ঘুনুচা-কীৰ্ত্তন : ১ম কী : চলি যায় প্ৰভু ...

|| ঘোষা ||: 

৷৷ চলি যায় প্ৰভু জগন্নাথ ঘুনুচা-যাত্ৰা কৰি৷

সমস্তে জগতে বেঢ়ি বেঢ়ি চাৱে ৰথৰ উপৰে হৰি৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

নমো দেৱ হৰি    চিত্ত স্থিৰ কৰি
কায় বাক্য সমুদায়৷
যাৰ পাদ-পদ্ম        চিন্তি সুখী হুই
সংসাৰ-বন্ধ এৰায়৷৷
হেন কৃষ্ণ-পাৱে        অৱনতভাৱে
প্ৰণামোহো বাৰ শত৷

কৃষ্ণৰ বিজয়-     যাত্ৰা মহোৎসৱ
বিৰচিবো প্ৰথমত৷৷ ১৷৷
আষাঢ় মাসৰ    শুক্লা তৃতীয়াত
শুভক্ষণ বেলা পাই৷
দৌল ছাড়ি হৰি    ঘুনুচাৰ বাৰী
চলি যান্ত যদুৰায়৷৷
দুই দণ্ড নিশা    আছন্তে যাদৱ
বাজ ভৈল দৌল ছাড়ি৷
দশোদিশ ছানি    সবৰ্ব লোকে জানি
দিল নিসানত বাড়ি৷৷ ২৷৷
কাছ-পাৰ কৰি    মাতা-মাতি কৰি
হুই সৱে এক স্থান৷
নানা যন্ত্ৰ ধৰি    উৎসুকে চলিলা
কৃষ্ণৰ ধৰি যোগান৷
যতেক পৰিচা    পাণ্ডাসৱ আছে
আনো যত নৰ-নাৰী৷
যাত্ৰা সুমঙ্গল    কৰিয়া আনন্দে
চলে লাস-বেশ কৰি৷৷ ৩
দধি দুগ্ধ ঘৃত    লৈয়া পঞ্চামৃত
ঘট ভৰি ঠাৱে ঠাৱে৷
দুবৰ্বাক্ষত সিঞ্চি    ডালি ফুল দিয়া
যাত্ৰা সুমঙ্গল ভাৱে৷
দৌল হন্তে তাত    ঘুনুচাৰ বাৰী
দিব্য ৰাজ-আলি আছে৷
সুগন্ধি চন্দনে    ধূপ দীপ বস্ত্ৰে
আৰি আছে দুয়ো কাষে৷৷ ৪৷৷
দুশাৰী বাটত    তোৰণ পুতিলা
থোকে গুৱা-নাৰিকল৷
নানা চিত্ৰ কৰি    পথক নিৰ্ম্মিলা
কৰি যাত্ৰা সুমঙ্গল৷৷
ৰজনী পুহাইল    অৰুণ জ্বলিল
চৌভিতি সাঞ্জ কোবায়৷
শকটত চড়ি    ঘুুনুচাৰ বাৰী
চলি যান্ত যদুৰায়৷৷ ৫
লক্ষ্মীৰ সেৱক    লগে চলি যায়
গৃহে এক পাণ্ডা ৰৈলা৷
যতেক পৰিচা    পাণ্ডা নিৰন্তৰে
কৃষ্ণৰ সঙ্গে চলিলা৷৷
দাইনে বলভদ্ৰ    মধ্যত সুভদ্ৰা
বামে চলে জগন্নাথ৷
চৌভিতি আৱৰি    জয়-ধ্বনি কৰি
কোটি ব্ৰহ্মাণ্ডৰ নাথ৷৷ ৬
অনেক সুন্দৰী    যাত্ৰা শুভ কৰি
ফুল ফল লৈয়া হাতে৷
উৰুলি-জোকাৰ    উৎসৱ কৰিয়া
দুৰ্ব্বাক্ষত সিঞ্চে মাথে৷৷
কেহো পঞ্চামৃত    সিঞ্চে দিব্য পুষ্প
বৰিষে শকট ভৰি৷
জয় জয় বুলি    চৌভিতি ঘোষয়
যাত্ৰা মহোৎসৱ কৰি৷৷ ৭
কাহালী মহৰী    ঢাক ঢোল ভেৰী
অসংখ্য যন্ত্ৰ বজাই৷
কৃষ্ণৰ কীৰ্ত্তন    কৰিয়া উৎসুকে
ফাঁকু-গুড়ি সিঞ্চৰাই৷৷
অসংখ্যাত লোকে        শকট আজোৰে
মুখে কৃষ্ণ-গুণ গাই৷
পৰিচাসকলে    ঠাকুৰৰ মাথে
শ্বেত ছত্ৰ ধৰি যাই৷৷ ৮
কতো কতো সৱে        উৎসৱ কৰিয়া
মাধৱৰ চাপি কোলে৷
অল্প অল্প কৰি        সুৱৰ্ণৰ দণ্ড
ধৰিয়া চামৰ ঢুলে৷৷
পৰম আনন্দে    নটী নৃত্য কৰে
চপয় পঢ়য় ভাটে৷
জয় কৃষ্ণ বুলি    হাত তুলি তুলি
উপৰক চাই ৰটে৷৷ ৯
যোগী ব্ৰহ্মচাৰী    উদাস সন্ন্যাসী
যতি ব্ৰতী দিগম্বৰ৷
কৃষ্ণৰ কীৰ্ত্তন    কৰিয়া উৎসুকে
চলি যান্ত নিৰন্তৰ৷৷
কেহো শঙ্খ বাৱে    মৃদঙ্গ বজাৱে
তাল-কৰতাল ঠুকি৷
ঊৰ্দ্ধবাহু হুয়া    কৰে তাল ধৰি
কীৰ্ত্তন কৰে উৎসুকি৷৷ ১০
সুগন্ধি চন্দন    ধূপ লগাই তুলি
নাচে উপৰক চাই৷
পৃথিৱীৰ হন্তে    উল্লাস কৰিয়া
বৈকুণ্ঠক যেন যাই৷৷
কেহো আগ বাঢ়ে    কেহো ৰঙ্গে যাই
পৰম আনন্দ মনে৷
লৱৰা-লৱৰি    কৰি ৰঙ্গে যাই
কৃষ্ণৰ কীৰ্ত্তন ভণে৷৷ ১১
ঘনে ঘনে দেয়    উৰুলি-জোকাৰ
ডাকে জয় কৃষ্ণ বুলি৷
পাইলো পাইলো বুলি    দেৱ-নাৰী নাচে
উপৰক হাত তুলি৷
যত ব্ৰতী যোগী    সন্ন্যাসী ভিক্ষুক
নৰ-নাৰী যত প্ৰাণী৷
কৃষ্ণৰ কীৰ্ত্তন    বিনে কাৰো মুখে
নাহিকে লৌকিক বাণী৷৷ ১২
গোবিন্দ-ভাৱকে        কীৰ্ত্তন কৰন্তে
সৰ্ব্বলোকে গাৱ ছানি৷
পৰম উৎসৱে    স্বৰ্গকো লঙ্ঘিলে
কৃষ্ণৰ কীৰ্ত্তন-ধ্বনি৷৷
ঠক ঠক কৰি    শকট চলয়
আজোৰয় গোপ-দল৷
কতো দূৰ গৈয়া    ঠগ দিয়া ৰহে
মাধৱৰ কৌতূহল৷৷ ১৩
আজোৰে-পিজোৰে    শকট নলৰে
পৰ্ব্বত যেন গম্ভীৰ৷
দেখিয়া পৰিচা-সবে     স্তুতি কৰে
অৱনত কৰি শিৰ৷৷
নমো নাৰায়ণ    সংসাৰ-কাৰণ
দাৰু-ব্ৰহ্ম-ৰূপ হৰি৷
যত চৰাচৰ    সমস্তে সংসাৰ
আত্মা ৰূপে আছা ধৰি৷৷ ১৪
নমো নিৰাকাৰ    জগত-আধাৰ
ভক্তৰ দেখা বিলাই৷
আজোৰে-পিজোৰে    শকট নলৰে
তোমাৰ কৃপা বিনাই৷৷
নমো কৃপাময়    হুয়োক সদয়
দূৰ হৌক দুঃখ ভয়৷
এতেক বোলন্তে    শকট লৰিল
ভৈলন্ত হৰি সদয়৷৷ ১৫
এহিমতে ৰথে    প্ৰভু জগন্নাথ
চলি যান্ত যাত্ৰা কৰি৷
মনত কৌতুকে    পৰিচাসকলে
পুনু চলে ৰঙ্গ কৰি৷৷
নানা ভঙ্গি ভাৱে    হৰি গুণ গাৱে
পৰম আনন্দ কৰি৷
শ্ৰীধৰ কন্দলি    কহে কৃষ্ণ-কেলি
ডাকি বোলা হৰি হৰি৷৷ ১৬