|| পদ ||:
হেন স্তুতি বাণী শুনি দৈৱকী তনয়৷
চাইলা দায়া-দৃষ্টি ভকতক কৃপাময়৷৷
মাৰ্জ্জিলা অমৃত হাতে সমস্ত শৰীৰ৷
ভৈলন্ত নিৰুজ জাম্বৱন্ত মহাবীৰ৷৷১৪৪০৷৷
মেঘৰ গম্ভীৰ ধ্বনি দিলা সমিধান৷
মণি হেতু ঋক্ষৰাজ আইলো তযু স্থান৷৷
তুমি আনি আছা মহামণি স্যমন্তক৷
মিছাতে সমস্তে দেয় কলঙ্ক আমাক৷৷১৪৪১৷৷
পৰম ভকত তুমি জানোহো তোমাক৷
দিয়া মণি মোক মই নেওঁ দ্বাৰকাক৷৷
গুচোক দুৰ্যশ দেখাওঁ লোকত প্ৰত্যয়৷
শুনি আনন্দিত জাম্বৱন্ত মহাশয়৷৷১৪৪২৷৷
তান কন্যাৰত্ন আছে নাম জাম্বৱতী৷
কৃষ্ণক বিবাহ দিলা ৰঙ্গে ঋক্ষপতি৷৷
লগত যৌতুক আনি দিলন্ত স্যমন্ত৷
পৰম আনন্দ দেখি ভৈলা ভগৱন্ত৷৷১৪৪৩৷৷
গৰ্ত্তৰ বাজত যত প্ৰজা আছে ৰহি৷
কৃষ্ণক চাহন্তে বাৰদিন গৈল বহি৷৷
নাসিবাৰ দেখি ভৈলা পৰম দুঃখিত৷
নিৱৰ্ত্তিয়া জান দিলা দ্বাৰকা পুৰীত৷৷১৪৪৪৷৷
গৰ্ত্তত পশিলা মণি হেতু যদুৰায়৷
বাৰদিন তথাতে আছিলো বাট চাই৷৷
উলটি নাসিল কৃষ্ণ কিবা অথন্তৰ৷
বোলা হৰি হৰি তৰা সংসাৰ সাগৰ৷৷১৪৪৫৷৷