|| পদ ||:
যাদৱত আতি কোপ আশেষ৷
ভৈলন্ত দ্বাৰত লক্ষ্মী প্ৰৱেশ৷৷
পৰিচায়ে দিলে বেতৰ বাড়ি৷
পলাইলা দ্বাৰী দুৱাৰক ছাড়ি৷৷ ৫৮
শকটক ৰাখি লক্ষ্মী তৈত ৰৈলা৷
লগৰ কটক নগৰে গৈলা৷৷
নগৰীয়াসৱে কৰি উচপিচ৷
ভয়তে সৱে পলায় দশোদিশ৷৷ ৫৯
লৱৰা-লৱৰি কৰি পলাই৷
লক্ষ্মীৰ কটকে খেদিয়া যাই৷৷
কতো দূৰে গৈয়া বেঢ়িয়া ধৰে৷
লক্ষ্মীৰ সৈন্যে বেত-বাড়ি মাৰে৷৷ ৬০
ভুকু লাঠি কিল মাৰে চৱৰ৷
হাতৰ এৰাই দেয় লৱৰ৷৷
পসাৰ পাতিয়া আছে পসাৰী৷
সাতে পাঞ্চে গৈয়া বেঢ়িয়া ধৰি৷৷ ৬১
বেত-বাড়ি মাৰি তাইক খেদাই৷
সমস্তে দ্ৰব্যক লুৰিয়া খাই৷৷
দুৱাৰ মাৰিয়া গৃহ সোমায়৷
লুকাইবে নৱাৰি অন্তৰি যায়৷৷ ৬২
ছৱালি ধৰি আম্ফালে তুলি৷
কান্দিয়া ফুৰে আই বাপু বুলি৷৷
কোবায়া ভাঙ্গয় দধিৰ ভাণ্ড৷
ঘুনুচা-নগৰ কৰে উচাণ্ড৷৷ ৬৩
ভাল ভাল বস্তু লোৰে গুৱালে৷
আঞ্জোৰে ধৰি কাৰো বস্ত্ৰ ফালে৷৷
লৱৰা-লৱৰি কৰি পলাই৷
নগৰ ছাড়িয়া দূৰক যাই৷৷ ৬৪
পাইলে পাইলে বুলি উলটি চাৱে৷
সমস্তে নগৰ ভাগিয়া যাৱে৷৷
কতো অভ্যন্তৰে চলিয়া যায়৷
কৃষ্ণৰ আগত বাৰ্ত্তা জনায়৷৷ ৬৫
নমো জগন্নাথ জগত-পতি৷
শুনিয়ো কাৰ্য্য ভৈল বিসঙ্গতি৷৷
তোমাক খেদি আইলা লক্ষ্মী মাৱে৷
দ্বাৰত আছে আতি ক্রোধভাৱে৷৷ ৬৬
লক্ষ্মীৰ কটকে লোৰে অপাৰ৷
সকলে নগৰ ভৈল উজাৰ৷৷
পলাইবাক প্ৰজা নপাৱে ঠাই৷
কিমতে ৰক্ষা কৰা যদুৰায়৷৷ ৬৭
হেন শুনি পাছে ঘুনুচা নাৰী৷
কৃষ্ণক মাতে নম্ৰ ভাৱ কৰি৷
নমো জগন্নাথ জগত-বাপ৷
ভক্তৰ তুমি হৰা তিনি তাপ৷৷ ৬৮
শুনিয়ো কমল-লোচন হৰি৷
তাহাক আমি আগে আছো ডৰি৷৷
জানো লক্ষ্মী আসি দৌল সোমাই৷
তাৰ ভয়ে মোৰ ধাতু উৰায়৷৷ ৬৯
লক্ষ্মীয়ে পাইলে কি ৰাখিবে মোক৷
মাৰিবে ধৰি হসুৱাইবে লোক৷৷
সমস্তে নগৰী কৰিল ছন্ন৷
পলাইল সৱে নৰ-নাৰীগণ৷৷ ৭০
প্ৰবোধি লক্ষ্মীক দিয়ো পঠাই৷
ঐক লাগি যেন নাসে দুনাই৷৷
শুনিয়া কৃষ্ণে চপৰাইলা মাথ৷
মাতিবে লৈলা প্ৰভু জগন্নাথ৷৷ ৭১
মাধৱে বোলে পৰিচাক বৰ৷
লক্ষ্মীৰ পাশক যাহা সত্বৰ৷৷
আমাৰ বচনে যাউক বজাই৷
কিসক লক্ষ্মী আসে কোপে ধাই৷৷ ৭২
সমস্তে বস্তু থৈয়া আইলো ঘৰে৷
আসিয়া আছো ঐক একেশ্বৰে৷৷
লুৰি ছিন্ন কৰে কিয় নগৰ৷
কালি প্ৰাতে মই যাইবো ঘৰ৷৷ ৭৩
মোহোক চাহি কোপ পৰিহৰি৷
দৌলক লাগি লক্ষ্মী যাউক বাহুৰি৷৷
শুনিয়া পৰিচা গৈল বজাই৷
লক্ষ্মীৰ আগত মাতে বিনাই৷৷ ৭৪
কহিলো এবে শ্ৰীধৰে জানা৷
ঘুষিয়ো ৰামৰ নামে ভঞ্জনা৷৷
শুনিয়া সৱে জগন্নাথ-লীলা৷
ৰাম কৃষ্ণ বুলি বৈকুণ্ঠে চলা৷৷ ৭৫