স্যমন্তক হৰণ : ১ম কী : ভাই মুখে বোলা...

|| ঘোষা ||: 

ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ৷

এতেকে মুকুতি পাইবা কহিলো স্বৰূপ৷৷১১৩৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত৷

কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত৷৷

আপুনাৰ কন্যা আনি দিলেক কৃষ্ণক৷

স্যমন্তক মণি দিলা লগত যৌতুক৷৷১৪০৫৷৷

শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত৷

দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত৷৷

কৈত পাইলা স্যমন্তক মণি মহাৰত্ন৷

কিহেতু কৃষ্ণক কন্যা দিলা কৰি যত্ন৷৷১৪০৬৷৷

শুক নিগদতি শুনিয়োক পৰীক্ষিত৷

সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত৷৷

তুষ্ট হৈয়া সূৰ্য্যে স্যমন্তক তাক দিলা৷

সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা৷৷১৪০৭৷৷

সূৰ্য্য যেন প্ৰকাশিয়া আসে দ্বাৰকাক৷

ৰশ্মিয়ে চক্ষুক পীড়ে দেখি প্ৰজাজাক৷৷

আসন্ত আদিত্য বুলি মনত শঙ্কিয়া৷

কৃষ্ণৰ পাশক সৱে যায় লৱৰিয়া৷৷১৪০৮৷৷

সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ৷

আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ৷৷

নমো নাৰায়ণ শঙ্খ চক্র গদাধৰ৷

অৰবিন্দ-লোচন গোৱিন্দ দামোদৰ৷৷১৪০৯৷৷

তোমাক দেখিবে লাগি ত্ৰিজগত পতি৷

আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি৷৷

সৱাৰো চক্ষুক পীড়ি আসে ৰশ্মি জালে৷

তোমাক অন্বেষ কৰে দশদিগপালে৷৷১৪১০৷৷

পুৰাণ পুৰুষ তুমি সনাতন হৰি৷৷

যদুকুলে অৱতৰি আছা ছদ্ম কৰি৷৷

তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোমাক৷

বোলা হৰি হৰি উদ্ধাৰিয়ো আপুনাক৷৷১৪১১৷৷