ঘুনুচা-কীৰ্ত্তন : ২য় কী : জগন্নাথ হৰি...

|| ঘোষা ||: 

৷৷ জগন্নাথ হৰি নিয়ো দাস কৰি৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

এহিমতে জগন্নাথ যায় দৌল ছাড়ি৷

কৌতুকতে চলি যান্ত ঘুনুচাৰ বাৰী৷৷

গোপগণে শকট আজুৰি নেই বলে৷

কীৰ্ত্তন কৰিয়া যায় পৰিচাসকলে৷৷ ১৭

উৎসৱ কৰিয়া যায় পাণ্ডা নিৰন্তৰ৷

আত অনন্তৰে প্ৰভু জগত-ঈশ্বৰ৷৷

বেলা ভৈল প্ৰহৰেক দেখি দেৱ হৰি৷

লাগি গৈল ক্ষুধা তনু কাম্পে তৰতৰি৷৷ ১৮

ৰহিল শকটখান আগক নচলে৷

শৰীৰৰ বল দিয়া আজোৰে গোৱালে৷৷

মনে জিজ্ঞাসিয়া পাছে পৰিচাসকল৷

জানিলেক ফলাহাৰ বেলা আসি ভৈল৷৷ ১৯

অনন্তৰে দধি-দুগ্ধ ঘন-ক্ষীৰ ঘৃত৷

দিব্য পদ্মচিনি চিৰা গুড় পঞ্চামৃত৷৷

আনো নানা ভোগ্য বস্তু আন উপহাৰ৷

আনন্দে কৃষ্ণক কৰাইলন্ত ফলাহাৰ৷৷ ২০৷

সুৱৰ্ণ ভৃঙ্গাৰ ধৰি মুখ পখালিলা৷

কৰ্পূৰ তাম্বুল আনি মুখ-শুদ্ধি দিলা৷৷

ফলাহাৰ কৰি তুষ্ট ভৈলা দেৱ হৰি৷

চলিল শকটখান মহা শীঘ্ৰ কৰি৷৷ ২১

লৱৰা-লৱৰি কৰি চলি দূতগণ৷

পৰম উৎসৱে কৰে হৰিৰ কীৰ্ত্তন৷৷

এহিমতে চলি যান্ত জগত-ঈশ্বৰ৷

দিবা-অৱসানে পাইল ঘুনুচাৰ ঘৰ৷৷ ২২

যদ্যপি ঘুনুচা-বাৰী দণ্ড দুইৰ পথ৷

তথাপি দিনেক তাত গৈল জগন্নাথ৷৷

ইন্দ্ৰদ্যুম্ন ৰাজা পূৰ্ব্বে মহোৎসৱ কৰি৷

কৃষ্ণক দৌলত নিয়া থাপিলা সাদৰি৷৷ ২৩

ঘুঞ্চা নামে জীউখানি সৰ্ব্ব সৌভাগিনী৷

কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি৷৷

সৰ্ব্ব-সুলক্ষণী কন্যা গুণৰ ভাণ্ডাৰ৷

সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী-অৱতাৰ৷৷ ২৪

কৃষ্ণৰ পৰম প্ৰিয়া ঘুনুচা সুন্দৰী৷

তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি৷৷

অনন্তৰে তৈতে ঘুনুচায়ো বাৰ্ত্তা পাইলা৷

আমাৰ পাশক আজি কৃষ্ণ চলি আইলা৷৷ ২৫

শুনি আতি মহাৰঙ্গ পাইলন্ত সুন্দৰী৷

পৰিচাসৱক পঠাই দিলা শীঘ্ৰ কৰি৷৷

আগ বাঢ়ি কৃষ্ণক আনিয়ো এহি ঠাৱ৷

শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ৷৷ ২৬

নানা বস্ত্ৰ-অলংকাৰ পিন্ধি নাৰী-নৰ৷

যাদৱক আগ বাঢ়ি চলিলা সত্বৰ৷৷

কেহো শুক্ল চামৰক লৈয়া শ্বেত ছত্ৰ৷

পৰম উৎসুকে চলে লৈয়া দিব্য বস্ত্ৰ৷৷ ২৭

কেহো দধি দুগ্ধ কতো পঞ্চামৃত লৈয়া৷

চলে নৰ-নাৰী কতো চিনি ঘৃত লৈয়া৷৷

হস্তী  ঘোঁৰা শকট চলিলা বহুতৰ৷

বাঘ ঘোঙ্গ উট খৰ পশু নিৰন্তৰ৷৷ ২৮

আনো যত প্ৰজা আছে ঘুনুচা-নগৰে৷

বীৰ সাধু যোগী ভিক্ষু ধনী নিৰন্তৰে৷৷

বৃত্তিয়ালসৱো চলি গৈলা মহাৰঙ্গে৷

বীণা বংশী শঙ্খ তাল-যন্ত্ৰ লৈয়া সঙ্গে৷৷ ২৯

অসংখ্যাত দিব্য নাৰী যুৱতী বিশেষ৷

অলঙ্কাৰে মণ্ডিয়া ভূষিত কৰি দেহ৷৷

লৈয়া ডালি ফল ঘট কৰি সুমঙ্গল৷

কৃষ্ণক বঢ়াইবে আগ চলিলা সকল৷৷ ৩০

ৰাজ-পথ-গোট লিপি সুগন্ধি চন্দনে৷

পদূলি পদূলি কল ৰুইলা ৰঙ্গ মনে৷৷

দুৰ্ব্বাক্ষত সিঞ্চি পূৰ্ণ ঘটক স্থাপিলা৷

উপৰত আমডালি পুষ্পসাৰি দিলা৷৷ ৩১

এহিমতে নানাবিধ কৰি সুমঙ্গল৷

আগ বাঢ়িবাক প্ৰজা চলিলা সকল৷৷

পৰম উৎসৱ কৰি হৰি-গুণ গাই৷

কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই৷৷ ৩২

অনন্তৰে প্ৰজাগণে হুয়া এক স্থান৷

উৎসৱে কৰিবে লৈলা কৃষ্ণৰ কীৰ্তন৷৷

বাৱে ঢাক-ঢোল ভেৰী মৃদঙ্গ খঞ্জৰী৷

তাল-কৰতাল বাৱে কৃষ্ণক আৱৰি৷৷ ৩৩

খোল ৰুদ্ৰ-কবিলাস বাৱে স্বৰ তুলি৷

উৎসৱ কৰি বাৱে জয় কৃষ্ণ বুলি৷৷

জুমা-জুমি কৰি গাৱে কৃষ্ণৰ কীৰ্ত্তন৷

উৰুলি-জোকাৰ ৰঙ্গে দেই ঘনে ঘন৷৷ ৩৪

ভকতিৰ প্ৰেম-ৰসে কেহো নৃত্য কৰে৷

চাপৰি চাপৰি কতো জুপি জুপি ফুৰে৷৷

লৱৰা-লৱৰি কৰি হোৱে আগ-পাছ৷

উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাছ৷৷ ৩৫

কেহো ধূপ দীপক জ্বালিয়া হাতে লয়৷

ডেৱ পাৰি পাৰি আতি আনন্দে নাচয়৷৷

সিঞ্চে কেহো ফাঁকু-গুড়া দুৰ্ব্বাক্ষত মাথে৷

কীৰ্ত্তন কৰিয়া নাচে উপৰক হাতে৷৷ ৩৬

এহিমতে প্ৰজাগণ হুয়া ৰঙ্গ মন৷

উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তন৷৷

ইন্দ্ৰৰ ভুৱনে শুনি ধ্বনি কীৰ্ত্তনৰ৷

যাত্ৰা-মহোৎসৱ কি কহিবো যাদৱৰ৷৷ ৩৭

নাহি নুপজিব হেন যাত্ৰা-মহোৎসৱ৷

হেন জগন্নাথ প্ৰভু হুয়াছে উদ্ভৱ৷৷

অনন্তৰে পৰিচায়ে কৃষ্ণত জনাইলা৷

আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ডা আইলা৷৷ ৩৮

হেন শুনি মহাৰঙ্গ ভৈলা দেৱ হৰি৷

চলিল শকট খান ঠক ঠক কৰি৷৷

চলি যান্তে জগন্নাথ হৰষিত মন৷

উৎসৱে চলন্ত প্ৰজা কৰিয়া কীৰ্ত্তন৷৷ ৩৯

এহিমতে চলে ৰঙ্গে প্ৰভু নাৰায়ণ৷

ঘুনুচাৰ বাৰী পাইলা গৈয়া কতোক্ষণ৷৷

যত প্ৰজা গৈয়া আছে কৃষ্ণৰ লগত৷

সৱাকো নিয়মি প্ৰভু থৈলা নগৰত৷৷ ৪০

ৰথে সমে পৰিচাক লৈয়া অনন্তৰে৷

পশিলন্ত জগন্নাথ দৌলৰ ভিতৰে৷৷

পাছে ঘুনুচাৰ পাণ্ডা পৰিচাসকলে৷

কৃষ্ণক কৰিলা পূজা আতি কৌতূহলে৷৷ ৪১

ধূপ দীপ উপহাৰ নৈৱেদ্য বহুতৰ৷

ভোজনৰ বস্তু যত দিলন্ত সত্বৰ৷৷

অনন্তৰে কৃষ্ণক পঞ্চাশ ভোগ দিলা৷

দধি-দুগ্ধ পিঠা পৰমান্ন বিভঞ্জিলা৷৷ ৪২

ভোজনৰ অন্তে শয্যা দিলন্ত বিছাই৷

আনন্দে থাকিল প্ৰভু ঘুনুচাৰ ঠাই৷৷

পৰিচাৰ পাণ্ডাসৱে গৈল ঘৰে ঘৰে৷

থাকিলন্ত জগন্নাথ দৌলৰ ভিতৰে৷৷৪৩

ঘুনুচাৰ সঙ্গে ৰঙ্গে প্ৰভু দেৱ হৰি৷

থাকিলা অনঙ্গ-ৰঙ্গে কৌতুকে মুৰাৰি৷৷

এহিমতে মহাৰঙ্গে প্ৰভু দেৱ হৰি৷

সাত দিন বঞ্চিলন্ত ঘুনুচাৰ বাৰী৷৷ ৪৪

শুনিয়োক সাৱধান হুয়া সৰ্ব্বজন৷

মহা মহোৎসৱ কৃষ্ণ-যাত্ৰাৰ কীৰ্ত্তন৷৷

জগন্নাথ-পুৰাণৰ ইটো কথা সাৰ৷

পদবন্ধে নিৱন্ধিলো কৰিয়া প্ৰচাৰ৷৷ ৪৫

কৃষ্ণসে পৰম বন্ধু জানিবা সতত৷

কৃষ্ণৰ চৰণ-পদ্ম চিন্তিয়ো মনত৷৷

তেৱেসে তৰিবা সুখে সংসাৰ-সাগৰে৷

কলিযুগে নাহি গতি কীৰ্ত্তনত পৰে৷৷ ৪৬

শ্ৰীধৰ কন্দলি কহে এহি মূল কাম৷

পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম৷৷ ৪৭