লীলামালা : ৭ম কী :গোপীনাথ তুৱা...

|| ঘোষা ||: 

গোপীনাথ তুৱা পাৱে নভৈল ভকতি ৷

ইজন্মতো মাধৱ গৈলোহো অধোগতি ৷৷১৪৭৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দ্বাৰকাক গৈলন্ত দৰিদ্ৰ দামোদৰ ৷

অৰ্চ্চিলন্ত কৰি কৃষ্ণে পৰম সাদৰ ৷৷

গুৰুগৃহে বাস কথা কৈলা মনতুষ্টি ৷

খাইলা তাল লৈয়া চাউল চিৰা একমুঠি ৷৷১৭৬৮৷৷

এতেকে ঐশ্বৰ্য্য পাইল ইন্দ্ৰৰো দুৰ্ল্লভ ৷

হেনসে ঈশ্বৰ কৃষ্ণ ভৃত্যৰ সুলভ ৷৷

সৰ্ব্বগ্ৰাস সূৰ্য্যৰ গ্ৰহণ আসি ভৈলা ৷

সমস্তে নৃপতি গণ কুৰুক্ষেত্ৰে গৈলা ৷৷১৭৬৯৷৷

সপুত্ৰ বান্ধৱে যদুগণ গৈলা তথা ৷

কৈলা ৰাজাগণ অন্যোঅন্যে কৃষ্ণ কথা ৷৷

কৃষ্ণৰ যতেক পত্নী দ্ৰৌপদী সহিতি ৷

কহিলন্ত কৃষ্ণ কথা পৰম পীৰিতি ৷৷১৭৭০৷৷

নাৰদ প্ৰমুখ্যে মুনিগণ আইল তয় ৷

অৰ্চ্চিলন্ত তাসম্বাক কৃষ্ণ কৃপাময় ৷৷

পিতৃৰ কৰাইলা মহাযজ্ঞ মহোৎসৱ ৷

বান্ধৱক তুষি ভূষি পঠাইলা মাধৱ ৷৷১৭৭১৷৷

নন্দ যশোদাক মান্য কৰিলা একান্ত ৷

জ্ঞানদানে গোপীক কৰিলা উপশান্ত ৷৷

কহিলা পিতৃত পাছে কৃষ্ণে মহাজ্ঞান ৷

মৃতক পুত্ৰক দৈৱকীক দিলা দান ৷৷১৭৭২৷৷

অৰ্জ্জুনক আনি বিহা দিলা সুভদ্ৰাক ৷

ভক্তক দেখিবে লাগি গৈলা মিথিলাক ৷৷

শ্ৰুতদেৱ জনকৰ পূৰি মনোৰথ ৷

কৈলা উপদেশি প্ৰেম ভকতিৰ পথ ৷৷১৭৭৩৷৷

ভকতিক পুছিলা নাৰদে মাধৱত ৷

নাৰায়ণে কহিলা বেদৰ সাৰ তত্ত্ব ৷৷

সংসাৰক তাৰে ভকতিসি জানি মনে ৷

কৈলা স্তুতি বেদ শিৰোৰত্ন মন্ত্ৰগণে ৷৷১৭৭৪৷৷

হৰি ভকতিত পাই পৰম মুকুতি ৷

দিবে মাত্ৰ পাৰে আন দেৱতা ভুকুতি ৷৷

ভৃগু ঋষি আসি কৰি পৰীক্ষা পূৰ্ব্বত ৷

কৈলা কৃষ্ণগুণ মুনিগণৰ আগত ৷৷১৭৭৫৷৷

মহাকালপুৰ পশি কৃষ্ণ কৃপাময় ৷

আনিলন্ত বিপ্ৰৰ মৃতক পুত্ৰচয় ৷৷

অৰ্জ্জুনৰ অঙ্গীকাৰ কৰিলা সাফল ৷

হেন নাৰায়ণ দেৱ ভকত বৎসল ৷৷১৭৭৬৷৷

ষোড়শ সহস্ৰ অষ্টাধিক একশত ৷

কৃষ্ণৰ মহিষী সৱে পৰম ভকত ৷৷

শুনিয়োক কৃষ্ণৰ যতেক পুত্ৰৰাশি ৷

একষষ্ঠি হাজাৰ লক্ষেক আৰো আশী ৷৷১৭৭৭৷৷

তাসম্বাৰ পুত্ৰ নাতি ভৈল অপৰ্য্যন্ত ৷

তাক কহি কোনে আৱে কৰিবেক অন্ত ৷৷

যদুকুলে কেশৱ আপুনি অৱতৰি ৷

গঙ্গাক কৰিলা অল্প কীৰ্ত্তনত কৰি ৷৷১৭৭৮৷৷

শত্ৰু মিত্ৰ উদাসীনে দিলা নিজ পদ ৷

ভাৰ হৰি মহন্তৰ খণ্ডিলা আপদ ৷

নুহিকে আশ্চৰ্য্য ইটো কৰ্ম্ম মাধৱৰ ৷

সিকালত বেকত আছিলা দামোদৰ ৷৷১৭৭৯৷৷

আকেসে আশ্চৰ্য্য দেখো শুনা পৰীক্ষিত ৷

নাম মাত্ৰ লৈলে তৰি ইটো বিপৰীত ৷৷

আৰো যাইবে নলাগে নৃপতি তপোবন ৷

গৃহে গতি পায় কৰি শ্ৰৱণ কীৰ্ত্তন ৷৷১৭৮০৷৷

এহিমানে দশম স্কন্ধৰ কৃষ্ণলীলা ৷

শুকমুনি ৰাজা পৰীক্ষিতক কহিলা ৷৷

শঙ্কৰে ৰচিলা ধৰি কৃষ্ণৰ চৰণ ৷

লীলামালা কথা ইটো কৃষ্ণৰ কীৰ্ত্তন ৷৷১৭৮১৷৷

শুনা বুধজন কেনে সুখে আছা বসি ৷

কালে আসি পাইলে চোৱা মনে বিমৰিষি ৷৷

ইহেন মনুষ্য জন্ম বৃথা যায় আয়ু ৷

কেতিক্ষণে চুটে জানা ইটো প্ৰাণ বায়ু ৷৷১৭৮২৷৷

জানি হৰি ভকতিত সৱে দিয়া মতি ৷

হৰি কথা শ্ৰৱণত দৃঢ় কৰা ৰতি ৷৷

কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ ৷

ডাকি হৰি হৰি বোলা তেৱেসে নিস্তাৰ ৷৷১৭৮৩৷৷