লীলামালা : ৪ৰ্থ কী : ৰাম স্বামী মাগোহো...

|| ঘোষা ||: 

ৰাম স্বামী মাগোহো শৰণ হেৰা আমি ৷

তোমাক নভজি প্ৰভু ভৈলো অধোগামী ৷৷১৪৪৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

পাছে উগ্ৰসেনক নৃপতি পাতি হৰি ৷

নন্দকো কৰিলা শান্ত বচনে সাদৰি ৷৷

যেনমতে মানো বসুদেৱ দৈৱকীক ৷

তুমি পোষ্টা পিতৃ দেখো তাহাত অধিক ৷৷১৭২৩৷৷

অনন্তৰে নৱগুণ দিলা গৰ্গঋষি ৷

পাছে গুৰু গৃহে বাসা কৰিলা হৰিষি ৷৷

জানিলা চৌষষ্ঠি কলা পাছে পদ্মপাণি ৷

দিলা গুৰু দক্ষিণা মৃতক পুত্ৰ আনি ৷৷১৭২৪৷৷

মথুৰাক আসি কৃষ্ণে পঠাই উদ্ধৱক ৷

কৰাইলা আশ্বাস পাছে যশোদা নন্দক ৷৷

গোপী সমস্তক বাক্য সন্দেশ পঠাই ৷

সান্ত্বনা কৰিলা কৃপাময় যদুৰায় ৷৷১৭২৫৷৷

কুবুজাক ক্রীড়ি কৃষ্ণ জগত ঈশ্বৰ ৷

প্ৰৱেশিলা গোৱিন্দ গৃহত অত্ৰূৰৰ ৷৷

অৰ্চ্চিলন্ত দানপতি পায়া মাধৱক ৷

পাণ্ডৱৰ পাশক পঠাইলা অত্ৰূৰক ৷৷১৭২৬৷৷

জৰাসন্ধে ভয়ে যেন প্ৰভু যদুৰাজে ৷

নিৰ্ম্মিলা দ্বাৰকাপুৰী পয়োনিধি মাজে ৷৷

নিলা তৈকে মথুৰাৰ প্ৰজা যোগবলে ৷

মাৰিলাহা জৰাসন্ধ সেনাক সকলে ৷৷১৭২৭৷৷

বধিলা যৱন মুচুকুন্দক দেখাই ৷

কৰিলন্ত স্তুতি পাছে মুচুকুন্দ ৰায় ৷৷

দিলন্ত প্ৰসাদ তাঙ্ক পৰম ভকতি ৷

মুচুকুন্দে লভিলন্ত ভগৱন্ত গতি ৷৷১৭২৮৷৷

জৰাসন্ধ ভয়ে নৰচেষ্টাক দেখাই ৷

পশিলা পলায়া দ্বাৰকাত দুয়ো ভাই ৷৷

ৰুণিী পঠাইলা গোপ্য প্ৰেমপত্ৰ লিখি ৷

আতি সকৰুণ ভৈলা কৃষ্ণে তাঙ্ক দেখি ৷৷১৭২৯৷৷

বিপক্ষ নৃপতিসকলক জিনি ৰণে ৷

ৰুক্মকো মুণ্ডিলা চক্র ধৰি নাৰায়ণে ৷৷

দ্বাৰকাত পাতি সভা দেৱতো অধিক ৷

কৰিলা বিবাহ মহোৎসৱে ৰুক্মিণীক ৷৷১৭৩০৷৷

ভৈলা কামদেৱ ৰুণিীৰ গৰ্ভে জাত ৷

হৰিলা সম্বৰে তাক কৰিলা নিপাত ৷৷

ভাৰ্য্যায়ে সহিতে দুনাই দ্বাৰকাক আইলা ৷

পুত্ৰ দেখি ৰুক্মিণীৰ শৰীৰ জুৰাইলা ৷৷১৭৩১৷৷

মণি হেতু জাম্বৱন্ত জিনি যদুপতি ৷

স্যমন্তক সমে পাইলা কন্যা জাম্বৱতী ৷৷

সত্ৰাজিতো দিলে সভ্যভামাক ভয়ত ৷

মণিক যৌতুক পাইলা কন্যাৰ লগত ৷৷১৭৩২৷৷

থৈলা সত্ৰাজিততে মাধৱে মণি পুনু ৷

তাক কাটি মণি পাছে নিলা শতধনু ৷৷

অত্ৰূৰত মণি থৈয়া ঘোড়ায়ে পলাইল ৷

তাক চক্রে কাটি কৃষ্ণে মণিক নপাইল ৷৷১৭৩৩৷৷

দ্বাৰকা এৰিয়া পাছে পলাইল অত্ৰূৰ ৷

আনিলেক কৃষ্ণে তাক দুনাই যদুপুৰ ৷৷

স্যমন্তক মণি লৈয়া দেখায়া জ্ঞাতিত ৷

এড়াইলা দুৰ্যশ পাছে প্ৰভু বিপৰীত ৷৷১৭৩৪৷৷

মিত্ৰবৃন্দা কালিন্দীক পাছে যদুনাহ ৷

ভদ্ৰা সত্যা লক্ষ্মণাকো কৰিলা বিৱাহ ৷৷

এহি অষ্ট মহিষী কৃষ্ণৰ প্ৰিয়া-জায়া ৷

বোলা হৰি হৰি তৰা সংসাৰৰ মায়া ৷৷১৭৩৫৷৷