|| পদ ||:
শুনিয়া হাসি চাইলা চক্রপাণি৷
নোহন্ত আদিত্য বুলিলা বাণী৷
মণিৰ ৰশ্মি হুয়া প্ৰকাশিত৷
গৃহক লাগি আসে সত্ৰাজিত৷৷১৪১২৷৷
সত্ৰাজিত পাছে গৃহক আইলা৷
অনেক মাঙ্গল্য বাদ্য বজাইলা৷৷
দেৱৰ গৃহে পশি প্ৰণিপাতে৷
নিৱেদিলা মণি বিপ্ৰৰ হাতে৷৷১৪১৩৷৷
মণিৰ মহিমা কি কৈবো আৰ৷
সুৱৰ্ণ নিতে স্ৰৱে অষ্ট ভাৰ৷৷
যি স্থানে থাকে সিটো স্যমন্তক৷
নাহিকে দুৰ্ভিক্ষ মাৰিমৰক৷৷১৪১৪৷৷
নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্পভয়৷
একো উপসৰ্গ নুপজে তয়৷৷
দিনেক মণি খুজিলন্ত হৰি৷
নিদিলা সত্ৰাজিতে গহ কৰি৷৷১৪১৫৷৷
প্ৰসেন নামে তাৰ ভ্ৰাতৃ আছে৷
কণ্ঠত মণিক পিন্ধিলা পাছে৷
ঘোড়াত চড়ি মহাৰঙ্গ মনে৷
মৃগক মাৰি ফুৰে বিজুবনে৷৷১৪১৬৷৷
দেখি সিংহে তাক নখে বিদাৰি৷
ঘোঁড়ায়ে সহিতে পেহ্লাইলা মাৰি৷৷
কণ্ঠৰ মণিক ছিণ্ডিয়া লই৷
চৰিল গিৰি শৃঙ্গে সিংহ গই৷৷১৪১৭৷৷
দেখি জাম্বৱন্ত বীৰ বিৰিঙ্গ৷
লৈলন্ত মণিক মাৰিয়া সিংহ৷৷
স্যমন্তক মণি গৰ্ত্তক নিলা৷
ওমলাইবে লাগি শিশুক দিলা৷৷১৪১৮৷৷
বিচিত্ৰ মণিগোট ধৰি ধাই৷
বাটত ফুৰে শিশু ওমলাই৷৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে৷
বোলা হৰি হৰি সমস্ত নৰে৷৷১৪১৯৷৷