স্যমন্তক হৰণ : ৩য় কী : বনমালী এ জগ...

|| ঘোষা ||: 

বনমালী এ জগমোহন ৰাম৷

সুখে দুখে মুখে জোনো ছাড়ে ৰাম নাম৷৷১১৫৷৷


পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত  

|| পদ ||: 

ভ্ৰাতৃক নেদেখি অনন্তৰে সত্ৰাজিত৷

মহাশোকে ক্রন্দন কৰিলা বিপৰীত৷৷

স্যমন্তক পিন্ধি গৈলা বনত ভৈয়াই৷

জানিলো মাৰিলে কৃষ্ণে নিৰ্জ্জনত পাই৷৷১৪২০৷৷

খুজি নপাই ভাইক মাৰি কৃষ্ণে নিলা মণি৷

শুনি সৰ্ব্বলোকে আক কৰে কণাকণি৷৷

বেকত নকৰে কেহো মাধৱক ডৰে৷

পাইলেক কলঙ্ক মোক জানি দামোদৰে৷৷১৪২১৷৷

কিমতে দুৰ্যশ গুচাওঁ গুণি ভগৱন্ত৷

লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত৷৷

প্ৰসেনৰ পথে চলি যান্ত বনমালী৷

প্ৰবন্ধে ঘোড়াৰ সিটো খোজক নিহালি৷৷১৪২২৷৷

কতো দূৰ গৈয়া পাছে দেখিলা মহীত৷

প্ৰসেন পৰিয়া আছে ঘোঁড়ায়ে সহিত৷৷

সিংহে মাৰি মণি নিলা জানি বনমালী৷

উঠিলা পৰ্ব্বতে তাৰ খোজক নিহালি৷৷১৪২৩৷৷

মৰি পৰি আছে সিংহ দেখিলা মুৰাৰি৷

জানিলা ভালুকে মণি নিলে আঙ্ক মাৰি৷৷

দেখি সৰ্ব্বজন ভৈলা মনত নিঃশঙ্ক৷

মিছাতে পাইলন্ত কৃষ্ণে দাৰুণ কলঙ্ক৷৷১৪২৪৷৷

খোজ গুড়ি ভালুকৰ গৰ্ত্ত পাইলা হৰি৷

ঘোৰ অন্ধকাৰে আছে গৰ্ত্তক আৱৰি৷৷

দেখি সেনাগণ সৱে বাহিৰত থই৷

একেশ্বৰে গৰ্ত্তে কৃষ্ণ প্ৰৱেশিলা গই৷৷১৪২৫৷৷

তথাত মণিক কৃষ্ণে দেখিলন্ত পাছে৷

হাতে লৈয়া ধাই শিশু ওমলান্তে আছে৷৷

কাঢ়ি লৈবে লাগি হৰি সমীপ চাপিলা৷

হেন দেখি ভয়ে ধাই ধাউগেড়ি দিলা৷৷১৪২৬৷৷

কোথাৰ মনুষ্য গোটে মণি নেই হৰি৷

আৱে ঋক্ষৰাজ লাগ লোৱা ঝাণ্ট কৰি৷৷

এহি বুলি ধাই আতি কৰে আৰ্ত্তনাদ৷

বোলা হৰি হৰি ছাড়া বিষয় বিষাদ৷৷১৪২৭৷৷