|| পদ ||:
শুনা সৰ্ব্বজনে আত অনন্তৰে
যেন ঠান কথা ভৈল৷
কৃষ্ণৰ আদেশে লক্ষ্মী তাৱক্ষণে
দৌল লাগি চলি গৈল৷৷
নগৰীয়া গণে হুয়া ৰঙ্গ মনে
থাকিলা আপুন ঠাৱে৷
জগন্নাথে ৰঙ্গে ঘুনুচাৰ সঙ্গে
আছিলা আনন্দভাৱে৷৷ ১০১
ঘুনুচাৰ আগে প্ৰভু জগন্নাথে
বুলিলা মৃদু বচনে৷
তুমি থাকা ঐত কালি প্ৰভাতত
মই যাওঁ নিজ ভুৱনে৷৷
ঘুনচায়ে শুনি হেঠ মাথে গুণি
অসন্তোষে নম্ৰভাৱে৷
গদগদ বাক্যে বুলিবে লাগিলা
মাধৱৰ ধৰি পাৱে৷৷ ১০২
নমো জগন্নাথ ত্ৰিদশৰ নাথ
মই যে বৰ দুখিনী৷
দিন কতিপয় থাকা কৃপাময়
কৰা কৃপা যদুমণি৷৷ ১০৩
নাহি পিতৃ-আই নাহি মোৰ ভাই
সৱে গৈল পৰলোক৷
ইসৱ সমস্তে তোহ্মাৰ পাৱত
অৰ্পিয়া গৈলেক মোক৷৷
তোমাৰ চৰণে কায়-বাক্য-মনে
পশিলো মই শৰণ৷
তুমিও আৱেসে মোক তেজি যোৱা
কাহাত জুৰাইবো মন৷৷
হেৰা আসো বুলি বৎসৰেক অন্তে
আসিলা মোৰ নগৰী৷
টাটকীয়া যেন টাটক দেখায়া
কেনে যাহা পৰিহৰি৷৷ ১০৪
নিষ্ফল জীৱন যিটো নাৰীগণ
স্বামীৰ নাহি মিলন৷
সমস্তে কহয় ৰমণীৰ গতি
স্বামীৰ পদ-অৰ্চ্চন৷৷
নেৰিবো ইবাৰ চৰণ তোমাৰ
থাকা প্ৰভু এহি স্থান৷
যদি মোক তেজি যাহা প্ৰভু আজি
তেজিবো এথাতে প্ৰাণ৷৷ ১০৫
এৰি গৈলে মোক হাসিবেক লোক
ঘুনুচাক দুষ্টা জানি৷
গৃহক আসিয়া গৈলেক এৰিয়া
কি কাৰণে চক্রপাণি৷৷
হেন বাণী বুলি ঘুনুচা সুন্দৰী
কৃষ্ণৰ পৰিয়া পাৱে৷
হুমহুম কৰি কান্দিবে লাগিলা
মনে অসন্তোষ ভাৱে৷৷ ১০৬
নয়নৰ জলে তিয়াইল সকলে
প্ৰভুৰ দুই চৰণ৷
দেখি দেৱ হৰি ঘুনুচাক ধৰি
বুলিলা মৃদু বচন৷৷
মাধৱে বোলন্ত ঘুনুচা সুন্দৰী
এৰা অসন্তোষ ভাৱ৷
তুমি মোৰ জায়া আতি মোৰ দায়া
আসি আছো তযু ঠাৱ৷৷ ১০৭
লক্ষ্মীয়ো যেনয় তুমিয়ো তেনয়
নাহি কিছু ভিন্ন ভাৱ৷
লক্ষ্মীৰ পাশত থাকো যেন মত
থাকোহো তোমাৰ ঠাৱ৷৷
লক্ষ্মীৰ যতেক ধন-জন-গৃহ
সৰ্ব্বস্ব দৌল ভণ্ডাৰ৷
আনো বস্তু যেন এহি নগৰত
সমস্ত আছে তোমাৰ৷৷ ১০৮
সৰ্ব্বকালে মোৰ তোমাকেসে স্নেহ
লক্ষ্মীতো কৰি অধিক৷
হেন জানি সতী হুয়ো শান্তমতি
অসন্তোষ কৰা কিক৷৷
সাতদিন ভৈল দৌল ছাড়ি আইলো
আমাৰ মনে আকুলে৷
উৰ-বুৰ কৰি যাইবে লাগে মোৰ
ইহাতে অকাৰ্য্য মিলে৷৷ ১০৯
হুয়া শান্ত মন থাকা এহি স্থান
আসিবো মই দুনাই৷
কিন্তু এতিক্ষণে দৌল লাগি যাওঁ
সিটো মোৰ নিজ ঠাই৷৷
আনো নানামত বুলিলা বচন
ঘুনুচাক শান্ত কৰি৷
প্ৰভাত সময় জানি কৃপাময়
গাৱ চালিলন্ত হৰি৷৷ ১১০
দেখি দশোদিশে পৰম হৰিষে
নিসানত দিল বাড়ি৷
শকটত চৰি প্ৰভু গৈল লৰি
ঘুনুচাৰ পাশ ছাড়ি৷৷
বলো সুভদ্ৰায়ে সহিতে যাদৱ
চলি যান্ত কৌতূহলে৷
পৰম আনন্দে গোৱালে শকট
টানিবাক লৈলা বলে৷৷ ১১১
কৃষ্ণৰ সঙ্গত আছে প্ৰাণী যত
উৎসৱে কীৰ্ত্তন কৰে৷
চলি গৈল প্ৰভু শকটত চড়ি
আপুনাৰ নিজ ঘৰে৷৷
ঘোড়াক ছুটিয়ে ৰথক চলাৱে
কিঞ্চিতেকো মিছা নাই৷
দণ্ড চাৰি বেলা ভৈল মাত্ৰে গৈয়া
নগৰ পাইল দুনাই৷৷ ১১২
প্ৰভু আসিবাৰ দেখিয়া আনন্দ
ভৈল সৱে নৰ-নাৰী৷
আনন্দ অশেষ কৰিলা নিশেষ
কৃষ্ণক ৰঙ্গে আৱৰি৷
পদূলি পদূলি তোৰণ পুতিলা
তুলি থৈল ঘট জল৷
উৰুলি-জোকাৰ সিঞ্চে দুৰ্ব্বাক্ষত
ঘটৰ উপৰে ফল৷৷ ১১৩
সকল প্ৰজায়ে হৰি হৰি ডাকে
পঢ়ে জয় সুমঙ্গল৷
নানা ভঙ্গি-ভাৱে জয়ধ্বনি ৰাৱে
লঙ্ঘিলেক স্বৰ্গ কোল৷৷
এহিমতে পাছে প্ৰভু জগন্নাথে
উৎসৱ কৰিয়া যায়৷
দৌলৰ দ্বাৰত শকট সহিতে
গৈল প্ৰভু যদুৰায়৷৷ ১১৪
দৌল-দ্বাৰ পাই শকট ৰখাই
ৰৈল তৈতে যদুপতি৷
নৰ-নাৰী যত পৰিচা সমস্ত
বেঢ়িয়া ৰৈল চৌভিতি৷৷
দেখিয়া দুৱাৰী লৰি তাৱক্ষণে
লক্ষ্মীত জনাইলা যাই৷
শুনা সৰ্ব্বজন কেদিন জীৱন
কেতিক্ষণে প্ৰাণ যায়৷৷
নজানি অতিথি মিলিত দুৰ্গতি
কৃষ্ণ বিনে বন্ধু নাই৷
এৰা আন কাম ডাকি ৰাম ৰাম
চলিয়ো বৈকুণ্ঠ ঠাই৷৷ ১১৫