লীলামালা : ষষ্ঠ কী : পিয়ো পিয়ো ৰাম...

|| ঘোষা ||: 

পিয়ো পিয়ো ৰাম নাম অমৃত ৷

বৃথা কথা কই নমৰ চিত্ত ৷৷১৪৬৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

যুধিষ্ঠিৰ ৰাজা কৃষ্ণক পাই ৷

অৰ্চ্চিলন্ত আতি দুনাই দুনাই ৷৷

ৰাজাক কৃষ্ণে নমি প্ৰণিপাতে ৷

মৰাইলা মাগধ ভীমৰ হাতে ৷৷১৭৫০৷৷

মেলায়া ভকত নৃপতিচয় ৷

দেখাইলা নিজ ৰূপ কৃপাময় ৷৷

প্ৰসন্নমুখ পঙ্কজৰ জ্যোতি ৷

কৌস্তুভ কণ্ঠে গলে গজমতি ৷৷১৭৫১৷৷

মকৰ কুণ্ডলে উজ্জ্বল গণ্ড ৷

প্ৰকাশে চাৰু চাৰি ভুজ দণ্ড ৷৷

কিৰীটি ৰত্ন শিৰে কৰে কান্তি ৷

উৰঃস্থলে জ্বলে শ্ৰীবৎস পান্তি ৷৷১৭৫২৷৷

শ্যাম তনু তাতে পীত বসনে ৷

বিজুলী ৰঞ্জে যেন নৱ ঘনে ৷৷

কটি-তটে কাঞ্চি ৰত্নৰ জ্বালা ৷

আপাদলম্বী গলে বনমালা ৷৷১৭৫৩৷৷

চৰণ পঙ্কজে মঞ্জীৰ ঘোষ ৷

মিলাৱে ভক্তৰ মনে সন্তোষ ৷৷

সমুখে দেখি হেন হৃষীকেশ ৷

সমস্তে এৰাইলা বন্ধন ক্লেশ ৷৷১৭৫৪৷৷

আনন্দে দ্ৰৱিল সৱাৰো চিত্ত ৷

লোতক ঝৰে তনু ৰোমাঞ্চিত ৷৷

আছিল মৰি দুনাই যেন জীল ৷

আলিঙ্গিয়া যেন নয়নে পিল ৷৷১৭৫৫৷৷

চাহন্তে গৈল অনুৰাগ চৰি ৷

প্ৰণামিলা আতি চৰণে পৰি ৷৷

হৰিষতে যেন পাইলা মুকুতি ৷

কৰিলা কৃষ্ণক অনেক স্তুতি ৷৷১৭৫৬৷৷

মাগিলা পৰম ভকতি দান ৷

সৱাকো কৰিলা কৃষ্ণে সন্মান ৷৷

তুষিয়া পঠাই দিলা নিজ ঘৰ ৷

ৰাজসূয়ে আসি যোগাইলা কৰ ৷৷১৭৫৭৷৷

কৰি ৰাজসূয় যজ্ঞ নৃপতি ৷

অৰ্চ্চিলা কৃষ্ণক মহাভকতি ৷৷

নিন্দিলে দেখি শিশুপাল বীৰ ৷

কাটিলা কৃষ্ণে চক্র হানি শিৰ ৷৷১৭৫৮৷৷

তাৰ তেজ-পুঞ্জ আসিলা লড়ি ৷

মিলিলা কৃষ্ণৰ চৰণে পৰি ৷৷

সাৰূপ্য পায়া ভৈলা পাৰিষদ ৷

বিস্ময় দেখি লোক নিশৱদ ৷৷১৭৫৯৷৷

পৰম মানী দুৰ্য্যোধন ৰায় ৷

ভ্ৰমিলা সভাৰ সম্পত্তি চাই ৷৷

তুলিলা বস্ত্ৰ পানী বুলি স্থলে ৷

স্থল হেন মানি পৰিলা জলে ৷৷১৭৬০৷৷

দ্ৰৌপদী সমে নাৰীগণে আসি ৷

চাপৰি বজায়া তুলিলা হাসি ৷৷

ভীমৰ উপহাস্যে কুৰুৰাজ ৷

মৰণ সমান ভৈ গৈল লাজ ৷৷১৭৬১৷৷

মৃতক যেন ভৈলা কুৰুপতি ৷

কৃষ্ণৰ কটাক্ষে ভ্ৰমিল মতি ৷৷

তোলাই ইটো কোপ কুৰু ৰাজাৰ ৷

হৰিবো সমস্ত ভূমিৰ ভাৰ ৷৷১৭৬২৷৷

লাগোক বিবাদ কুৰু পাণ্ডৱে ৷

নমাতি থাকিলা বসি মাধৱে ৷৷

পাণ্ডৱৰ হাতে সমৰ জিনি ৷

মৰাইলা অষ্টাদশ অক্ষৌহিণী ৷৷১৭৬৩৷৷

হৰত বৰ পায়া শাল্ব ৰাজা ৷

মাৰিবাক গৈলা যাদৱ প্ৰজা ৷৷

আকাশতে চলে সৌভ নগৰ ৷

যদুবীৰ গণে দিলা সমৰ ৷৷১৭৬৪৷৷

হস্তিনাপুৰ হন্তে আসি পাই ৷

কাটিলা শাল্বক যাদৱৰায় ৷৷

ভাঙ্গিলা সৌভক ক্ষেপিয়া চক্র ৷

বধিলা বিদুৰথ দন্তবক্র ৷৷১৭৬৫৷৷

তীৰ্থত স্নানিয়া ফুৰন্তে ৰাম ৷

সূতক বধি কৰি মন্দকাম ৷৷

বল্লল দৈত্যক মাৰি তহিতে ৷

কৰিলা সূতবধ প্ৰায়শ্চিত্তে ৷৷১৭৬৬৷৷

দেখিয়া তুষ্ট ভৈলা ঋষিগণ ৷

উগ্ৰশ্ৰৱা পাইলা ব্ৰহ্ম আসন ৷৷

কহিলা মহাভাগৱত কথা ৷

বোলা হৰি হৰি নমৰা বৃথা ৷৷১৭৬৭৷৷