ঘুনুচা-কীৰ্ত্তন : ৩য় কী : জয় হৰি জগন্নাথ...

|| ঘোষা ||: 

৷৷ জয় হৰি জগন্নাথ           চৰণত শৰণ তোহ্মাৰ৷

যেন হওঁ সংসাৰত পাৰ৷৷

 


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এহিমতে ৰঙ্গে-ঢঙ্গে           ঘুনুচা নাৰীৰ সঙ্গে

আনন্দে আছন্ত যদুৰায়৷

ছয় দিন বহি গৈল             ৰজনী প্ৰভাত ভৈল

নাসিলন্ত যাদৱ দুনাই৷৷

হেন দেখি লক্ষ্মী মাৱ        মনে কৰি ক্রোধ ভাৱ

আদেশিলা পৰিচাসৱক৷

সাজিয়ো শকটখান           কালি পুহা বিদ্যমান

যাইবো মই কৃষ্ণৰ পাশক৷৷ ৪৮

যাইবো যাদৱাৰ পাশে       আউৰ ঐক আসে নাসে

আষাৰেক মই পুছি চাওঁ৷

ঘুনুচা মাৱৰ ঠাই              ৰৌক ৰঙ্গে দামোদৰে

মই লোক-দুৰ্যশ এৰাওঁ৷৷

এহিমতে লক্ষ্মী মাৱে         মনত বৈৰাগ্যভাৱে

পৰিচাসৱক আদেশিলা৷

শুনিয়া পৰিচাসৱে            পৰম আনন্দভাৱে

ঝাণ্টে গৈয়া শকট যুৰিলা৷৷ ৪৯

লৱৰা-লৱৰি কৰি            সাত পাঞ্চে হাতে ধৰি

সাজিলন্ত শকট ত্বৰিত৷

ভোজনৰ বস্তু মানে          থৈলা সৱে থানে থানে

দধি দুগ্ধ গুড় পঞ্চামৃত৷৷

ৰজনী প্ৰসন্ন ভৈলা            সাঞ্জ কোবাইবাক লৈলা

পূবে ভৈল অৰুণ উদয়৷

পৰিচাসকলে জানি           শকট যোগাইলা আনি

কাছ-পাৰ কৰি আতিশয়৷৷ ৫০

হেন দেখি লক্ষ্মী সতী        কাছ-পাৰ কৰি আতি

শকটত চড়ি তাৱক্ষণ৷

এতিক্ষণে ৰাজবাটে           শকট চলোক ঝাণ্টে

পৰিচাক বুলিলা বচন৷৷

আছে মোৰ যত লোক       কেহো ঐত নথাকোক

চলি যান্ত সঙ্গতে আমাৰ৷

ঘুনুচা-নগৰ আজি            সমদলে যাইবো সাজি

নগৰক কৰিবো উজাৰ৷৷ ৫১

শুনিয়া পৰিচাগণে            পৰম আনন্দ মনে

শকট চলাইলা সেহি ছেগে৷

চলিলন্ত লক্ষ্মী আই           কিঞ্চিতেকো শঙ্কা নাই

বলাইলা শকট বায়ু-বেগে৷৷

ৰঙ্গ কৰি ঠাৱে ঠাৱে         ঢাক-ঢোল ভেরী বাৱে

কাহালী মহৰী কৰতাল৷

চলি যায় সৱে নৰে           লৱৰা-লৱৰি কৰে

ৰঙ্গে কতো নচুৱাৱে গাউল৷৷ ৫২

হেৰা আসি পাইলো বুলি     কৰি যায় হুলাহুলি

সৰ্ব্বলোকক পৰম আটোপে৷

অনন্তৰে লক্ষ্মী আই          পৰিচাসৱক চাই

মাতিলন্ত মাধৱত কোপে৷৷

দেখা দেখা সৰ্ব্বজনে         বিচাৰ কৰিয়া মনে

কিনো দোষ দিবাহা আমাৰ৷

একগোটা তিৰী পাই          ভোল ভৈলা যদুৰায়

এৰিলেক ঘৰ আপুনাৰ৷৷ ৫৩

ষোড়শ বৎসৰ মানে         ভাৰ্য্যা নাপাই একোথানে

ফুৰিল বৰলা-ভাত খাই৷

উপায় কৰিয়া পাছে          আসি যাদৱাৰ কাছে

মই পুনু ধৰিলো চপাই৷৷

মই বিনে ভিঠি নাই          তথাপিতো যদুৰায়

মোক ভাল মনত নমানি৷

টেটোন যুৱাৰ নয়            আৱে মোক নোসোধয়

পাইল ভাৰ্য্যা নাগেৰী ডাকিনী৷৷ ৫৪

ডাকিনীয়ে তাৱক্ষণে         মোহোক ভাণ্ডিয়া মনে

যাদৱাক পাইলেক বৈসুধা৷

আপুনাৰ দৌল ছাড়ি         গৈল মোক পৰিহৰি

মায়েকৰ শুনিলেক বাধা৷৷

যুৱা কাল বহি গৈল           বয়সতো বৃদ্ধ ভৈল

তথাপিতো তিৰীকেসে মন৷

পুনু পুনু দেৱোঁ হাক           নুশুনয় মোৰ বাক

কিনো ভৈল লুভীয়া টেটোন৷৷ ৫৫

বেঢ়ি হাসে সামৰাজ          তথাপি নাহিকে লাজ

কতনো সহিবো আহুকাল৷

যাদৱাৰ মুখ চাই              থাকো বান্দী-ভাত খাই

আত কৰি সেহি বৰ ভাল৷৷

কিন্তু লোকে হাসিবেক       নোসোধয় পৈয়েকক

দম্ভ কৰিলেক তিৰী হুই৷৷

এতেকেসে চলি যাওঁ          আসে নাসে পুছি চাওঁ

সতিনীৰ মাথে দেওঁ জুই৷৷ ৫৬

আজি গৈয়া লাগ পাইবো                সতিনীৰ মুণ্ড খাইবো

কৰিবো উচিত যাদৱাৰ৷

এহি বুলি যান্ত চলি            দণ্ড ছয় ভৈল বেলি

নগৰৰ পাইলন্ত দুৱাৰ৷৷

শুনিয়োক সৰ্ব্বলোক         সুখে মোক্ষ সাধিয়োক

এৰি সৱে ভাস-ভুস কাম৷

দুৰ্ঘোৰ সংসাৰ হেলি          বৈকুণ্ঠক যাইবা চলি

নিৰন্তৰে বোলা ৰাম ৰাম৷৷ ৫৭