|| পদ ||:
বসুদেৱ হেন শুনি৷
তবধ ভৈলন্ত গুণি৷৷
ৰুক্মিণী মূৰ্চ্ছিতা আতি৷
কান্দন্ত দৈৱকী সতী৷৷১৪৪৬৷৷
শোকে যায় প্ৰাণ ফুটি৷
ভূমিত পাৰন্ত লুটি৷৷
পুত্ৰ হৰুৱাওঁ জোনো৷
শ্যামল সুন্দৰ তনু৷৷১৪৪৭৷৷
পীতবস্ত্ৰে শোভে কায়৷
মেঘত বিজুলী প্ৰায়৷৷
মুখ চন্দ্ৰো নুহি সৰি৷
কমললোচন হৰি৷৷১৪৪৮৷৷
কৰ্ণত কুণ্ডল দোলে৷
বনমালা শোভে গলে৷৷
ভ্ৰমৰে নছাড়ে লোভে৷
শিৰত কিৰীটি শোভে৷৷১৪৪৯৷৷
কণ্ঠত কৌস্তুভ মণি৷
প্ৰভাতৰ সূৰ্য্য জিনি৷৷
একো অঙ্গে নুহি ৰুজ৷
আজানুলম্বিত ভুজ৷৷১৪৫০৷৷
কেয়ূৰ কঙ্কণে ৰঞ্জে৷
পদ-পঙ্কজক গঞ্জে৷৷
ৰত্নৰ নূপুৰ বাজে৷
মেখলা কটিৰ মাজে৷৷১৪৫১৷৷
কোটি কন্দৰ্পক জিনি৷
প্ৰকাশন্ত যদুমণি৷৷
হেন কৃষ্ণ মোৰ বাপ৷
এৰাওঁ কৈত তান তাপ৷৷১৪৫২৷৷
যতেক বান্ধৱ জ্ঞাতি৷
কৰন্ত বিলাপ আতি৷৷
সমস্ত নগৰী লোকে৷
কৰন্ত বিলাপ শোকে৷৷১৪৫৩৷৷
সত্ৰাজিত ধূমকেতু৷
তইসে নাশৰ হেতু৷৷
নাৰীগণে পাৰে গালি৷
সত্ৰাজিত পুত্ৰ খালি৷৷১৪৫৪৷৷
কৃষ্ণক কলঙ্ক দিয়া৷
এভু পাপী আছ জীয়া৷৷
দ্বাৰকাপুৰক ছানি৷
কৰে হাহাকাৰ ধ্বনি৷৷১৪৫৫৷৷
কৃষ্ণৰ কিঙ্কৰে ভণে৷
শুনিয়োক সৰ্ব্বজনে৷৷
কৃষ্ণৰ কীৰ্ত্তন কৰি৷
ডাকি বোলা হৰি হৰি৷৷১৪৫৬৷৷