|| পদ ||:
নৰকক মাৰি ৰূপে গুণে মহা ধন্যা ৷
ষোড়শ হাজাৰ প্ৰভু পাইলা দিব্য কন্যা ৷৷
স্বৰ্গৰো আনিলা হৰি পুষ্প পাৰিজাত ৷
দ্বাৰত ৰুৱাইলা সত্যভামাৰ সাক্ষাত ৷৷১৭৩৬৷৷
ৰুক্মিণীক কৰিলাহা প্ৰেমে পৰিহাস ৷
ভৈলন্ত ভয়তে দেৱী প্ৰাণতো নৈৰাশ ৷৷
চতুৰ্ভুজ হুয়া হৰি তুলি আঙ্কোৱালি ৷
ৰুক্মিণীক আশ্বাস কৰিলা বনমালী ৷৷১৭৩৭৷৷
বুলিলন্ত কৃষ্ণে যত নিন্দা আপুনাক ৷
ওলটায়া ৰুক্মিণী বুলিল তুতিবাক ৷৷
ভৈলা অনুৰাগ প্ৰভু চৰণত আতি ৷
ভৰিল দ্বাৰকা কেশৱৰ পুত্ৰ নাতি ৷৷১৭৩৮৷৷
কৃষ্ণৰ সমান ৰূপ একৈক ভাৰ্য্যাত ৷
দশ দশ পুত্ৰ এক জীউ ভৈলা জাত ৷৷
বহুবিধ কৰি লীলা জগতৰ নাহে ৷
ৰুক্মিক মৰাইলা অনিৰুদ্ধৰ বিৱাহে ৷৷১৭৩৯৷৷
ঊষাক ক্রীড়িলা কৃষ্ণ নাতি অনিৰুদ্ধ ৷
বাণক ৰাখিবে লাগি ৰুদ্ৰে দিলা যুদ্ধ ৷৷
লীলায়ে ভঙ্গাইলা শঙ্কৰক ঘোৰ ৰণে ৷
চক্রে বাণবাহুক ছেদিলা নাৰায়ণে ৷৷১৭৪০৷৷
যুদ্ধত নৱাৰি স্তুতি কৰিলন্ত হৰে ৷
নৃগ নৃপতিক উদ্ধাৰিলা তাত পৰে ৷৷
ক্রীড়িলন্ত বলভদ্ৰে গোকুলক যাই ৷
যমুনাক আজুৰিলা লাঙ্গল ভেজাই ৷৷১৭৪১৷৷
চক্রে ধৰি খেদি গৈলা বাৰানসী থান ৷
সুদক্ষিণ পৌণ্ড্ৰকৰো কৃষ্ণে লৈলা প্ৰাণ ৷৷
ৰৈৱত গিৰিত ক্রীড়া কৰি হলধৰ ৷
সমৰে মাৰিলা দুষ্ট দ্বিৱিদ বানৰ ৷৷১৭৪২৷৷
ধৰিলা সাম্বক কুৰুবীৰগণে চাপি ৷
খুজিলেক ৰামে গৈয়া নিদিলা তথাপি ৷৷
হস্তিনাপুৰক কোপে ওভতাওঁ বুলি ৷
লাঙ্গল ভেজায়া বলো ধৰিলন্ত তুলি ৷৷১৭৪৩৷৷
কৃষ্ণৰ গৃহস্থ ধৰ্ম্ম দেখি ঘৰে ঘৰ ৷
পৰম বিস্ময় মন ভৈলা নাৰদৰ ৷৷
কেৱল ঈশ্বৰ মাত্ৰ দেখি দেৱঋষি ৷
কৃষ্ণ গুণ গায়া চলি গৈলন্ত হৰিষি ৷৷১৭৪৪৷৷
নিশাত কৰন্ত কৃষ্ণে শয্যাত শয়ন ৷
কণ্ঠত আলিঙ্গি শুতি থাকে পত্নীগণ ৷৷
ৰজনীৰ শেষজানি ৰাৱে পক্ষীচয় ৷
নাৰীগণো হোৱে কৃষ্ণ বিৰহত ভয় ৷৷১৭৪৫৷৷
কুকুৰা আৰাৱ কৰে তাকো পাৰে গালি ৷
উঠি নিত্যকৃত্য পাছে কৰি বনমালী ৷৷
চৌৰাশী অধিক তেৰ হাজাৰ প্ৰমাণ ৷
ঘৰে ঘৰে প্ৰতিদিনে কৰন্ত গোদান ৷৷১৭৪৬৷৷
দাৰুকে যোগান্ত ৰথ চড়ি গৈয়া তাত ৷
সাত্যকি উদ্ধৱ সমে বসন্ত সভাত ৷৷
চতুৰ্ভিতি বেঢ়ি পাত্ৰমন্ত্ৰী সভাসদ ৷
দেৱকাৰ্য্য সাধিবাক আসিলা নাৰদ ৷৷১৭৪৭৷৷
জৰাসন্ধে বান্ধি আছে নৃপতি বহুত ৷
কৃষ্ণত শৰণ মাগি পঠাই দিলা দূত ৷৷
সেহি বেলা যুধিষ্ঠিৰে পঠাইলন্ত মাতি ৷
মন্ত্ৰীগণ সমে কৃষ্ণে আলোচিলা আতি ৷৷১৭৪৮৷৷
উদ্ধৱ সহিতে কৃষ্ণ গৈলা ইন্দ্ৰপ্ৰস্থ ৷
পূৰিলন্ত পঞ্চ পাণ্ডৱৰ মনোৰথ ৷৷
কৃষ্ণৰ কিঙ্কৰে কহে দুঃখ তেৱে তৰি ৷
পাতক ছাড়োক ডাকি বোলা হৰি হৰি ৷৷১৭৪৯৷৷