ঘুনুচা-কীৰ্ত্তন : ৭ম কী : নমো দেৱ...

|| ঘোষা ||: 

 নমো দেৱ দায়াশীল

জগত-আধাৰ

দৈৱকী-নন্দন দেৱ৷

তোমাৰ চৰণে

পশিলো শৰণে

কৃপা কৰা প্ৰভু দেৱ৷৷  


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

অনন্তৰে দ্বাৰী পাছে দ্বাৰ পৰিহৰি৷

অভ্যন্তৰে চলি গৈল আতি শীঘ্ৰ কৰি৷৷

লক্ষ্মীৰ আগত কথা কহে হেঠ মাথে৷

দুৱাৰত ৰহিয়া আছন্ত জগন্নাথে৷৷ ১১৬

যেন লাগে মোক আজ্ঞা দিয়ো লক্ষ্মী আই৷

শুনি দেৱী মাতিলন্ত পৰিচাক চাই৷৷

লক্ষ্মীয়ে বোলন্ত শুনা শুনা মোৰ বাক৷

দ্বাৰ ছাড়ি আসিবে নেদিবা যাদৱাক৷৷ ১১৭

যাদৱায়ে আসিবে নলাগে মোৰ ঠাই৷

ঘুনুচাৰ বাৰী লাগি চলোক দুনাই৷৷

হেন শুনি দুৱাৰী ত্বৰিতে গৈলা চলি৷

দ্বাৰত ৰহিল গৈয়া বান্ধিয়া শিকলি৷৷ ১১৮

তাত পাছে প্ৰভু পৰিচাক আদেশিলা৷

দ্বাৰ ছাড়ি দেহ বুলি দ্বাৰীক মাতিলা৷৷

শুনি দ্বাৰী বোলে লক্ষ্মী দিয়া আছে হাক৷

দ্বাৰ ছাড়ি তই নেদিবিহি যাদৱাক৷৷ ১১৯

তাৱক্ষণে ঠাকুৰত জনায়োক যাই৷

দ্বাৰী দ্বাৰ নেদে বাধিলেক লক্ষ্মী আই৷৷

হেন শুনি কৃষ্ণে পাছে কৰি হেঠ মাথ৷

পৰিচাক আদেশ কৰিলা জগন্নাথ৷৷ ১২০

কহ গৈয়া লক্ষ্মী কিয় এত ক্রোধ কৰে৷

দ্বাৰমুখে ৰহি আছো মই নিৰন্তৰে৷৷

দ্বাৰ মেলি দিয়োক যাওঁ দৌলৰ ভিতৰে৷

ক্ষুধায়ে তৃষায়ে দুখে মোক আতি পীড়ে৷৷ ১২১

তাৱক্ষণে পৰিচা দৌলক গৈলা চলি৷

লক্ষ্মীৰ আগত কহে কৰি কৃতাঞ্জলি৷৷

নমো নমো লক্ষ্মী মাৱ হুয়োক প্ৰসন্ন৷

তোমাক লাগিয়া কৃষ্ণে বুলিলা বচন৷৷ ১২২

আঠ দিন ভৈল মই এৰি গৈলো সঙ্গ৷

এহিমানে আমাক ইমান কৰে খঙ্গ৷৷

দ্বাৰ ছাড়ি দিয়ো লক্ষ্মী কোপ পৰিহৰি৷

অভ্যন্তৰ লাগি চলি যাওঁ শীঘ্ৰ কৰি৷৷ ১২৩

হেন শুনি পৰিচাক মাতে লক্ষ্মী মাৱ৷

যাদৱাৰ বাক্যে মোৰ নুজুৰায় গাৱ৷৷

কথাকো নকৈল মোক গৈল পৰিহৰি৷

পৰৰ ভাৰ্য্যাক যেন পৰে যায় এৰি৷৷ ১২৪

যাদৱাৰ কথা মোত কহিবে নলাগে৷

অন্য যিবা কথা আছে কহ মোৰ আগে৷৷

মই বিনে যাদৱায়ে বঞ্চিবাক পাৰে৷

যাদৱা নভৈলে দিন নযায় কি আমাৰে৷৷ ১২৫

সুন্দৰী ৰমণী ভাৰ্য্যা পাইলন্ত যাদৱ৷

আউৰ কি লাগিয়া আসিবন্ত মোৰ ঠাৱ৷৷

ঘুনুচাৰ সম মই নোহো ৰূপৱতী৷

নাহি লাস-বেশ নোহো নাগেৰী যুৱতী৷৷ ১২৬

এতেকে আমাক তেজি গৈলন্ত আপুনে৷

দ্বাৰকাতে কত দুখ দিয়া আছে মনে৷৷

শিশুকাল হন্তে আল ধৰো যাদৱাৰ৷

তথাপিতো তান নভৈলোহো সুৱাগৰ৷৷ ১২৭

আৰু তান ভাল বেলাইবেক কোন নাৰী৷

ভাল বোলাইলেক এক ঘুনুচা সুন্দৰী৷৷

নাচাওঁ যাদৱাৰ মুখ নাসন্তোক হৰি৷

ঘুনুচাৰ বাৰী লাগি যায়োক বাহুৰি৷৷ ১২৮

হেন বাক্য বুলি লক্ষ্মী মৌন হুয়া ৰৈল৷

শুনিয়া পৰিচা তাৱক্ষণে চলি গৈল৷৷

কোপ-মনে লক্ষ্মী দেৱী বুলিলন্ত বাণী৷

ঠাকুৰৰ আগে সৱ কহিল কাহিনী৷৷ ১২৯

আশেষ কৰিলো মই লক্ষ্মীক প্ৰবোধ৷

তথাপি লক্ষ্মীৰ মনে নপলান্ত ক্রোধ৷৷

দ্বাৰ ছাড়ি তথাপি নেদন্ত লক্ষ্মী মাৱে৷

বোলে বাহুৰিয়া যাউক ঘুনুচাৰ ঠাৱে৷৷ ১৩০

লক্ষ্মীৰ বচন শুনি পাছে জগন্নাথ৷

লজ্জা বৰ হুয়া পাছে চপৰাইলা মাথ৷৷

সৰ্ব্বজনে শুনিলে লক্ষ্মীৰ কোপ-কাৰ্য্য৷৷

কাংস পৰি জীন গৈল সকল সমাজ৷৷ ১৩১

ভৈলেক মধ্যাহ্ন কাল বেলা ষোল দণ্ড৷

ভৈল ঘোৰ মহাৰৌদ্ৰ মিলিল প্ৰচণ্ড৷৷

ক্ষণো মেঘ দিয়া কৰে দেৱে বৰিষণ৷

চাপিবাক থান নপাৱন্ত প্ৰজাগণ৷৷ ১৩২

ক্ষুধায়ে তৃষায়ে পীড়া কৰে আতিশয়৷

ৰৌদ্ৰ-তাপে পোৰে কতো বৃষ্টিত তিতয়৷৷

মহা দুঃখ পায়া কতো প্ৰাণী বোলে বাক৷

আৱেসে উচিত দণ্ড কৰে যাদৱাক৷৷ ১৩৩

যাহাৰ প্ৰসাদে ত্ৰৈলোক্যৰ সুখ হোৱে৷

ব্ৰহ্মা মহেশ্বৰে যাক সৰ্ব্বদায়ে সেৱে৷৷

কৰযোৰ কৰি দেৱগণে আছে চাই৷

আমাৰ পাশক লক্ষ্মী আসন্তোক আই৷৷ ১৩৪

তেৱেসে ঐশ্বৰ্য্য মহা হৈবেক আমাৰ৷

এহি বুলি দেৱগণে বাঞ্ছয় অপাৰ৷৷

লক্ষ্মী বিনে সংসাৰত নাহিকে জীৱন৷

লক্ষ্মী নভৈলা হোৱে ত্ৰৈলোক্য উছন৷৷ ১৩৫

হেনয় ভাৰ্য্যাক পাছে পায়া যদুৰায়৷

তথাপিতো তাক এৰি চলে অন্য ঠাই৷৷

গাৱে নসহন্ত লক্ষ্মী মাৱে কৰে দণ্ড৷

লক্ষ্মীত যে দোষ নাহি যাদৱাসে মন্দ৷৷ ১৩৬

হেন কথা অন্যো-অন্যে সৰ্ব্বজনে কহে৷

ক্ষুধায়ে তৃষায়ে দেহা কাহাৰো নৰহে৷৷

পুনৰপি পৰিচাক পঠাইলা মাধৱে৷

তথাপিতো ক্রোধভাৱে নেৰে লক্ষ্মী মাৱে৷৷ ১৩৭

পাণ্ডাৰ উপৰি পাণ্ডা দিলন্ত পঠাই৷

নাসোক বিনাই আউৰ আন বাক্য নাই৷৷

এহিমতে যেৱে তিনি পৰ বহি গৈল৷

শুনিয়োক তাত পাছে যেন কথা ভৈল৷৷ ১৩৮

ঠাকুৰৰ পাশতে সুভদ্ৰা বৰনাৰী৷

ক্ষুধায়ে তৃষায়ে দুঃখ সহিত নপাৰি৷৷

মাতি আনি প্ৰবোধ কৰিলা পৰিচাক৷

শীঘ্ৰ কৰি পঠাই দিলা লক্ষ্মীৰ পাশক৷৷ ১৩৯

দ্বাৰ ছাড়ি দেওক লক্ষ্মী অভ্যন্তৰে যাওঁ৷

ক্ষুধায়ে তৃষায়ে মই বৰ দুখ পাওঁ৷৷

হেন শুনি পৰিচা ত্বৰিতে গৈল ধাই৷

লক্ষ্মীৰ আগত কথা কহন্ত বিনাই৷৷ ১৪০

সুভদ্ৰা মাতৃয়ে মোক দিলন্ত পঠাই৷

তোমাৰ ননন্দখানি দুঃখ বৰ পায়৷৷

ইবেলিসে চলি গৈলো যাদৱৰ সঙ্গ৷

কি কাৰণে লক্ষ্মীৰ আমাক লাগি খঙ্গ৷৷ ১৪১

ৰৌদ্ৰত শুকাই কতো বৃষ্টিত তিতয়৷

ক্ষুধায়ে তৃষায়ে দেহা অধিকে দহয়৷৷

বোলা মোক লক্ষ্মী শীঘ্ৰ দ্বাৰ দিওক মেলি৷

আপুন স্থানত মই শীঘ্ৰে যাওঁ চলি৷৷ ১৪২

যেন লাগে প্ৰবোধ দিয়োক লক্ষ্মী আই৷

শুনি লক্ষ্মী মাতিলন্ত পৰিচাক চাই৷৷

গালে হাত দিয়া লক্ষ্মী মাতিলন্ত পাছে৷

সুভদ্ৰা ননন্দ এভো দ্বাৰে বহি আছে৷৷ ১৪৩

ননন্দেও দুঃখ পাৱে সঙ্গে যাদৱাৰ৷

ই কি কথা মোত কহি আছে একবাৰ৷৷

আপুনিসে গৈল লৰি যাদৱাৰ সঙ্গে৷

ননন্দেয়ো দুঃখ পাৱে যাদৱাৰ খঙ্গে৷৷ ১৪৪

সুভদ্ৰা পাইলেক দুঃখ দোষ ভৈল মোৰ৷

দ্বাৰ ছাড়ি দিয়ো দ্বাৰী আসোক সত্বৰ৷৷

শুনিয়া পৰিচা পাছে শীঘ্ৰে গৈল চলি৷

দ্বাৰীত কহিলা গৈয়া দ্বাৰ দিয়ো মেলি৷৷ ১৪৫

সুভদ্ৰাত জনাইলেক দ্বাৰ দিলে এৰি৷

শুনিয়া শুভদ্ৰা তাৱক্ষণে গৈলা লৰি৷৷

আপনাৰ গৃহত পশিল বিদ্যমান৷৷

সুভদ্ৰাৰ কথা আৱে থওঁ এহিমান৷৷ ১৪৬

অনন্তৰে বলভদ্ৰ বুদ্ধিত সুজান৷

দেখিলা আছয় বেলি ছয় দণ্ড মান৷৷

কেন দুঃখ পাওঁ মই বলোৱে বোলয়৷

পঠাইলেক পৰিচাক লক্ষ্মীৰ আলয়৷৷ ১৪৭

কহ গৈয়া লক্ষ্মী মোক দ্বাৰ দিয়ো মেলি৷

শুনিয়া পৰিচা তাৱক্ষণে গৈলা চলি৷৷

লক্ষ্মীৰ আগত কথা কহিলা নিঃশেষ৷

অকাৰণে লক্ষ্মী মোক মনে কৰে দ্বেষ৷৷ ১৪৮

মোক কেনে যাইবাক নেদন্ত লক্ষ্মী আই৷

যাদৱাত পৰে মোত কিছু দোষ নাই৷৷

নেৰিল হঠাতে মই গৈলো তান সঙ্গ৷

তাতে লক্ষ্মী মোক এতমান কৰে খঙ্গ৷৷ ১৪৯

ক্ষুধায়ে তৃষ্ণায়ে তনু কাম্পে আতি মোৰ৷

যত দুঃখ পাইলো মই কৈয়া নপাওঁ ওৰ৷৷

দ্বাৰ ছাড়ি দিয়ন্তোক দৌল লাগি যাওঁ৷

ঘোৰ ৰৌদ্ৰ বৃষ্টি বাতে বৰ দুঃখ পাওঁ৷৷ ১৫০

পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মাৱে৷

গালে হাত দিয়া বসিলন্ত লজ্জাভাৱে৷৷

কিনো মই মন্দ নাৰী বোলাইলো জগতে৷

যাদৱাৰ গুণে দুঃখ পাইল জেঠালতে৷৷ ১৫১

মই আজি লজ্জা পাইলো যাদৱাৰ গুণে৷

জেঠালেতো মোক ভাল নুবুলিবে মনে৷৷

যি হৌক সি হৌক পাছে দ্বাৰ দিয়ো মেলি৷

বলোত জনাইলা কথা কৰি কৃতাঞ্জলি৷৷ ১৫২

তোমাক যাইবাক দ্বাৰ দিলা লক্ষ্মী মাৱ৷

শুনি বলভদ্ৰ ভৈল আনন্দিত ভাৱ৷৷

তাৱক্ষণে বলভদ্ৰ গৈলা অভ্যন্তৰে৷

থাকিলন্ত বলভদ্ৰ আপুনাৰ ঘৰে৷৷ ১৫৩

বলভদ্ৰ কথা আৱে এহিমানে থওঁ৷

শুনা আতপৰে কথা যেন ঠান কওঁ৷৷

অনন্তৰে মনে বিমৰিষি যদুৰায়৷

পুনৰপি পৰিচাক দিলন্ত পঠাই৷৷ ১৫৪

শীঘ্ৰ বেগে পাণ্ডা গৈয়া হুয়া অৱনত৷

কৰপুট কৰি কহে লক্ষ্মীৰ আগত৷৷

লক্ষ্মীকেসে দিয়া গৈলো যত ধন-বিত৷

তথাপিতো মোক কোপ কৰে বিপৰীত৷৷ ১৫৫

দিন বহি গৈল ভৈল সূৰ্য্য অৱসান৷

ক্ষুধায়ে তৃষ্ণায়ে মোৰ যেন ফুটে প্ৰাণ৷৷

দ্বাৰ ছাড়ি দেওক লক্ষ্মী নকৰি আক্রোশ৷

ইবাৰ জানিবা সৱে মোৰ ভৈল দোষ৷৷ ১৫৬

আউৰ গৃহ ছাড়ি মই নযাওঁ নযাওঁ৷

শুনিয়ো পৰিচা তুমি এহি কথা কৈয়ো৷৷

এহিবাৰে কথা যদি সত্য নপাই মোৰ৷

আৰু বাৰ গৈলে মোক নেদিবে দুৱাৰ৷৷ ১৫৭

এহিমতে পৰিচাক দিলন্ত পঠাই৷

দ্বাৰ ছাড়ি প্ৰভুক দিয়োক লক্ষ্মী আই৷৷

হেন শুনি লক্ষ্মী মাৱে বুলিলা বচন৷

যাদৱায়ে মোক আৱে দিয়া গৈল ধন৷৷ ১৫৮

মুখত মধুৰ তান কপট হৃদয়৷

বচনেক কৈলে মুখে ধন নাহি হয়৷৷

চৈত্ৰ মাসে তান ভাই গোৱিন্দ ঠাকুৰ৷

পুষ্প-চোৰ পৰি গৈল মালীয়াৰ ঘৰ৷৷ ১৫৯

তাক দণ্ড কৰি তিনি শত টকা লৈল৷

মোক নেদি সিটো টকা কাক লাগি নিল৷৷

পৰিচায়ে বোলে আই তুমি মহাভাগী৷

প্ৰভু বোলে তাক থৈছো লক্ষ্মীকেসে লাগি৷৷ ১৬০

লক্ষ্মী বোলে যদি মোক লাগি থৈয়া আছে৷

দিয়া পঠায়োক নপাইবোহো তাক পাছে৷৷

তাৱক্ষণে পৰিচায়ে কৃষ্ণক জনাইলা৷

তোমাক লাগিয়া প্ৰভু কথা এক কৈলা৷৷ ১৬১

গোৱিন্দ প্ৰভুক চোৰ পায়া স্বৰূপত৷

বন্দী কৰি লৈয়া আছে টকা তিনি শত৷৷

মোহোক লাগিয়া পঠাই দিলো সিটো ধন৷

শুনি হাস্য কৰি প্ৰভু বুলিলা বচন৷৷ ১৬২

লক্ষ্মীকেসে লাগি তাক থৈয়া আছো সাঞ্চে৷

লক্ষ্মী বিনে আন মোৰ কোন প্ৰিয়া আছে৷৷

হাস্য কৰি দিলা পাছে টকা তিনি শত৷

তাৱক্ষণে বাকি দিলা ৰূপৰ থালত৷৷ ১৬৩

লক্ষ্মীক দিয়োক বুলি আদেশ কৰিলা৷

আতি শীঘ্ৰে পৰিচা লক্ষ্মীৰ হাতে দিলা৷৷

লক্ষ্মীৰ আগত থৈয়া মাতন্ত বিনাই৷

ধন দিয়া পঠাইলন্ত মোক যদুৰায়৷৷ ১৬৪

ধন দেখি হাস্য কৰিলন্ত লক্ষ্মী মাৱে৷

ইটো ধন মোক লাগি থৈয়াছে যাদৱে৷৷

ঠাকুৰৰ বাক্য সঞ্চা পাইলোহো ইবাৰ৷৷

দৌল লাগি আসন্তোক ছাড়ি দিয়ো দ্বাৰ৷৷ ১৬৫

শুনি ৰঙ্গে পৰিচা ত্বৰিতে গৈয়া চলি৷

দ্বাৰীত জনাইল গৈয়া দ্বাৰ দিয়ো মেলি৷৷

ঠাকুৰত বাৰ্ত্তা গৈয়া দুৱাৰী জনাই৷

তোমাক যাইবাৰ আজ্ঞা দিলা লক্ষ্মী আই৷৷ ১৬৬

হেন শুনি ঠাকুৰৰ আনন্দ মিলিল৷

দশোদিশে প্ৰজাগণে জয় জোকাৰিল৷৷

নানা বাদ্য-ভাণ্ড কৰে প্ৰজায়ে সকল৷

দশোদিশে ছানি কৰে জয় সুমঙ্গল৷৷ ১৬৭

উৰুলি-জোকাৰ ৰঙ্গে দেই ঘনে ঘন৷

পৰিচাসকলেল কৰে কৃষ্ণৰ কীৰ্ত্তন৷৷

সন্ধ্যা সময়ত কৰি অনেক উৎসৱ৷

দ্বাৰৰ ভিতৰ গৈয়া পাইলন্ত মাধৱ৷৷ ১৬৮

আসিলন্ত প্ৰভু লক্ষ্মী দেখি হাস্য কৰি৷

কৃষ্ণক সাদৰি আসিলন্ত আগ বাঢ়ি৷৷

নিজ থানে থৈল নিয়া অনেক আশ্বাসি৷

থাকিলন্ত লক্ষ্মী দেৱী কৃষ্ণক উপাসি৷৷ ১৬৯

পঞ্চাষ ভোগক পাছে দিলা ভাৱে ভাৱে৷

পৰম কৌতুকে ভোগ ভুঞ্জিলা যাদৱে৷৷

পৰিচাৰ পাণ্ডা মানে গৈলা থানে থানে৷

দৌলত থাকিলা প্ৰভু আতি ৰঙ্গ মনে৷৷ ১৭০

জগন্নাথ-পুৰাণৰ ইটো কথা সাৰ৷

নিন্ধিলো পদ অৰ্থ কৰিয়া বিচাৰ৷৷

শুনা নৰ-নাৰী লোক আন কাম হেলি৷

ঘুনুচাৰ সঙ্গে যাদৱাৰ যাত্ৰা-কেলি৷৷ ১৭১

কৃষ্ণ বিনে গুৰু গতি দাতা নাহি আন৷

এক-চিত্ত-মনে কৰা হৰি-পদ ধ্যান৷৷

হৰি-ভক্তি বিনে আয়ু যায় আলে-জালে৷

উমান নপাইবা কেতিক্ষণে ধৰে কালে৷৷ ১৭২

কলি-কালে অল্প আয়ু পাইলে সৱ নৰ৷

ছকুৰি শতেক ষষ্টি পঞ্চাশ বৎসৰ৷৷

আত পৰে কলিত অধিক আয়ু নাই৷

পাতকৰ বলত ইহাৰো ক্ষয় যায়৷৷ ১৭৩

এহি ছয় ভাগ আয়ু কলি-কালে দেখা৷

টুটয়-বাঢ়য় তাতে যমে কৰে লেখা৷৷

যেতিক্ষণে মাতৃ-গৰ্ভে শৰীৰক ধৰে৷

আয়ু টুটন্তেসে যায় মনত নধৰে৷৷ ১৭৪

এহিমতে আয়ু যায় সমস্তে লোকৰ৷

শৰীৰ বাঢ়ন্ত দেখি হৰিষ সৱাৰ৷৷

মাৱৰ গৰ্ভত যেতিক্ষণে লৱে ঠাই৷

সেহিক্ষণ হন্তে আয়ু টুটন্তেসে যায়৷৷ ১৭৫

দিন পক্ষ মাস ভেদ যাৱে গণি চাৱে৷

দশ মাস দশ দিনে গৰ্ভৰ বজাৱে৷৷

দিনে দিনে কায়া বাঢ়ে দুৰ্ঘোৰ মায়ায়ে৷

আয়ু যায় বুলিয়া চেতন নাহি গাৱে৷৷ ১৭৬

এড়ি আন বৃথা কথা হুয়ো শুদ্ধমতি৷

সততে চিন্তিয়ো আত্মা কৃষ্ণত ভকতি৷৷

নমো নাৰায়ণ তযু চৰণ-যুগল৷

ইবাৰ আমাৰ জন্ম নকৰা বিফল৷৷ ১৭৭

নজানো তোমাৰ স্তুতি মই মূঢ়মতি৷

নকৰা বঞ্চিত প্ৰভু ইবাৰ সম্প্ৰতি৷৷

দুঃখৰ কৰুণানিধি কৃপাৰ সাগৰ৷

মই দুঃখিতক কৃপা কৰা দামোদৰ৷৷ ১৭৮

যেনমতে তৰো ইটো দুৰ্ঘোৰ সংসাৰ৷

পুনু  যেন জন্ম মৃত্যু নাহিকে আমাৰ৷৷

এহিমানে কৃপা কৰা প্ৰভু দেৱ হৰি৷

নমো নমো কৃষ্ণ তযু চৰণত ধৰি৷৷ ১৭৯

শ্ৰীধৰ কন্দলি কহে কৃষ্ণৰ বিজয়৷

আৰু এক মনে যিটো শুনয় ভণয়৷৷

কৃষ্ণৰ বিজয় ইটো শুনা ৰঙ্গ মনে৷

ৰাম কৃষ্ণ বুলি চলা বৈকুণ্ঠ-ভুৱনে৷৷ ১৮০

৷৷ ঘুনুচা-কীৰ্ত্তন সমাপ্ত৷৷