|| পদ ||:
পৰিচায়ে শুনি পাছে কৃষ্ণৰ বচন৷
লক্ষ্মীক ভেটিবে গৈলা পৰিচা তেখন৷৷
দধি-দুগ্ধ পঞ্চামৃত বিবিধ অপাৰ৷
লৱণু শৰ্কৰা চিনি লৈ যান্ত সম্ভাৰ৷৷ ৭৬
আথে-বেথে পৰিচায়ে দুৱাৰক যাই৷
লক্ষ্মীক প্ৰণাম কৰি দুনাই দুনাই৷৷
অৱনত-ভাৱ হুয়া পুটাঞ্জলি ধৰি৷
লক্ষ্মীক মাতিবে লৈলা ধীৰে ধীৰে কৰি৷৷ ৭৭
নমো লক্ষ্মী মাৱ তুমি হুয়োক সদয়৷
তুমি সমস্তৰে আদি প্ৰকৃতি নিশ্চয়৷৷
তোমাৰেসে সত্ত্ব ৰজ তম তিনি গুণ৷
তুমি জগতৰে সৃষ্টি স্থিতিৰ কাৰণ৷৷ ৭৮
তোমাতেসে সমস্তে জগতে হোৱে লয়৷
তোমাৰেসে ইটো যত স্ৰজন নিশ্চয়৷৷
তুমিসে ঈশ্বৰী আসি আছা অৱতৰি৷
বিষ্ণুক আশ্ৰয়ি আছা মহা ৰঙ্গ কৰি৷৷ ৭৯
তোমাক সৰ্ব্বদা বাঞ্ছা কৰে ব্ৰহ্মা হৰে৷
তোমাৰেসে প্ৰসাদত জীয়ে চৰাচৰে৷৷
নমো লক্ষ্মী মাৱ তুমি হুয়োক প্ৰসন্ন৷
কোপ পৰিহৰি শুনা কৃষ্ণৰ বচন৷৷ ৮০
তোমাক লাগিয়া কৃষ্ণে বুলিয়া পঠাইল৷
কি কাৰণে পদ্মা মোক কোপ কৰি আইল৷৷
সকল সৰ্ব্বস্ব মই এৰি আইলো ঘৰে৷
ঘুনুচাৰ বাৰী লাগি আইলো একেশ্বৰে৷৷ ৮১
ধন ৰত্ন দৌল দিয়া আসিলো লক্ষ্মীক৷
তথাপিতো লক্ষ্মী মোক কোপ কৰে কিক৷৷
ঘুনুচাক বিহা কৰি আছোহো নিশ্চয়৷
ঐক নাসিলে কি ভাল কোনেবা বোলয়৷৷ ৮২
অকাৰণে এত মান কৰয় আক্রোশ৷
ছন্ন কৰে নগৰ প্ৰজাত কিবা দোষ৷৷
মোৰ বাক্যে এতিক্ষণে ক্রোধ পৰিহৰি৷
নগৰক লাগি লক্ষ্মী যাউক বাহুৰি৷৷ ৮৩
কালি প্ৰভাততে মই যাইবো সাৰে সাৰ৷
যাউক উলটি লক্ষ্মী বাক্য ৰাখি মোৰ৷৷
তোমাক লাগিয়া বস্তু পঠাই দিলা হৰি৷
হেন জানি লক্ষ্মী দেৱী কোপ পৰিহৰি৷৷ ৮৪
পালটিয়া যায়োক মাৱ হুৱা ৰঙ্গ মন৷
শুনি লক্ষ্মী পৰিচাক বুলিলা বচন৷৷
বস্তুৰ দুখীয়া মই যাদৱে জানিলা৷
এতেকেসে মোক লাগি দধি দুগ্ধ দিলা৷৷ ৮৫
যাদৱৰ বস্তুত মোহোৰ কাৰ্য্য নাই৷
ঘুনুচাক লাগি আৱে দিয়োক পঠাই৷৷
ঘৰ-বাৰী এৰি আইল ঘুনুচাৰ ঘৰে৷
আউৰ কাক চাইবে লাগি আসিবে নগৰে৷৷ ৮৬
যাদৱাৰ বাক্যে মোৰ গাৱ নুজুৰাই৷
গুচি আইল মোক শুদা গৃহতে পেলাই৷৷
আৰু যাদৱাত মোৰ কিবা আছে আশ৷
যাইবাক নলাগে যাদৱ মোৰ পাশ৷৷ ৮৭
নযাইবা নযাইবা আউৰ গৃহক দুনাই৷
মায়েকৰ ঘৰত থাকোক এহি ঠাই৷৷
চলি যাওঁ আমাসৱে আপুনাৰ ঘৰে৷
কৈৰ সেনাগণ লাগ লৈয়োক সত্বৰে৷৷ ৮৮
তেতিক্ষণে আসি নিসানত দিলা বাড়ী৷
লক্ষ্মীৰ কটক সৱে শুনিলেক সাৰি৷৷
লাগ লৈল আসি সৱে আথ-বেথ কৰি৷
চলি গৈলা লক্ষ্মী মাৱ আপুন নগৰী৷৷ ৮৯
ঘুনুচাৰ লোকসৱ যেন ধাতু আইল৷
দশো-দিশ হন্তে আসি নগৰ সোমাইল৷৷
কেহো বোলে এৰাইলোহো লৱৰৰ বলে৷
কেহো বোলে মোৰ মাত্ৰ বুৰিল কেৱলে৷৷ ৯০
কতো বোলে মোৰ মাত্ৰ ভাঙ্গিলেক ঘৰ৷
নিলেক সৰ্ব্বস্ব বুলি কান্দে কতো নৰ৷৷
কেহো বোলে লুৰিলেক ঐত মোক পাই৷
কেহো বোলে মোক নপাই মাৰিলে ভৈয়াই৷৷ ৯১
কেহো বোলে মোক নপাই মাৰিলে ছৱাল৷
কেহো বোলে ভাগ্যেসে এৰাইলো মঞি ভাল৷৷
কেহো বোলে মোৰ বস্তু নিলে এহি ঠাৱে৷
চোৱা চোৱা বুলি কতো পিঠিক দেখাৱে৷৷ ৯২
এহি বুলি নগৰীয়া ৰৈলা সেহি ঠাই৷
দৌলক বাহুৰি চলি গৈলা লক্ষ্মী আই৷৷
শীঘ্ৰে বেগে চলি গৈলা কৰি মহোৎসৱ৷
কতো বেলি পাইলা গৈয়া আপুনাৰ ঠাৱ৷৷ ৯৩
নাৰীগণে শুনিলা আসিল লক্ষ্মী আই৷
ঘট ডালি দীপ লৈয়া তেখনে বজাই৷৷
পৰম উৎসৱ কৰি চলিলা সাদৰি৷
দৌল লাগি আগ বাঢ়ি নিলেক আৱৰি৷৷ ৯৪
দৌলত পশিয়া লক্ষ্মী আনন্দ মিলাইল৷
যাদৱক লাগিয়া পঞ্চিশ ভোগ দিল৷৷
অনন্তৰে লক্ষ্মী মাৱে ভোজন কৰিলা৷
পদ্মচিনি পিঠা-পৰমান্নক ভুঞ্জিলা৷৷ ৯৫
পৰম উৎসৱে থাকিলন্ত সেহি ঠাৱ৷
এহিমানে থৈলো কথা লক্ষ্মীৰ প্ৰভাৱ৷৷
শুনা জগন্নাথ পাছে যি কৰ্ম্ম কৰিলা৷
সপ্তম দিৱস তৈতে কৌতুকে বঞ্চিলা৷৷ ৯৬
অষ্টম দিৱস ভৈল প্ৰভাত সময়৷
দৌলক লাগিয়া গৈল প্ৰভু কৃপাময়৷৷
শুনিয়োক নৰ-নাৰী কৰি স্থিৰ মন৷
জগন্নাথ-পুৰাণৰ কথা বিতোপন৷৷ ৯৭
নাৰদৰ আগে পূৰ্ব্বে ব্ৰহ্মায়ে কহিলা৷
জগন্নাথ যাতো ঘুঞ্চা-গৃহত চলিলা৷৷
মাধৱৰ পাদ-পদ্ম চিন্তিয়া মনত৷
মতি অনুসাৰে নিবন্ধিলো পদ যত৷৷ ৯৮
নিৱন্ধিলো পদ শ্লোক-অৰ্থ অৱগাই৷
নকৰিবা নিন্দা মোক শাস্ত্ৰক নচাই৷৷
আনো শাস্ত্ৰ মত আনি মিশ্ৰ কৰি মাজে৷
পদ্যাৰ্থে ৰচিলো যেৱে ববুজে সামৰাজে৷৷ ৯৯
শ্ৰীধৰ কন্দলি পদ কৰিল প্ৰচাৰ৷
ৰাম কৃষ্ণ বুলি তৰা দুৰ্ঘোৰ সংসাৰ৷৷ ১০০