স্যমন্তক হৰণ : ৯ম কী : হৰি ৰাম ৰাম...

|| ঘোষা ||: 

হৰি ৰাম ৰাম ৰাম ৰাম ৰাম হৰি৷

ডাকিয়া ঘোষিয়ো শীঘ্ৰ কৰি৷৷১২১৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

দেওঁ কন্যা বিবাহ কৃষ্ণক৷

দিবো মণি স্যমন্ত যৌতুক৷৷

তেসে বা সন্তুষ্ট হোন্ত হৰি৷

নেদেখো উপায় আত কৰি৷৷১৪৬৬৷৷

হেন মনে নিয়ম কৰিয়া৷

মণি সমে কন্যা দিলা নিয়া৷৷

পায়া সত্যভামাক অচ্যুতে৷

কৰিলা বিবাহ বিধিৱতে৷৷১৪৬৭৷৷

ৰূপেগুণে জগততে ধন্যা

খুজিল অনেকে সিটো কন্যা৷৷

কাহাকো নিদিল সত্ৰাজিত৷

কৃষ্ণে পাই ভৈলা কৃতকৃত্য৷৷১৪৬৮৷৷

শশুৰক বুলিলা বচন৷

নাহিকে মণিত প্ৰয়োজন৷৷

তোমাতে থাকোক স্যমন্তক৷

তুমি সত্ৰাজিত অপুত্ৰক৷৷১৪৬৯৷৷

তোমাৰ সৰ্ব্বস্ব সৱে মোৰ৷

নিয়া মণি এৰা চিন্তা ঘোৰ৷৷

শুনি সত্ৰাজিত ৰঙ্গ ভৈলা৷

স্যমন্তক লৈয়া গৃহে গৈল৷৷১৪৭০৷৷

অনন্তৰে জগতৰে নাহ৷

কৰি সত্যভামাক বিৱাহ৷৷

ক্রীড়িলা আনন্দে নাৰায়ণ৷

যিটো শুনে স্যমন্ত হৰণ৷৷১৪৭১৷৷

এৰায় কলঙ্ক মহাপাপ৷

দূৰ যায় সংসাৰৰ তাপ৷৷

হোৱে সিদ্ধি মনৰ বাঞ্ছিত৷

জানি শুনা কৃষ্ণৰ চৰিত৷৷১৪৭২৷৷

কহে কৃষ্ণ-কিঙ্কৰ শঙ্কৰে৷

কীৰ্ত্তন নেৰিবা একো নৰে৷৷

আতপৰে নাহিকে উপায়৷

বেদৰো এহিসে অভিপ্ৰায়৷৷১৪৭৩৷৷

মায়াময় পুত্ৰ দাৰা গেহ৷

কেতিক্ষণে পৰে ইটো দেহ৷৷

আক নেদেখয় কিনো অন্ধ৷

বিষয়ত তথাপি প্ৰবন্ধ৷৷১৪৭৪৷৷

আন চিন্তা সৱে পৰিহৰা৷

মিছা মোৰ মোৰ বুলি মৰা৷৷

অন্তকে কেশত আছে ধৰি৷

জানি ডাকি বোলা হৰি হৰি৷৷১৪৭৫৷৷