সৎকাৰ আতি সাদৰি ৷৷১৭০৮৷৷
কংসৰ শুনিয়া নন্দে আদেশ ৷
লৰিলা শকটে গোপ নিঃশেষ ৷৷
গোপিকাক ৰাম কৃষ্ণে আশ্বাসি ৷
সুৱৰ্ণৰ ৰথে চড়িলা আসি ৷৷১৭০৯৷৷
অত্ৰূৰে সত্বৰে ডাকিলা ৰথ ৷
কান্দে গোপী চাই কৃষ্ণৰ পথ ৷৷
মধ্যাহ্ন সন্ধ্যা কৰিবাক প্ৰতি ৷
মজিলা যমুনাত দানপতি ৷৷১৭১০৷৷
দেখিলা অনন্ত সহস্ৰ ফেট ৷
কোলাত কৃষ্ণক পাইলন্ত ভেট ৷৷
কৰিলন্ত স্তুতি পৰি অত্ৰূৰ ৷
প্ৰৱেশিলা পাছে মথুৰাপুৰ ৷৷১৭১১৷৷
গোপগণ সঙ্গে ৰঙ্গে মুৰাৰি ৷
ভ্ৰমন্তে দেখিলা মথুৰানাৰী ৷৷
কন্দৰ্প কোটি যাক নাহি তুল ৷
শাৰী শাৰী নাৰী বৰিষে ফুল ৷৷১৭১২৷৷
বধিলা ধোবাক চৱৰ অস্ত্ৰে ৷
বেশকাৰে আসি ভূষিলা বস্ত্ৰে ৷৷
পিন্ধাইলা চন্দন কুঁজী সাদৰি ৷
তাইৰো কুঁজ সম কৰিলা হৰি ৷৷১৭১৩৷৷
পিন্ধাইলা মালী অঙ্গে মঞ্জুমালা ৷
দিলা সুদামাক বৰ গোপালা ৷৷
ভাঙ্গিলা কংসৰ ধনুক ধৰি ৷
ৰখীয়া সেনাক বধিলা হৰি ৷৷১৭১৪৷৷
বঞ্চিলা ৰাতি নগৰৰ মাজে ৷
প্ৰভাতে শুনন্ত দুন্দুভি বাজে ৷৷
গৈলন্ত খেদিয়া নন্দ কুমাৰ ৷
কুৱলয়পীড়ে ভেণ্টিলে দ্বাৰ ৷৷১৭১৫৷৷
ভূমিত পাৰি কাঢ়ি লৈলা দন্ত ৷
কৰিলা কোবাই হস্তীৰ অন্ত ৷৷
স্কন্ধত গজদন্ত অনুপাম ৷
পশিলা ৰঙ্গশালা কৃষ্ণৰাম ৷৷১৭১৬৷৷
চৌপাশে উপাসে গোপ কুমাৰে ৷
দেখিলে কৃষ্ণক দশ প্ৰকাৰে ৷৷
বলো মুষ্টিকক কৃষ্ণে চাণূৰ ৷
মাৰি মাল দুইকো কৰিলা চূৰ ৷৷১৭১৭৷৷
আসিলা খেদি আৰ যত মাল ৷
কৰিলা ৰাম কৃষ্ণে তাৰো কাল ৷৷
নাচিলা কৃষ্ণে সমাজৰ মাজে ৷
পাৱে ৰুণ ঝুণ নূপুৰ বাজে ৷৷১৭১৮৷৷
দেখিয়া গৰজে কংস বিশাল ৷
উচ্ছ্ৰিত মঞ্চত চড়ি গোপাল ৷৷
কেশত ধৰি তাৰ ঘণ্টা লাড়ি ৷
পাড়িলা ভূমিত উপৰে পড়ি ৷৷১৭১৯৷৷
মৰিল কংস জগতৰ ভৰে ৷
পাইলেক সাৰূপ্য সিটো কৃষ্ণৰে ৷৷
পিতৃ মাতৃ দুইৰো বন্ধন ছোড়ি ৷
কৰিলা স্তুতি দুইকো কৰ যোড়ি ৷৷১৭২০৷৷
আনি উগ্ৰসেন পাতিলা ৰাজা ৷
পাছে আশ্বাসিলা যাদৱ প্ৰজা ৷৷
নন্দকো সতকাৰ কৰিলা আতি ৷
পঠাইলা প্ৰবোধিয়া বুলি মাতি ৷৷১৭২১৷৷
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে ৷
কৃষ্ণকথা শুনা সমস্ত জনে ৷৷
কৃষ্ণ লীলামালা ইহাৰ নাম ৷
সংসাৰ তৰা বুলি ৰাম ৰাম ৷৷১৭২২৷৷